ডিছ টিভি-এ যিকোনো স্ক্ৰীণ, যিকোনো স্থানত টিভি আৰু অ'টিটি আগবঢ়াই, 'ডিছ টিভি স্মাৰ্ট+' সেৱা মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 May 2024

ডিছ টিভি-এ যিকোনো স্ক্ৰীণ, যিকোনো স্থানত টিভি আৰু অ'টিটি আগবঢ়াই, 'ডিছ টিভি স্মাৰ্ট+' সেৱা মুকলি

 


W7s news গুৱাহাটী': : ভাৰতত মনোৰঞ্জনৰ অভিজ্ঞতাখিনিক নতুন ৰূপ প্ৰদান কৰিবৰ বাবে ডিছ টিভি-এ এক পথপ্ৰদৰ্শক পদক্ষেপ গ্ৰহণ কৰিছে। এই আগশাৰীৰ ডিটিএইচ সোৱাপ্ৰদানকাৰী প্ৰতিষ্ঠানটোৱে এইধৰণৰ প্ৰথমটো পদক্ষেপতে ইয়াৰ অভূতপূৰ্ব প্ৰস্তাৱ 'ডিছ টিভি স্মাৰ্ট+'ৰ কথা বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত ঘোষণা কৰে। গ্ৰাহকসকলক কোনো অতিৰিক্ত ব্যয় অবিহনেই যিকোনো স্ক্ৰীণত, যিকোনো স্থানত টিভি আৰু অ'টিটি বিষয়বস্তুত প্ৰৱেশাধিকাৰ প্ৰদান কৰি এই উদ্বোধনে উদ্যোগটোত এক অগ্ৰদূতসুলভ পৰিৱৰ্তনৰ সূচনা কৰিছে। গ্ৰাহকসকলক তেওঁলোকৰ দৰ্শনৰ অভিজ্ঞতা নিজাকৈ গঢ়ি তুলিবৰ বাবে সক্ষমিত কৰি ই সুচলতা, নমনীয়তা আৰু পৰিবৰ্ধিত মনোৰঞ্জন সুবিধাসমূহ সুনিশ্চিত কৰিছে। ডিছ টিভি স্মাৰ্ট+' সেৱাসমূহৰ যোগেদি, নতুন আৰু চলিত গ্ৰাহকসকলকে ধৰি সকলো ডিছ টিভি আৰু ডি2এইচ গ্ৰাহকে তেওঁলোকে বাছনি কৰা টিভি ছাবছক্ৰিপশ্যন পেকটোৰ লগতে জনপ্ৰিয় অ'টিটি এপ্পসমূহ উপভোগ কৰিব পাৰে। 'ডিছ টিভি স্মাৰ্ট+' সেৱা ব্যৱস্থাটোৱে ৱাটচ'-দ্য অ'টিটি চুপাৰ এপ্প, ছেট-টপ বক্স সহ স্মাৰ্ট ডিভাইচ আৰু স্মাৰ্ট এণ্ড্ৰইড এছটিবি-বোৰৰ জৰিয়তে যিকোনো স্ক্ৰীণত, যিকোনো স্থানত, যিকোনো সময়তে মনোৰঞ্জনৰ সুবিধা গঢ়ি তোলে। ডিছ টিভি-এ শীৰ্ষস্থানীয় টিভি আৰু মোবাইল অৰিজিনেল ইকুইপমেণ্ট মেনুফেকশ্যাৰাৰ (অ'ইএম)বোৰৰ লগত সহযোগিতা স্থাপন কৰিব যাতে তেওঁলোকৰ সেৱাসমূহ এই ডিভাইচবোৰত নিৰ্বিঘ্নে সংহত ৰূপত চলে, যাৰ দ্বাৰা ব্যৱহাৰকাৰীৰ সামগ্ৰিক অভিজ্ঞতা সমৃদ্ধ হয়। সংবাদ  মেলত নতুন প্ৰস্তাৱটোৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই ডিছ টিভি ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ডোভালে কয়, "ইয়াৰ আৰম্ভণিৰ পৰাই, জনসাধাৰণক তেওঁলোকৰ প্ৰিয় বিষয়বস্তু উপভোগ কৰাৰ বাবে নতুন নতুন উপায়ৰ পথ প্ৰদৰ্শন কৰি, ডিছ টিভি-এ মনোৰঞ্জন উপভোগ কৰাৰ দৃশ্যপটখন ৰূপান্তৰ কৰি আহিছে। এই নতুন প্ৰস্তাৱৰ যোগেদি, বিভোৰ হ'ব পৰা আৰু সুলভ মনোৰঞ্জন অভিজ্ঞতাসমূহৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰি, আমি ইয়াতকৈও আৰু অধিক ভিন্নতা আনিবৰ বাবে সাজু হৈছোঁ। 'ডিছ টিভি স্মাৰ্ট+' সেৱাসমূহৰ এই আৰম্ভণিয়ে কেৱল এটা প্ৰস্তাৱতকৈ বহুত বেছি কথা উপস্থাপন কৰিছে; ই ভাৰতত মনোৰঞ্জন উপভোগ কৰাটো নতুন ৰূপত সংজ্ঞাবদ্ধ কৰাৰ দৃষ্টিভংগীক মূৰ্ত কৰি তুলিছে, যিটো দিনে দিনে অধিক বুদ্ধিমান আৰু বিশাল হৈ আহিছে। বিভিন্ন সা-সুবিধাৰে ভৰি থকা এখন বজাৰত, গ্ৰাহকসকলে প্ৰায়ে নিজকে বিবুধিত পৰাৰ অনুভৱ কৰে। আমি এক সামগ্ৰিক তথা সম্পূৰ্ণ মনোৰঞ্জনৰ ব্যৱস্থা আগবঢ়াই তেওঁলোকৰ পছন্দ-অপচন্দবোৰ সৰল কৰাৰ লক্ষ্য ৰাখিছো। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আজিৰ যুগত পৰম্পৰাগত দূৰদৰ্শন আৰু অ'টিটি দুয়োটা প্লেটফৰ্মেই অপৰিহাৰ্য, আৰু আমাৰ এই প্ৰস্তাৱৰ যোগেদি আমি তেওঁলোকৰ সমগুৰুত্বক পুনৰবাৰ সুনিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ।" 

"ডিছ টিভিত, গ্ৰাহকৰ সন্তুষ্টিৰ সৈতে আপোচ কৰা নহয়, আৰু প্ৰতিটো সিদ্ধান্ত মূল্য আৰু সুচলতা প্ৰদানৰ ওপৰতে কেন্দ্ৰীভূত। ' ডিছ টিভি স্মাৰ্ট+' সেৱাসমূহে কেৱল আমাৰ গ্ৰাহকসকলক মনোৰঞ্জনৰ ক্ষেত্ৰখনত অতুলনীয় প্ৰৱেশাধিকাৰ প্ৰদান কৰি উপকৃত কৰাই নহয় তাৰ লগতে তেওঁলোকৰ প্ৰাথমিকতা তথা সন্তুষ্টিখিনি সুনিশ্চিত কৰাটোও আমাৰ এই কঠোৰ প্ৰচেষ্টাৰ একেবাৰে শীৰ্ষত থাকে। 'ডিছ টিভি স্মাৰ্ট+' সেৱাসমূহৰ যোগেদি, আমি এটা আধুনিক ভাৰতীয় পৰিয়ালৰ সকলোখিনি প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাম কৰি আছোঁ, আমাৰ মূলমন্ত্ৰ - নয়ে ভাৰত কা স্মাৰ্ট কানেকশ্যন-ৰ প্ৰতি আমি অঙ্গীকাৰবদ্ধ হৈ আছোঁ," মনোজ দোভালে লগতে কয়।


যিকোনো স্ক্ৰীণত, যিকোনো স্থানত ইয়াৰ মনোৰঞ্জনত প্ৰৱেশাধিকাৰৰ বাৰ্তাটো প্ৰচাৰ কৰাৰ লক্ষ্যৰে, এই দূৰদৰ্শী প্ৰস্তাৱটো কাৰ্যকৰীভাৱে অৱগত কৰিবৰ বাবে, ডিছ টিভিয়ে টেলিভিছন, ডিজিটেল, প্ৰিণ্ট আৰু কৰ্পোৰেট আউটৰীচ্চকে ধৰি একাধিক চেনেলত এক সৰ্বাত্মক বিপণন প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। চলিত গ্ৰাহকসকলৰ ক্ষেত্ৰত পুছ জাননী, ইন-এপ্প জাননী আৰু ইমেইলাৰসমূহ প্ৰয়োগ কৰি ডিছ টিভি-এ ইয়াৰ চেনেল আৰু প্লেটফৰ্মবোৰৰ সুবিধা আদায় কৰিব। আনফালে, নতুন গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰস্তাৱটো ব্যাপক ৰূপত দেখুৱাবলৈ আৰু সজাগতা নিশ্চিত কৰিবলৈ টিভি আৰু ডিজিটেল চেনেলবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।ডিছ টিভি ইণ্ডিয়া লিমিটেডৰ হেড কাষ্টমাৰ এক্সপেৰিয়েঞ্চ স্বামী মেহৰাই কয়, "ডিছ টিভি স্মাৰ্ট+' সেৱাসমূহৰ যোগেদি, আমি কেৱল এটা নতুন প্ৰস্তাৱ প্ৰৱৰ্তন কৰা নাই; তালৰ লগতে আমি মনোৰঞ্জন উপভোগ কৰাৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তনৰ দিশত আগবাঢ়িছোঁ। আমাৰ একাধিক-চেনেল বিপণন ব্যৱস্থাৰ জৰিয়তে ব্যাপক সজাগতা আৰু স্বীকৃতি সুনিশ্চিত কৰি, আমি গ্ৰাহকসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হ'বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এটা ব্ৰেণ্ড হিচাপে, আমি গতিধাৰাতকৈ আগবাঢ়ি থকা আৰু ক্ৰমবিকশিত দৰ্শকৰ প্ৰাথমিকতাবোৰৰ সৈতে মিলি যোৱাত অগ্ৰাধিকাৰ দিওঁ। গ্ৰাহকৰ সন্তুষ্টিয়েই হৈছে আমাৰ কলা-কৌশলৰ কেন্দ্ৰবিন্দু, আৰু আমি এনে এক অতুলনীয় মনোৰঞ্জনৰ অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ যি তেওঁলোকৰ বিচিত্ৰধৰ্মী পছন্দ আৰু জীৱনশৈলীৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ কাম কৰে।"এটা ডিটিএইচ অপাৰেটৰৰ পৰা এক সম্পূৰ্ণ মনোৰঞ্জন প্ৰদানকাৰীলৈ ৰূপান্তৰ হোৱা ডিছ টিভিৰ এই পৰিৱৰ্তনত ক্ৰমবিকশিত দৰ্শকৰ প্ৰাথমিকতাবোৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি, উদ্ভাৱন, সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ বাবে মনোৰঞ্জনৰ অভিজ্ঞতা সমৃদ্ধ কৰি তুলিবলৈ ইয়াৰ অভিযান, মনোৰঞ্জন প্ৰদানৰ বাবে এক নতুন মানদণ্ডৰ নিৰ্ধাৰণ আৰু উদ্যোগটোত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সূচনা কৰাৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গ্ৰাহকৰ প্ৰয়োজনীয়তাসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰি আৰু কৌশলগত সহযোগিতাসমূহৰ সুবিধা লৈ, দেশজুৰি গ্ৰাহকসকলৰ মনোৰঞ্জনৰ অভিজ্ঞতা অতিৰিক্তভাৱে বৃদ্ধি কৰি, ডিছ টিভি-এ ভৱিষ্যতৰ উদ্ভাৱনসমূহৰ পথ প্ৰশস্ত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here