গুৱাহাটীত অত্যাধুনিক সা-সুবিধাৰে সু-সজ্জিত 'জ’ন ৱান জিম' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 April 2024

গুৱাহাটীত অত্যাধুনিক সা-সুবিধাৰে সু-সজ্জিত 'জ’ন ৱান জিম' মুকলি

 


W7s news গুৱাহাটী,: গুৱাহাটীৰ 

মাজ-মজিয়া এবিচিৰ ময়ূৰ হাইটছৰ নৱম মহলাত শুকুৰবাৰে অত্যাধুনিক সা-সুবিধাৰে সু-সজ্জিত 

'জ’ন ৱান জিম' মুকলি কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি  বিশিষ্ট শৰীৰ চৰ্চাবিদ 

মহাদেৱ ডেকাই জিমটো মুকলি কৰে। জিমটো

মুকলি কৰি তেওঁ বৰ্তমান সময়ত শৰীৰ চৰ্চাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।  তেওঁ লগতে কয়-যান্ত্ৰিকতাৰ ভৰা গুৱাহাটী মহানগৰীত সকলোৱে সুস্থ হৈ থাকিবলৈ নিয়মিত শৰীৰচৰ্চা, যোগাভ্যাস কৰা অতি জৰুৰী।মহানগৰীৰ মাজ-মজিয়াত মুকলি কৰা এই জিমটোৰ জৰিয়তে মহানগৰবাসীয়ে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিলোঁ। উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মায়ংক ৰাঘৱে (আই এফ বি বি প্ৰ'')  জ’ন ৱান জিমে মহানগৰবাসীক উৎকৃষ্ট সেৱা আগবঢ়াব বুলি কয়। মুকলি অনুষ্ঠানত

'জ’ন ৱান জিম'ৰ স্বত্বাধিকাৰী   ডাঃ অংশুমান বৰা, জাবিৰ হুছেইন আৰু ৰোহিত ৰাউটে কয়-আমি জিমটোৰ বাবে অত্যাধুনিক যন্ত্ৰ-পাতি মুম্বাইৰ পৰা আনিছোঁ। তদুপৰি ইপিডিএম চিন্থেটিক জগিং ট্ৰেক,সকলো ধৰণৰ ফিটনেছৰ ব্যৱস্থা কৰা হৈছে। জিমটোৰ চৌহদত১


০০+ গাড়ী পাৰ্কিংৰ সুবিধা আছে। জিমটোৰ ভিতৰত পৰা  গুৱাহাটী মহানগৰীৰ এক নান্দনিক দৃশ্য দেখা পোৱা যায়। তদুপৰি

ছাত্ৰ আৰু কৰ্পৰেট খণ্ডত কৰ্মৰত বিষয়ববীয়াৰ বাবে অনন্য বিশেষ অফাৰ থাকিব। আমি মুম্বাইৰ পৰা অনা সঁজুলি, শেহতীয়া জেৰাই  ৩ প্ৰজন্মৰ মেচিন আছে।মুঠ ৭০০০ বৰ্গফুট এলেকাৰ জিমটোত  ইন হাউচ ইপিডিএম ট্ৰেক, পৃথক কাৰ্ডিঅ' অংশ, এটা সম্পূৰ্ণ বিস্তৃত যোগাসন,জুম্বা ষ্টুডিঅ' ৰ সুবিধা আছে। আমি 

দিয়া সকলো সুবিধাৰ সৈতে  ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই ব্যৱস্থা আছে। আশাকৰোঁ গুৱাহাটীবাসীয়ে আমাৰ জিমটোৰ জৰিয়তে উপকৃত হ'ব পাৰিব।' মুকলি অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱাৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here