উত্তৰ-পূৰ্বাঞ্চলত ১০০০+ উন্নত চাৰ্জিং সুবিধা প্ৰদান কৰিবলৈ এ প্লাছ চাৰ্জ আৰু চাৰ্জমডৰ সহযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 May 2024

উত্তৰ-পূৰ্বাঞ্চলত ১০০০+ উন্নত চাৰ্জিং সুবিধা প্ৰদান কৰিবলৈ এ প্লাছ চাৰ্জ আৰু চাৰ্জমডৰ সহযোগিতা






W7s news,,,গুৱাহাটী, অসম, ভাৰত – ২০২৪– অচিৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে বৈদ্যুতিক বাহন(ইভি)ৰ ক্ষেত্ৰত এক বৃহৎ সকাহ লাভ কৰিব। বৈদ্যুতিক বাহন (ইভি)ৰ চাৰ্জিং ক্ষেত্ৰখনৰ সমাধান প্ৰদানকাৰী আগশাৰীৰ প্ৰতিষ্ঠান এ প্লাছ চাৰ্জ আৰু অত্যাধুনিক চাৰ্জিং প্ৰযুক্তিৰ অভিজ্ঞ প্ৰতিষ্ঠান চাৰ্জমডে আজি উত্তৰ-পূৰ্বাঞ্চলত উন্নত চাৰ্জিং আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে এক কৌশলগত সহযোগিতাৰ কথা ঘোষণা কৰিছে।এই অংশীদাৰিত্বৰ জৰিয়তে চাৰ্জমডৰ অভিনৱ প্ৰযুক্তিৰ সৈতে ইভি চাৰ্জিং ষ্টেচন স্থাপন আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত এ প্লাছ চাৰ্জৰ বিস্তৃত অভিজ্ঞতা ব্যৱহাৰ কৰা হ’ব। সমান্তৰালভাৱে দুয়োটা প্ৰতিষ্ঠানে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক শক্তিশালী চাৰ্জিং নেটৱৰ্ক স্থাপনৰ বাবেও কাম কৰিব, যাৰ ফলত আৱাসিক আৰু ব্যৱসায়িক উভয়ৰ বাবে ইভি মালিকীস্বত্ব অধিক সুবিধাজনক আৰু ব্যৱহাৰিক বিকল্প হৈ পৰিব।

'উত্তৰ-পূৰ্বাঞ্চলত ইভিক আদৰি লোৱাৰ অপৰিসীম সম্ভাৱনা আছে আৰু এই অংশীদাৰিত্ব হৈছে ইয়াক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ'', এইদৰে কয় এ প্লাছ চাৰ্জৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া সম্যক জৈনে। ''ইভি চালকসকলে সমগ্ৰ অঞ্চলটোত নিৰ্ভৰযোগ্য আৰু কাৰ্যক্ষম চাৰ্জিং আন্তঃগাঁথনিৰ সুবিধা লাভ কৰিবলৈ আমি আমাৰ অভিজ্ঞতাক একত্ৰিতভাৱে ব্যৱহাৰ কৰাৰ যত্ন কৰিম। কেৰালাৰ আৰ্হি অনুসৰণ কৰি আমি উত্তৰ-পূৰ্বাঞ্চলতো অধিক শক্তিশালী ইভি পৰিৱেশ সৃষ্টি কৰিবলৈ সমৰ্পিত হৈছোঁ। অচিৰে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণে এ প্লাছ চাৰ্জ মোবাইল এপ ব্যৱহাৰ কৰিব পাৰিব আৰু সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ১০০০তকৈও অধিক স্থানত আমাৰ চাৰ্জাৰ ব্যৱহাৰ কৰি নিজৰ যাত্ৰাত বিদ্যুৎ সংযোগ কৰিব পাৰিব।'' অসমৰ ইভি বয়ে এইদৰে কয়।চাৰ্জমডৰ চিইঅ’ আৰু সহ-প্ৰতিষ্ঠাপক এম ৰামানুন্নীয়ে এই সম্পৰ্কে কয় যে, “ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত সকলোৰে বাবে ইভি চাৰ্জিং সুলভ আৰু সুবিধাজনক কৰি তুলিবলৈ এ প্লাছ চাৰ্জৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই আমি উৎফুল্লিত হৈছোঁ। আমাৰ সহযোগিতাই কেৱল চালকসকলকে উপকৃত কৰাই নহয়, লগতে অঞ্চলটোৰ বাবে এক স্বচ্ছ আৰু অধিক বহনক্ষম পৰিবহন ভৱিষ্যতৰ ক্ষেত্ৰতো অৰিহণা যোগাব। উত্তৰ-পূব ভাৰতত ইভিক আদৰি লোৱাৰ বাবে এ প্লাছে নেতৃত্ব বহন কৰাৰ সমান্তৰালভাৱে আমি আমাৰ সংস্থাসমূহৰ মাজত সহযোগিতাৰ আশা কৰিছোঁ। আমি একেলগে দেশৰ অন্যান্য অঞ্চলত বহনক্ষম ইভি চাৰ্জিং আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত কেৰালাৰ কৰ্মৰাজিক অনুৰণিত কৰিব বিচাৰোঁ।” 





No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here