*পঞ্চম মণিকাঞ্চন নৃত্য মহোৎসৱ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 9 April 2024

*পঞ্চম মণিকাঞ্চন নৃত্য মহোৎসৱ*


 

*'পুৰুষোত্তম ৰাম' মঞ্চস্থ*

-------------------------------------------

         


W7s news,,,তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায় পঞ্চম মণিকাঞ্চন নৃত্য মহোৎসৱ। সংগীত নাটক অকাডেমিৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপক সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠান মণিকাঞ্চন কলামঞ্জৰীৰ উদ্যোগত প্ৰতিবছৰে এই নৃত্য মহোৎসৱ অনুষ্ঠিত হয়। যোৱা ২৯, ৩০ আৰু ৩১ মাৰ্চত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ তৃতীয় দিনা দীপজ্যোতি-দীপাংকৰৰ পৰিকল্পনা, পৰিচালনা আৰু নৃত্য সংৰচনাৰে দুটাকৈ দৰ্শনীৰে পৰিৱেশন কৰা হয় 'পুৰুষোত্তম ৰাম' শীৰ্ষক এখন নৃত্য নাটিকা। ৰামায়ণৰ আধাৰত সংৰচিত নৃত্য নাটিকা খনৰ সংগীত পৰিচালনা কৰে ভাস্কৰজ্যোতি ওজাই আৰু সংগীত ব্যৱস্থাপনা কৰে বিষ্ণু শৰ্মাই। আলোকসজ্জা ডিম্পল দাসৰ। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্র আৰু যুৱ কল্যাণৰ সহযোগত আয়োজিত এই মহোৎসৱৰ লগত সংগতি ৰাখি ২৯ মাৰ্চত আৰোহণ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল সদৌ অসম ভিত্তিত একক শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। মহোৎসৱৰ দ্বিতীয় দিনা অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক কথক নৃত্য গুৰু বিপুল দাস, সংগীত নাটক অকাডেমি উত্তৰ পূৱ শাখাৰ প্ৰকল্প সঞ্চালক অৰূপ বৰদলৈ, সত্ৰীয়া কেন্দ্ৰৰ সঞ্চালিকা প্ৰতিভা শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, সত্ৰীয়া নৃত্য গুৰু দ্বয় ববীৰাণী তালুকদাৰ, ডলীৰাণী তালুকদাৰ, ভৰতনাট্যম নৃত্য গুৰু অনু বসুমতাৰী তথা আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানত দীপজ্যোতি-দীপাংকৰৰ পৰিচালনাত মণিকাঞ্চন কলা মঞ্জৰীৰ শিক্ষাৰ্থী সকলে কেইবাটাও নৃত্যানুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত কলকাতাৰ ওডিছী নৃত্য শিল্পী সুমনজিৎ চক্ৰৱৰ্তীক 'মণিকাঞ্চন নৃত্য জ্যোতি বঁটা ২০২৪' প্ৰদান কৰা হয়। ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপক সত্ৰীয়া নৃত্য শিল্পী ডিম্পী বৈশ্য, ডুবাইৰ ভৰতনাট্যম শিল্পী ৰোহিণী অনন্ত আৰু ক্ষীৰোদ বৰাৰ পৰিচালনাত ধেমাজিৰ 'ৰংগশালা'ৰ শিক্ষাৰ্থী সকলে বিভিন্ন নৃত্যানুষ্ঠান পৰিৱেশন কৰি উপস্থিত কলাপ্ৰেমীক মুগ্ধ কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সঞ্চালক এন এন সিং আৰু পদ্মশ্ৰী যতীন গোস্বামীও অনুষ্ঠানত উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here