গুৱাহাটীৰ মহেশ জীপত নতুন এছ ইউ ভি ৰেংগলাৰ আনলিমিটেড আৰু ৰেংগলাৰ ৰুবিকন মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 14 May 2024

গুৱাহাটীৰ মহেশ জীপত নতুন এছ ইউ ভি ৰেংগলাৰ আনলিমিটেড আৰু ৰেংগলাৰ ৰুবিকন মুকলি


 

W7s news,,,গুৱাহাটী, ১৪ মেঃ অতুলনীয় জীপ ডিজাইন, উন্নত পাৱাৰট্ৰেইন, উন্নত অন-ৰোড গতিশীলতাৰ লগতে বহুতো অভিনৱ সুৰক্ষা আৰু উন্নত প্ৰযুক্তিৰ বৈশিষ্ট্যৰ সৈতে  বিশ্বৰ আটাইতকৈ স্বীকৃতপ্ৰাপ্ত নতুন ২০২৪ এছ ইউ ভি জীপ ৰেংগলাৰ আহি পাইছে গুৱাহাটীৰ মহেশ জীপ ডিলাৰত। সঞ্চালক মোহিত আগৰৱাল আৰু চাহিল আগৰৱালে গুৱাহাটীৰ সুন্দৰপুৰ, আৰ জি বৰুৱা ৰোডত থকা মহেশ জীপত ২০২৪ ৰেংগলাৰ আনলিমিটেড আৰু ৰেংগলাৰ ৰুবিকনৰ নতুন মডেল উন্মোচন কৰে। অনুষ্ঠানটোত  মহেশ জীপ গুৱাহাটীৰ সঞ্চালক  মোহিত আগৰৱালে কয় যে ২০২৪ চনৰ ৰেংগলাৰ আনলিমিটেড আৰু ৰুবিকন মডেলসমূহ প্ৰমাণিত জিএমই ২.০-লিটাৰ টাৰ্বোচাৰ্জড ইনলাইন চাৰি-চিলিণ্ডাৰযুক্ত ইঞ্জিনৰ সৈতে আগবঢ়োৱা হ'ব, য'ত ২৭০ হৰ্ছপাৱাৰ  আৰু ৪০০ এনএম টৰ্ক উপলদ্ধ আছে।আনহাতে আঠ-গতিৰ অটমেটিক ট্ৰেন্সমিচন আৰু ইঞ্জিন ষ্টপ-ষ্টাৰ্ট (ইএছএছ) কাৰ্যক্ষমতাৰ সৈতে সংযুক্ত কৰা হৈছে।গ্ৰাহকৰ বাবে ৰেংগলাৰ ৫ টা আকৰ্ষণীয় ৰঙত আগবঢ়োৱা হৈছে।অধিক প্ৰযুক্তি আৰু সুবিধাৰ সৈতে পৰিশোধিত আভ্যন্তৰীণ, যাৰ ভিতৰত আছে ১২ way পাৱাৰ এডজাষ্টেবল ফ্ৰণ্ট চিট, ইউ কানেক্ট 5 চিষ্টেমৰ সৈতে অত্যাধুনিক১২.৩" টাচ স্ক্ৰীণ ৰেডিঅ' আৰু ষ্টেণ্ডাৰ্ড ৱায়াৰলেচ এপল কাৰ প্লে আৰু এণ্ড্ৰইড অটো উপলদ্ধ হৈছে।ৰেংগলাৰে এতিয়া ৮৫তকৈ অধিক উন্নত সক্ৰিয় আৰু নিষ্ক্ৰিয় সুৰক্ষা সুবিধা নিশ্চিত কৰিছে।জৰুৰীকালীন সংকেতৰ সহায়ত ষ্টপ এণ্ড গোৰ সময়ত সন্মুখৰ সংঘৰ্ষৰ সতৰ্কবাণী, আৰু সন্মুখৰ কেমেৰা ৱাছাৰৰ সৈতে ইণ্টিগ্ৰেটেড অফ-ৰোডিং কেমেৰাৰ সুবিধা আছে।নতুন ৰেংগলাৰ এতিয়া জীপ ডিলাৰশ্বিপত উপলদ্ধ হৈছে আৰু আনলিমিটেডৰ মূল্য ৬৭.৬৫ লাখ, ৰুবিকনৰ  মূল্য ৭১.৬৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here