২০২৪ লোকসভা নির্বাচনত বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীক মুকলি সমর্থনৰ সিদ্ধান্ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 April 2024

২০২৪ লোকসভা নির্বাচনত বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থীক মুকলি সমর্থনৰ সিদ্ধান্ত

 কোটি কোটি টকাৰ ভূৱা ৱৰ্ক অৰ্ডাৰৰ দুর্নীতিত লিপ্ত হোৱাৰ অভিযোগত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ পৰা নিলম্বিত হোৱা গাম্বাৰু মুদ্দাহাৰীয়ে ইউবিপিঅৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা কাৰ্য্য হাস্যকৰ আৰু মানসিক বিকাৰগ্ৰস্ততাৰ পৰিচায়ক - বড়ো কছাৰী কল্যান স্বায়ত্ত শাসিত পৰিষদ





6


W7s news গুৱাহাটী : কোটি কোটি টকাৰ ভূৱা ৱৰ্ক অৰ্ডাৰৰ দুর্নীতিত লিপ্ত হোৱাৰ অভিযোগত অন্তবর্তীকালীন বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ (বিকেডব্লিউএচি) ৰ অধ্যক্ষ পদৰ পৰা নিলম্বিত হোৱা গাম্বাৰু মুছাহাৰীয়ে সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা কাৰ্য্য হাস্যকৰ আৰু মানসিক বিকাৰগ্ৰস্ততাৰ পৰিচায়ক-এই ভাষ্য বড়ো কছাৰী কল্যান স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ  

অনিল বসুমতাৰীৰ। সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-

২০২০ চনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এনডিএফবি, এবছু আৰু ইউবিপিঅৰ মাজত নতুন দিল্লীত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত চৰকাৰে গঠন কৰি দিয়া বিকেডব্লিউএচিৰ অন্তৱৰ্তীকালীন পৰিষদত ইউবিপিঅৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু উপ- সভাপতি হিচাপে গাম্বাৰু মুছাহাৰীক অধ্যক্ষ পদত মনোনীত কৰা হৈছিল। বিকেডব্লিউএচিৰ অধ্যক্ষ পদত থকাৰ সুবাদতে অধ্যক্ষ পদৰ ক্ষমতা আৰু পদমর্যাদা চুড়ান্তভাৱে অপ-প্ৰয়োগ কৰি বিকেডব্লিউএচিৰ নামত বহিঃৰাজ্যৰ যোগনিয়াৰ কোম্পানীক কোটি কোটি টকাৰ ভূৱা ৱৰ্ক অৰ্ডাৰ দি বিকেডব্লিউএচিক বদনাম কৰিবলৈ চেষ্টা চলাইছিল। গাম্বাৰু মুছাহাৰীয়ে বিকেডব্লিউএচিৰ লেটাৰ পেদত ১৩-০৬-২০২২ ত মেম' নং বিকেডব্লিউএচি/চি আৰ এন/এম এ এল এছ/এছ পি এল/অৰ্ডাৰ/২০৬/২০২২-২৩ অধীনত চিকিমৰ চিতল এন্টাৰপ্ৰাইজড্ নামৰ যোগনিয়াৰ কোম্পানীক ৭০,৪৯,৯৩,৭৫০ টকাৰ বিভিন্ন অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰিবলৈ ৱৰ্ক অৰ্ডাৰ দিয়ে। আনহাতে ২৫-০১-২০২২ ত মেম' নং ১০২/বিকেডব্লিউএচি/২০২১/০০২ অধীনত নতুন দিল্লীত বিকেডব্লিউএচি ভৱন নিৰ্মাণৰ বাবদ হাৰিয়ানাৰ অশোক কুমাৰ কে এছ জে ব্লাই নির্মাণ কৰিবলৈ কোম্পানীক ৭০,০০০০০০০ (সত্তৰ কোটি) টকাৰ ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰে। ইয়াৰোপৰি বিকেডব্লিউএচিৰ এলেকাত সৌৰশক্তিচালিত লাইট যোগান ধৰিবলৈ ১৮- ০৬-২০২২ত  হাৰিয়ানাৰ আস্থা ইলেক্ট্রিকেলচ্ কোম্পানী এটাকো মেম' নং বিকেডব্লিউএচি/চি আৰ এন/পি এণ্ড আৰ ডি/এফ এছ/এছ এছ ২/২০২২-২০২৩ অধীনত ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰে। ইয়াৰে চিতল এন্টাৰপ্ৰাইজছেয় ভূৱা ৱৰ্ক অৰ্ডাৰৰ বিষয়ত ১৭-১১-২০২২ আৰু ০৭-০৭-২০২২ ত দুবাৰকৈ বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীৰ বিৰুদ্ধে অভিযোগ পত্র দাখিল কৰে। বিষয়টো অৱগত কৰিবলৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগলৈ বিকেডব্লিউএচিৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰা হয়। সমগ্র বিষয়টো আলোচনা কৰিবলৈ ১২-০৯-২২,২০-০৯-২০২২ আৰু ২২-০৯-২২ ত বিকেডব্লিউএচিৰ কাৰ্যবাহী পৰিষদৰ সভা অনুষ্ঠিত কৰা হয়। সভা সমূহত গাম্বাৰু মুছাহাৰীলৈ শ্ব'কজ দিয়া হয় আৰু এমাহৰ ভিতৰত কোম্পানী কেইটাৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্র আনিবলৈ কোৱা হয়। কিন্তু গাম্বাৰু মুছাহাৰীয়ে ভূৱা বৰ্ক অৰ্ডাৰ দিয়া ঘটনাৰ কোনো পতিয়ন যোগ্য উত্তৰ আৰু প্ৰমাণ পত্ৰ নিৰ্ধাৰিত সময়ত জমা দিবলৈ সক্ষম ন'হল।

গামবাৰু মুছাহাৰীয়ে জনা দৰকাৰ বড়ো কছাৰী কল্যান সায়ত্ত শাসিত পৰিষদৰ আইন।২০২০ মতে অধ্যক্ষই এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত  বুজাবুজি চুক্তি  কৰাৰ অধিকাৰ নাই, যাৰ ফলত অসম চৰকাৰে ২০২৩ চনৰ  ৪ জানুৱাৰীত  অধ্যক্ষ পদৰ পৰা অপসাৰিত কৰা হৈছিল।গাম্বাৰু মুছাহাৰীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লয়। উক্ত সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰে আৰু চৰকাৰীভাৱে এক নিৰ্দেশনা  অনুসৰি তেওঁক বিকেডব্লিউএচিৰ অধ্যক্ষ পদৰ পৰা নিলম্বন কৰে। ক্ষমতাৰ অপব্যৱহাৰ কৰি গাম্বাৰু মুছাহাৰীয়ে ভৰি তলৰ মাটি হেৰুৱাব লগা হোৱাৰ পাছত নিজকে স্বয়ম্ভূ নেতা বুলি জাহিৰ কৰি  ইউবিপিএফ নামৰ এটা নতুন সংগঠন খুলিছে। যিটো সময়ত বড়ো সমাজৰ বুদ্ধিজীবী, সমাজ সচেতন ৰাইজে নতুনকৈ বড়ো সকলৰ মাজত নতুন সংগঠন জন্ম দিয়াৰ কোনো প্রযোজন নাই বুলি চিত্তা কৰিছে -তেনে সময়তে ইউবিপিএফ খুলি সংগঠনটোৰ সভা পাতি য'তে-ততে তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সংগঠন ইউবিপিঅৰ বিৰুদ্ধে মনেসজা, ভিত্তিহীন আৰু উদ্দেশ্য প্রণোদিতভাৱে টুলুঙা মন্তব্য দি ফুৰা কাৰ্য হাস্যকৰ আৰু মানসিক বিকাৰগ্ৰস্ততাৰ পৰিচায়ক বুলি গাম্বাৰু মুছাহাৰীক উদ্দেশ্যি তির্যক ভাষাৰে সমালোচনা কৰিছে BKWAC ৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে। তৃতীয় বড়ো শান্তি চুক্তিৰ পাছত শান্তিৰ পৰিৱেশ সৃষ্টি কৰি ঐক্যবদ্ধ প্ৰচেষ্টাৰে অসমৰ বড়ো সকলৰ মাজত উন্নয়নৰ ধাৰা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি অহাৰ সময়ত গাম্বাৰু মুছাহাৰীয়ে নতুন সংগঠনৰ জন্ম দি বড়ো সমাজত বিভেদকামী চিন্তাৰ বীজ সিঁচি দিবলৈ চেষ্টা কৰিছে বুলিও কয়। এইবোৰ ভিত্তিহীন কথা আগলৈ নকবলৈ আৰু বড়ো জাতিৰ ঐক্য উন্নয়ন, প্রগতি আৰু অসমৰ সকলো শ্ৰেণীৰ স্বাৰ্থত মা অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ এখন ৰাজ্য হিচাপে গঢ় দিয়াত কাম কৰিবলৈ আহ্বান জনালোঁ।সংবাদ মেলত ইউনাইটেড বড়ো পিপল্ ছ অৰ্গেনাইজেচনৰ (ইউ বি পি অ') সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়-


ভাৰত স্বাধীনোত্তৰ কালৰে পৰাই বড়ো সকলে ৰাজনৈতিক, আর্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ প্ৰান্তিৰ বাবে দীঘলীয়া আন্দোলনৰ সূচনা কৰি আহিছে। দীঘলীয়া বড়োলেও আন্দোলনৰ ফলশ্ৰুতিত তিনিখনকৈ বড়ো শান্তি চুক্তি ইতিমধ্যে সম্পাদিত হৈছে। ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰিত হৈছিল যদিও নামনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে চাৰিখন জিলাক সামৰি বিটিএডি গঠন হোৱাৰ ফলত অসমৰ অধিকাংশ জিলাত বসবাস কৰা দহ লক্ষধিক বড়ো জনগণ উন্নয়নৰ বাবে বিটিএডিৰ আওতাৰ বাহিৰত থাকি গৈছিল। দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিত পৰৱৰ্তী সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এনডিএফবিৰ চাৰিটা গোট, এবছু আৰু ইউবিপিঅৰ মাজত তৃতীয় বড়ো শান্তি চুক্তি ২০২০ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত সম্পাদিত হয়। উক্ত চুক্তিৰ দফা সমূহ তৎকালীনভাৱে ৰূপায়ণৰ লগতে বিটিএডিৰ বাহিৰৰ বড়ো অধ্যূষিত অঞ্চলৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে ক্ষীপ্ৰতৰ কৰি ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি ক্ষেত্ৰৰ উন্নয়নৰ পদক্ষেপ হাতত ল'বলৈ ইউবিপিঅৰ নেতৃত্বই অসমৰ মুখ্যমন্ত্রী ড. হিমন্ত বিশ্ব শর্মা, জনজাতি পৰিক্ৰমা (ভৈয়াম) মন্ত্রী ডাঃ ৰনোজ পেগুৰ সৈতে বহুলানি আলোচনা কৰা হৈছে। বিশেষকৈ তৃতীয় বড়ো শান্তি চুক্তি (বিটিআৰ) ৰ সকলো দফা তৎকালীনভাৱে কার্যকৰী কৰা, চুক্তিৰ ৫.১ দফাৰ অধীনত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ (বিকেডব্লিউএচি) গঠন কৰা হয় যদিও ইয়াৰ গাওঁ চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। শীঘ্রে বিকেডব্লিউএচিৰ নিৰ্বাচন অনুষ্ঠিত কৰি ইয়াক এখন শক্তিশালী আৰু পূর্ণাঙ্গ স্বায়ত্তশাসিত পৰিষদ হিচাপে প্রতিষ্ঠা কৰা। বিটিআৰৰ বাহিৰৰ ধুবুৰীৰ পৰা শদিয়ালৈ আৰু বৰাক উপত্যকাৰ ব্ৰু, ৰিয়াং সকলক সাঙুৰি গঠন হোৱা বিকেডব্লিউএচিলৈ চৰকাৰে আগবঢ়োৱা সীমিত পুঁজিৰে ৰাইজৰ উন্নয়ন সাধন কৰা সম্ভৱ নহয়, সেয়ে পিছপৰা জনগণৰ উন্নয়নৰ বাবে বড়ো কছাৰী কল্যান স্বায়ত্তশাসিত পৰিষদৰ পুঁজি বৃদ্ধি কৰা। বড়ো মাধ্যমৰ ভাষা- শিক্ষাৰ উন্নয়নৰ বাবে বিশেষভাৱে মনোনিবেশ কৰা। বিটি আৰ ৰ বাহিৰত বড়ো মাধ্যমৰ বাবে সুকীয়াকৈ টেট অনুষ্ঠিত কৰা। বড়ো মাধ্যমৰ বেচৰকাৰী বিদ্যালয় সমূহ বিশেষ ৰেহাই দি চৰকাৰীকৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰা। শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ বড়ো গাওঁ সমুহ বি টি আৰ আৰু বড়ো কছাৰী কল্যান স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত ৰৈ যোৱা বাবে উক্ত অঞ্চল সমূহত দুয়োখন স্বায়ত্তশাসিত পৰিষদে উন্নয়নৰ কাম কৰিব পৰা নাই। গতিকে উক্ত জিলা দুখনৰ বড়ো গাওঁ সমূহত বি টি আৰ চুক্তিৰ ৫.২ মতে বিশেষভাৱে উন্নয়নৰ আঁচনি প্ৰস্তুত কৰি ৰূপায়ণৰ পদক্ষেপ লোৱা বিষয়বোৰ আলোচনাত উৎত্থাপন কৰা হয়। অসমৰ মুখ্যমন্ত্রীযে সমস্যা সমূহৰ সমাধানৰ ইতিবাচক সঁহাৰি জনায় কার্যকৰী পদক্ষেপৰ আশ্বাস প্রদান কৰিছে।বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ উন্নয়নৰ স্বাৰ্থত আৰু অসমৰ বিকাশৰ বাবে লোৱা পদক্ষেপৰ বাবে বিজেপি মিত্রজোটৰ প্ৰাৰ্থীক মুকলি সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয়। ইতিমধ্যে সংযুক্ত বড়ো গণমঞ্চৰ  বি টি আৰৰ বাহিৰত ২২ খন জিলা সমিতিৰ সভাপতি সম্পাদক ও নেতৃবৃন্দ সকলক ভাৰতী জনতা পাৰ্টীৰ সহযোগী দল সকলৰ লগত যৌথ ভাৱে কাম কৰিবলৈ নিৰ্দেশ প্রদান কৰা হৈছে।' সংবাদ মেলত ইউ বি পি  অ'ৰ অন্যান্য বিষয়ববীয় উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here