গুৱাহাটীত মহাসতী জয়মতী উৎসৱ উদযাপন, জেৰেঙাৰ সতী নাট মঞ্চস্থ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 5 April 2024

গুৱাহাটীত মহাসতী জয়মতী উৎসৱ উদযাপন, জেৰেঙাৰ সতী নাট মঞ্চস্থ


 

W7s news,গুৱাহাটী: বৃহত্তৰ হেঙেৰাবাৰী সতী জয়মতী উৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত ৩১ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে ভি আই পি ৰোডৰ ৰুদ্ৰসিংহ পথস্থিত ৰাজধানী টাই আহোম কলা – সংস্কৃতি বিকাশ কেন্দ্ৰত মহাসতী জয়মতী উৎসৱ উদযাপন কৰা হয় । পূৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভানেত্ৰী লনিমা মহনে আৰু মৈদাম তৰ্পণ কৰে মহেশ্বৰী হাজৰিকাই । মাল্যপৰ্ণ কৰে ইলা গগৈয়ে । বৃক্ষৰোপণ কৰে জগত সন্দিকৈ আৰু নিৰঞ্জন লাহনে ।তেনেদৰে দিনৰ ১১ বজাৰ পৰা ছাত্ৰ – ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দূপৰীয়াৰ পৰা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়াই। ভাষণ প্ৰসংগত মহাসতী জয়মতী অসম বুৰঞ্জীত এটা বিৰল চৰিত্ৰ বুলি সদৰি কৰে। বিয়লি তিনি বজাৰ পৰা একক আৰু দলীয় শাখাত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া বৃহত্তৰ হেঙেৰাবাৰী মহিলা সকলে জগদীশ চন্দ্ৰ দাসৰ পৰিচালনাত মঞ্চস্থ কৰে ‘জেৰেঙাৰ সতী’ নামৰ নাটখন। তাৰ পাছত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। নিশা বন্তি প্ৰজ্বলনৰে এইবেলিৰ কাৰ্যসূচীৰ সামৰণি কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here