অসমীয়া ছবি ‘জিয়া’ৰ হাউচফুল প্ৰিমিয়াৰ, শক্তিশালী কাহিনীত মন্ত্ৰমুগ্ধ দৰ্শক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 May 2024

অসমীয়া ছবি ‘জিয়া’ৰ হাউচফুল প্ৰিমিয়াৰ, শক্তিশালী কাহিনীত মন্ত্ৰমুগ্ধ দৰ্শক


 

‘জিয়া’:  সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীয়ে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ



W7s news,,,গুৱাহাটী, ১২ মে’, ২০২৪: ১২ মে’ত গুৱাহাটীৰ বেলতলাৰ মেট্ৰিক্স চিনেমাত অসংখ্য ছবিপ্ৰেমী দৰ্শকৰ উপস্থিতিত সম্পন্ন হয় শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি 'জিয়া’ৰ প্ৰিমিয়াৰ। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে। উল্লেখ্য যে, অহা ১৭ মে’ অৰ্থাৎ শুকুৰবাৰে অসমৰ ছবিগৃহত এই অনন্য ছবিখনে মুক্তিলাভ কৰিব।  মাতৃ দিৱসৰ লগত সংগতি ৰাখি প্ৰিমিয়াৰ অনুষ্ঠিত হোৱা 'জিয়া’ ছবিখনত চিত্ৰিত এগৰাকী অকলশৰীয়া মাতৃৰ আধুনিক সমাজখনৰ অলেখ প্ৰত্যাহ্বানৰ সৈতে কৰা সংগ্ৰামে দৰ্শকৰ হৃদয়লৈ শিপাবলৈ সক্ষম হয়। ছবিখনত জিয়া (শৰ্মিষ্ঠা চক্ৰৱৰ্তী) নামৰ ঘৰুৱা হিংসাৰ বলি এগৰাকী বিবাহিতা মহিলাই কন্যা নূপুৰ (আৰাধ্যা মহন্ত)ক লগত লৈ স্বামী গৃহ এৰি অহাৰ পিছত কৰিবলগীয়া হোৱা সংগ্ৰামৰ কাহিনী উপস্থাপন কৰা হৈছে। এই সময়ত জিয়াই কন্যা নূপুৰক অকলশৰে ডাঙৰ-দীঘল কৰাৰ দায়িত্ব মূৰ পাতি লোৱাৰ লগতে তাইৰ আকাংক্ষা পূৰণৰ বাবেও নিজকে সঁপি দিছে। একে সময়তে সমাজে তেওঁৰ ওপৰত জাপি দিয়া 'কলংক’ৰ দাগৰ বিৰুদ্ধেও এখন পৃথক সংগ্ৰাম চলাবলগীয়া হৈছে জিয়াই। উল্লেখ্য যে, ছবি সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত 'জিয়া’ই ইতিমধ্যে শেহতীয়া প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটাৰ লগতে আন তিনিটা শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ সংগীত (অম্বৰ দাস) শিতানত বঁটা লাভ কৰি ইতিমধ্যে ছবিপ্ৰেমীৰ মাজত চৰ্চা লাভ কৰিছে।

মন কৰিবলগীয়া যে, 'জিয়া’ হৈছে কমেডী আৰু একশ্যনধৰ্মী ছবি নিৰ্মাণেৰে ইতিমধ্যে সুপৰিচিত হৈ পৰা পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন 'গাম্ভীৰ্যপূৰ্ণ’ ছবি। শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ ৰচনা আৰু প্ৰযোজনাৰে নিৰ্মিত 'জিয়া’ৰ মাজেৰে চিত্ৰিত হৈছে বন্ধুত্বৰ দৰে এক গভীৰ সম্পৰ্কও। বিশেষকৈ ছবিখনত প্ৰতিটো মুহূৰ্তত জিয়াক ছাঁৰ দৰে সংগ দিয়া বান্ধৱী পল্লৱী (ঈপ্সিতা হাজৰিকা)ৰ চৰিত্ৰটোৱে প্ৰদান কৰিছে বন্ধুত্বৰ প্ৰকৃত অভিধা। বিষময় হৈ পৰা চাকৰিৰ পৰা মুক্ত হ’বলৈ সংগ্ৰাম কৰি থকা জিয়াই আশ্ৰয় লয় পল্লৱীৰ কৰ্মক্ষেত্ৰত। আৰু তাতেই পল্লৱীৰ সৈতে সাক্ষাৎ ঘটে অমায়িক অভি (ৰিকি শৰ্মা)ৰ। দুয়োৰে এই সাক্ষাতে কাহিনীটোক এটা নতুন গতি প্ৰদান কৰে আৰু পৰিঘটনাৰ এক অনন্য পৰিৱৰ্তন ঘটে।

ছবিখনৰ লেখিকা, প্ৰযোজিকা, অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, "জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত জিয়াই সমকালীন মহিলাসকলৰ সহনশীলতাক ফুটাই তুলিবলৈ চেষ্টা কৰিছে। জিয়াৰ চিত্ৰণৰ জৰিয়তে আমি প্ৰতিগৰাকী মহিলাৰ অদম্য শক্তি আৰু দৃঢ়তাক সন্মান জনোৱাৰ প্ৰয়াস কৰিছোঁ।"পূৰ্বে ‘জিয়া’ক তেওঁৰ দ্বাৰা পৰিচালিত প্ৰথম ‘চিৰিয়াছ, কিন্তু নিশ্চিতভাৱে বিৰক্তিদায়ক নহয়’ ধৰণৰ ছবি বুলি অভিহিত কৰা পৰিচালক কেনি বসুমতাৰীয়ে   ছবিখনলৈ দৰ্শকৰ সঁহাৰি দেখি অতি উৎসাহিত অনুভৱ কৰা বুলি মন্তব্য কৰে। তেওঁ কয়, "আমি এখন সুন্দৰ ছবি নিৰ্মাণ কৰিছোঁ, আৰু এতিয়া আমি ছবিপ্ৰেমীসকলে 'জিয়া’ উপভোগ কৰি কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া জানিবলৈ অধীৰ হৈ পৰিছোঁ। মই নিশ্চিত যে ছবিপ্ৰেমী দৰ্শকে এই ছবিখন নিৰ্মাণৰ বাবে কৰা অভিনেতা-অভিনেত্ৰী আৰু আন সদস্যসকলৰ কঠোৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ শলাগ ল’ব।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here