ফটাচিল আমবাৰী তিনিআলিত ৰিদ্ধি-সিদ্ধি এণ্টাৰপ্ৰাইজে "এক্সপিৰিয়েন্স চেণ্টাৰ" মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 26 May 2024

ফটাচিল আমবাৰী তিনিআলিত ৰিদ্ধি-সিদ্ধি এণ্টাৰপ্ৰাইজে "এক্সপিৰিয়েন্স চেণ্টাৰ" মুকলি


 

W7s news,,গুৱাহাটী, ২৬ মে': গুৱাহাটীৰ অন্যতম অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠান ৰিদ্ধি-সিদ্ধি এণ্টাৰপ্ৰাইজৰ আজি ফটাশিল আমবাৰী তিনিআলি অৱস্থাত আমবাৰী হাইস্কুলৰ সন্মুখৰ নিজৰ "এক্সপিৰিয়েন্স চেণ্টাৰ" প্ৰখ্যাত সমাজকৰ্মী গিৰ্ধৰিলাল ঝাৱাৰে আৰু সীতা দেৱী ঝাৱাৰে মুকলি কৰে। এক হাজাৰ বৰ্গফুটত  বিস্তৃত এই "এক্সপিৰিয়েন্স চেণ্টাৰৰ" মুৰব্বী সুমিত ঝাৱাৰ, লতা ঝাৱাৰ, সুধীৰ ঝাৱাৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত থাকে। যোৱা দুটা দশকৰো অধিক সময় ধৰি বি টু বি বিতৰণ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। পৰিৱৰ্তিত সময়ৰ লগে লগে সন্মানীয় গ্ৰাহকৰ প্ৰয়োজন প্ৰতি লক্ষ্য ৰাখি আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে চহৰৰ মাজমজিয়াত এই "এক্সপিৰিয়েন্স চেণ্টাৰ" মুকলি কৰিছো। তেওঁ কয় যে ইউ পি ভি চি, এলুমিনিয়াম, গ্লাছ, কাঠ, ডব্লিউ পি চি দুৱাৰ ফ্ৰেম আৰু দুৱাৰ, এ চি পি শ্বীট, ছিলিকন এটা চালৰ তলত বিভিন্ন আকাৰ, ভাৰিয়েটি আৰু ৰেঞ্জত উপলব্ধ। আনহাতে হোটেল, ৰেষ্টুৰেণ্ট, বাকেৰী, মিঠাইৰ দোকান, ফাষ্ট ফুড চেণ্টাৰ আদিৰ বাবেও ফুড পেকেজিং কণ্টেইনাৰ আৰু সকলো ধৰণৰ আঠাযুক্ত টেপ পাইকাৰী মূল্যত উপলব্ধ। তেওঁ আৰু কয় যে ৰিদ্ধি-সিদ্ধি উদ্যোগ সমগ্ৰ উত্তৰ-পূবত ৰাজ্যসমূহ নিজৰ সামগ্ৰী আৰু উত্তম সেৱাৰ বাবে স্বীকৃতি লাভ কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই "এক্সপিৰিয়েন্স চেণ্টাৰ" মুকলিৰ হোৱা লগে লগে তেওঁলোকে এতিয়া অসমকে ধৰি উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণক পূৰ্বতকৈ উন্নত সেৱা আগবঢ়াব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here