প্ৰাক-বিহু উদযাপনৰ সৈতে সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় খাদ্যস্থলী 'ফেট বেলী'ৰ প্ৰায় এশগৰাকী ডেলিভাৰী অংশীদাৰক সন্মান প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 9 April 2024

প্ৰাক-বিহু উদযাপনৰ সৈতে সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় খাদ্যস্থলী 'ফেট বেলী'ৰ প্ৰায় এশগৰাকী ডেলিভাৰী অংশীদাৰক সন্মান প্ৰদান


 

W7s news,,,,গুৱাহাটী, ৯ এপ্ৰিল, ২০২৪: গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত জন্মলাভ কৰি এক বৃহত্তৰ প্ৰতিষ্ঠান গঢ় লোৱা বৰ্তমান সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰিয় আৰু আদৰৰ খাদ্যস্থলী ফেট বেলীয়ে শেহতীয়াকৈ বিহুৰ প্ৰাক্‌ক্ষণত এক অভূতপূৰ্ব উদযাপনৰ আয়োজন কৰে। সম্প্ৰদায় আৰু সহযোগিতাৰ প্ৰতি থকা গভীৰ আস্থাৰ প্ৰমাণ হিচাপে জনপ্ৰিয় ৰেষ্টুৰেণ্ট শৃংখলটোৱে গুৱাহাটীত থকা তেওঁলোকৰ কমাৰ্চ কলেজৰ আউটলেটত অনুষ্ঠিত কৰা এক আড়ম্বৰপূৰ্ণ ভোজত নিজৰ অপৰিহাৰ্য ডেলিভাৰী অংশীদাৰসকলক আদৰণি জনায়।   

আজিৰ ব্যস্ত খাদ্য তথা পানীয়ৰ বজাৰত বিশেষকৈ কুইক চাৰ্ভিচ ৰেষ্টুৰেণ্ট (কিউএছআৰ)ৰ ক্ষেত্ৰত ডেলিভাৰী অংশীদাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সমগ্ৰ চহৰখনৰ জনসাধাৰণে যাতে কোনো সমস্যাৰ সৃষ্টি নোহোৱাকৈ নিজৰ প্ৰিয় খাদ্যৰ সোৱাদ ল’ব পাৰে সেইটো নিশ্চিত কৰিবলৈ এই দৃঢ়প্ৰতিজ্ঞ ব্যক্তিসকলে তেওঁলোকে প্ৰতিনিধিত্ব কৰা কোনো বিশেষ ব্ৰেণ্ড নিৰ্বিশেষে অনবৰতে সষ্টম হৈ থাকে। অসমীয়া নৱবৰ্ষৰ সময়ত পালন কৰা উছাহৰ উৎসৱ ব’হাগ বিহুৰ আনন্দময় অনুষ্ঠানৰ লগত সংগতি ৰাখি সুস্বাদু খাদ্যৰ প্ৰসিদ্ধ স্থলী ফেট বেলীৰ স্বত্ত্বাধিকাৰী আৰু বিশিষ্ট উত্তৰ ভাৰতীয় খাদ্য পৰিৱেশক ননিহালে এই নেপথ্যৰ যোদ্ধাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। এই আন্তৰিক পৰম্পৰা সম্পৰ্কে ফেট বেলীৰ এগৰাকী অংশীদাৰে মন্তব্য প্ৰকাশ কৰি কয়, “যোৱা পাঁচ বছৰ ধৰি আমি আমাৰ অমূল্য ডেলিভাৰী অংশীদাৰসকলৰ সৈতে বিহু উদযাপনৰ বাবে এটা বিশেষ দিনৰ আয়োজন কৰি আহিছো। এই উপলক্ষে আমি তেওঁলোকৰ অক্লান্ত প্ৰচেষ্টাৰ প্ৰতি আমাৰ কৃতজ্ঞতাৰ চিন হিচাপে তেওঁলোকলৈ প্ৰশংসাসূচক আহাৰ পৰিৱেশন কৰোঁ। ৰ’দ, বৰষুণ সকলো নেওচি প্ৰায়েই প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁলোকে সমগ্ৰ চহৰখন ঘূৰি ফুৰি আমাৰ গ্ৰাহকসকলে নিজৰ অৰ্ডাৰ তৎকালীনভাৱে লাভ কৰাটো নিশ্চিত কৰে।” সমগ্ৰ গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰস্থলত অৱস্থিত দহটাকৈ সমৃদ্ধিশালী আউটলেট আৰু যোৰহাট আৰু তিনিচুকীয়াত এটাকৈ আউটলেটৰে গঠিত বিস্তৃত নেটৱৰ্কৰ সৈতে ফেট বেলীয়ে অঞ্চলটোত খাদ্যস্থলীৰ উৎকৰ্ষতাৰ এক উৎকৃষ্ট উদাহাৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে। লগতে, প্ৰতিষ্ঠানটোৰ সহযোগী ব্ৰেণ্ড ননিহালে খাদ্যৰ বৈচিত্ৰ্য আৰু উদ্ভাৱনৰ প্ৰতি থকা ইয়াৰ দায়বদ্ধতাক আৰু অধিক প্ৰস্ফুটিত কৰি তুলিছে।অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (এ ই চি)ৰ পৰা শিক্ষা লাভ কৰি অভিযন্তাৰ পৰা উদ্যোগীলৈ পৰিণত হোৱা পৰিক্ষিত ভট্টাচাৰ্য্য, ধীৰাজ কুমাৰ ডেকা, আদিত্য ভট্টাচাৰ্য্য, পলাশ ডেকা, অংকুৰ চন্দ্ৰ বড়ো, আৰু নৱনীল গোস্বামীয়ে আবেগ আৰু দক্ষতাৰ এক অনন্য মিশ্ৰণৰ সৈতে ফেট বেলীৰ জন্ম দি আজিৰ অৱস্থালৈ আনিছে। ২০১৭ চনত আৰম্ভ হোৱাৰ সময়ৰ পৰাই ফেট বেলীয়ে লোভনীয় মোমোৰ এশৰো অধিক প্ৰকাৰকে ধৰি বিভিন্ন ধৰণৰ খাদ্যৰ দ্বাৰা খাদ্যৰসিকসকলক আকৰ্ষণ কৰি আহিছে। গুণগত মান, বৈচিত্ৰ্য আৰু অতুলনীয় খাদ্য অভিজ্ঞতাৰ প্ৰতি অটল সমৰ্পণেৰে ফেট বেলীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ হৃদয়ত নিজকে প্ৰিয় কৰি তুলিছে।আৰম্ভণিৰে পৰা ফেট বেলীৰ প্ৰতিষ্ঠাপকসকলে কৃতজ্ঞতা আৰু উদাৰতাসম্পন্ন এক সংস্কৃতি গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে, যাক এটি উৎসৱমুখৰ অনুষ্ঠানত ডেলিভাৰী অংশীদাৰসকলক প্ৰতিষ্ঠানটোৱে সন্মান জনোৱাৰ পৰম্পৰাই ব্যৱহাৰিকভাৱে প্ৰদৰ্শিত কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here