তেজপুৰত ষ্টৰ মুকলিৰে ৰয়েলক ফাৰ্নিচাৰৰ ব্যৱসায় সম্প্ৰসাৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 April 2024

তেজপুৰত ষ্টৰ মুকলিৰে ৰয়েলক ফাৰ্নিচাৰৰ ব্যৱসায় সম্প্ৰসাৰণ

 

ৰয়েলক ফাৰ্নিচাৰে তেজপুৰত মুকলি কৰিলে নতুন বিপণী, অসমত বৃদ্ধি কৰিছে নিজৰ উপস্থিতি


W7s news গুৱাহাটী: দেশৰ প্ৰখ্যাত ফাৰ্নিচাৰ ব্ৰেণ্ড ৰয়েলক ফাৰ্নিচাৰে তেজপুৰত নতুন ষ্ট’ৰ মুকলি কৰিলে, যাৰ লগে লগে অসমত বৃদ্ধি পালে প্ৰতিষ্ঠানটোৰ উপস্থিতি আৰু ব্যৱসায়। দেশৰ ভিন্ন স্থানত বিপণী থকা ৰয়লকে ১৬৮ সংখ্যক ষ্ট’ৰ মুকলি কৰিলে। এই নতুন বিপণীখনৰ উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ বিষয়ক পৃথ্বীৰাজ ৰাভাৰ লগতে ৰয়েলক ইনকৰ্পৰেচন প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ বিজয় সুব্ৰমণিয়াম, ৰয়েলক ইনকৰ্পৰেচন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক মথান সুব্ৰমণিয়ামে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। এই সম্প্ৰসাৰণে উঃ-পূবৰ জনসাধাৰণক গুণগত মানসম্পন্ন আচবাবৰ সমাধান প্ৰদানৰ প্ৰতি ৰয়েল’কৰ দায়বদ্ধতা-সমৰ্পণক জোৰ দিছে।তেজপুৰৰ চহৰৰ মাজমজিয়াত ১৫,০০০ বৰ্গফুট এলেকা সামৰি আকৰ্ষণীয় ৰূপত ঘৰৰ প্ৰতিটো অংশৰ বাবে প্ৰয়োজনীয় আচবাবৰ বিস্তৃত শৃংখল আগবঢ়োৱা হৈছে, য'ত আছে ড্ৰয়িং ৰূম, বেডৰুম, ডাইনিং এৰিয়া আৰু বহুতো প্ৰয়োজনীয় সামগ্ৰী। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰয়েলক ফাৰ্নিচাৰৰ অধ্যক্ষ বিজয় সুব্ৰমণিয়ামে কয় যে, “মই তেজপুৰৰ ফ্ৰেঞ্চাইজিৰ গৰাকীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ, কাৰণ আমি গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ লগতে মানুহৰ দ্ৰুত প্ৰয়োজনীয় আৰু বৰ্ধিত আকাংক্ষা পূৰণেৰে সপোনৰ ঘৰ সম্পূৰ্ণ কৰিবলৈ আদৰ্শ সামগ্ৰী বিচাৰি উলিওৱাত সহায় কৰিবলৈ আগ্ৰহেৰে আশা কৰিছোঁ।”


তেজপুৰত জনপ্ৰিয় ঘৰুৱা আচবাবৰ ষ্টৰ ৰয়েলকে চোফা, বিচনা, ডাইনিং টেবুল, চকী, ৰেক্লাইনাৰ, বিচনা আৰু অভ্যন্তৰীণ সজ্জাৰ বিচিত্ৰ সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ ষ্টাইলিছ আৰু কাৰ্যকৰী বহনক্ষম সামগ্ৰী আগবঢ়ায়। অসমত ৩টা ষ্ট’ৰ থকা ব্ৰেণ্ডটোৱে এইবাৰ তেজপুৰত সম্প্ৰসাৰণ কৰিলে নিজৰ উপস্থিতি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here