অংকুৰণ প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 7 April 2024

অংকুৰণ প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন


 

W7s news,,,,অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুৰ প্ৰাক্ক্ষণত আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংকুৰণ প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন হয়। কাৰ্বি আংলং জিলাৰ জীয়ৰী আৰু যোৰহাটৰ বোৱাৰী লেখিকা মিনতি বৰা শইকীয়াৰ ''ফুল, ফুলনি আৰু পৰিচৰ্য্যা'' গ্ৰন্থখন উন্মোচন কৰে কেৱল অসম অথবা ভাৰতবৰ্ষতেই নহয় আন্তৰাষ্ট্ৰীয় পৰ্যায়তো নিজ কৰ্মৰ জড়িয়তে সমাদৃত অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েংদেৱে। গ্ৰন্থ উন্মোচনী ভাষণত তেখেতে নৱ প্ৰজন্মক প্ৰকৃতিক ভাল পাবলৈ অনুৰোধ জনায়। তেখেতে কয় যে অসম এনে এখন চিৰসেউজীয়া ৰাজ্য য'ত আমি প্ৰাকৃতিকভাবে অত্যন্ত চহকী। আমি গছ নাকাটিলেই প্ৰকৃতিয়ে নিজেই নিজক সংৰক্ষণ কৰিব। তেখেতে কয় যে চৰায়ে গছ ৰুব জানে, জীৱ-জন্তুৱে গছ গছনি ৰুব জানে। কেৱল মানুহে গছ কাটিব জানে। অনুষ্ঠানটিত আন এখন গ্ৰন্থ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি বৰুৱাৰ ''ভোজন বিলাস'' উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ, সাহিত্য সমালোচক, প্ৰবন্ধকাৰ হেমচন্দ্ৰ শইকীয়াদেৱে। তেখেতে নিজৰ ভাষণত উল্লেখ কৰে যে ''ভোজন বিলাস'' গ্ৰন্থখন ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক দলীল হ'ব পাৰে। নৱ প্ৰজন্মই অসমীয়া খাদ্যৰ জুতি, পৰিৱেশনৰ পৰম্পৰা আদি পাহৰিবলৈ আৰম্ভ কৰাৰ সময়তে ভাস্কৰ জ্যোতি বৰুৱাৰ এই গ্ৰন্থখনে পাঠকক চিন্তাৰ খোৰাক দিব বুলি তেখেতে মত প্ৰকাশ কৰে। একেদৰে তৃতীয়খন গ্ৰন্থ ভূৱনেশ্বৰী দুৱৰাৰ বিয়ানাম উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা এগৰাকী আগশাৰীৰ অনুবাদক অমৃত গোস্বামীয়ে। গ্ৰন্থখন উন্মোচন কৰি তেখেতে আশা প্ৰকাশ কৰে যে বিয়ানামৰ গ্ৰন্থখনিয়ে এটি অসমীয়া পৰম্পৰা ধৰি ৰখাত সহায় কৰিব। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী বিনীতা দত্তই সাৰুৱা ভাষণ আগবঢ়ায়। অংকুৰণ প্ৰকাশনৰ হেমেন নাথে আঁত ধৰা এই অনুষ্ঠানটিত যোৰহাটৰ শিল্পী সুদৰ্শনা দত্তই এটি বৰগীত পৰিৱেশন কৰে। একেদৰে প্ৰণৱ প্ৰতিম নাথ, দীপাঞ্জলী গোস্বামী, দিপালী গগৈ বৰুৱা, অমৰজ্যোতি পাতৰে গীত পৰিৱেশন আৰু কল্পনা শইকীয়া, সন্ধ্যাৰাণী বেজবৰুৱাই কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। জাতীয় সংগীত পৰিৱেশনেৰে গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ সামৰণি পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here