আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 May 2024

আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা





W7s news,,,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যগুৰু মৰমী মেধি আৰু তেওঁৰ দুহিতা, ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰপ্ৰাপক কথক নৃত্যাংগনা মেঘৰঞ্জনী মেধিয়ে যোৱা ৯ মাৰ্চৰ পৰা ১৩ এপ্ৰিললৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ঠাইত আয়োজিত এলানি কথক নৃত্যৰ কৰ্মশালা আৰু কথক নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে নৃত্য পৰিৱেশন কৰে। ৯ মাৰ্চত কেলিফ'ৰ্ণিয়াৰ লেক ফৰেষ্টত থকা  চিভিক চেণ্টাৰ ড্ৰাইভত মেঘৰঞ্জনী মেধিৰ শিষ্যা ৰুচি লাম্বাই আয়োজন কৰা অনুষ্ঠানত মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিয়ে অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। নৃত্য শিল্পীদ্বয়ৰ দ্বিতীয়টো অনুষ্ঠান আছিল ২৩ মাৰ্চত 'ইণ্টাৰনেশ্যনেল আৰ্টছ ফেষ্টিভেল'ত। গুৰু মৰমী মেধিৰ শিষ্যা ডাঃ লপিতা নাথৰ উদ্যোগত ছেইণ্ট এণ্ট'নিয়'ৰ ল'লা বেনেক মিউজিক চেণ্টাৰত ইউনিভাৰ্ছিটী অৱ ইনকাৰ্ণেট ৱৰ্ডে আয়োজন কৰা এই নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰি মাতৃ-কন্যাযুটীয়ে উপস্থিত কলাপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে গুৰু মৰমী মেধিৰ শিষ্যাদ্বয় ডাঃ লপিতা নাথ আৰু তমন্না ওড়িয়াই ছেইণ্ট এণ্ট'নিয়ত শুভাৰম্ভ কৰিছে অঞ্চলটোৰ প্ৰথমখন কথক নৃত্যৰ প্ৰশিক্ষণ কেন্দ্ৰ- ৰিডমিকছ্ স্কুল অৱ কথক। এই প্ৰশিক্ষণ কেন্দ্ৰটো গুৱাহাটীস্থিত শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ প্ৰশিক্ষণ কেন্দ্ৰ 'সুৰসংগম'ৰ দ্বাৰা স্বীকৃত প্ৰশিক্ষণকেন্দ্ৰ। যোৱা ৩১ মাৰ্চত হ'ষ্টন চহৰৰ ইছকন মন্দিৰত ৰচনা ব্যাসে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত নৃত্যশিল্পী দুগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰে। বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী নেৰিনা ৰাধা আৰু ভৰটনাট্যম নৃত্যাংগনা শ্ৰীলক্ষণনে দাল্লাছৰ ফ্ৰিছ্‌কো ডিস্কোভাৰী চেণ্টাৰত যোৱা ৬ এপ্ৰিলত আয়োজন কৰা শাস্ত্ৰীয় নৃত্য-গীতৰ অনুষ্ঠানত মৰমী-মেঘৰঞ্জনীয়ে নৃত্য পৰিৱেশন কৰে। তেওঁলোকৰ এই ভ্ৰমণসূচীৰ পঞ্চম আৰু অন্তিমটো অনুষ্ঠান আছিল ৱাশ্বিংটনত যোৱা১৬ এপ্ৰিলত। ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি ৱাশ্বিংটন নিৱাসী প্ৰৱাসী অসমীয়া সকলে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকি মাতৃ-কন্যা যুটীয়ে সকলোকে আপ্লুত কৰে। ৪৫ মিনিটৰ পৰা এঘণ্টীয়া তেওঁলোকৰ কেউটা অনুষ্ঠানতে মৰমী-মেঘৰঞ্জনীয়ে শিৱ তাণ্ডৱ, ত্ৰিতালত কথকৰ শুদ্ধ নৃত্য, যাম আৰু ঝুলাত নৃত্যাভিনয় আৰু সুধাকণ্ঠৰ 'সময়ৰ অগ্ৰগতি' গীতটো কথক নৃত্যশৈলীত পৰিৱেশন কৰে। তেওঁলোকে প্ৰদৰ্শন কৰা নৃত্যানুষ্ঠান সমূহৰ সংগীত সংৰচনা বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ জয়প্ৰকাশ মেধিৰ। নৃত্যানুষ্ঠান সমূহৰ শেষত জয়প্ৰকাশ মেধিয়ে গজল আৰু নিজে লিখা আৰু সুৰাৰোপিত গীত পৰিৱেশন কৰে। ছেন এণ্ট'নিঅ', হ'ষ্টন আৰু ৱাশ্বিংটনত মৰমী আৰু মেঘৰঞ্জনী মেধিয়ে কথক শিক্ষাৰ্থীসকলৰ বাবে আয়োজিত কেইবাটাও কৰ্মশালাতো যোগদান কৰি প্ৰশিক্ষণ প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here