চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰৰ 'ৰঙালী ৰং' প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 4 April 2024

চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰৰ 'ৰঙালী ৰং' প্ৰদৰ্শনী

 

Was news গুৱাহাটী:


গুৱাহাটী মহানগৰীৰ  মহিলা সংগঠন চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এই বছৰো আগন্তুক ৰঙালী বিহুৰ লগত সংগতি ৰাখি ১০ দিনীয়া কাৰ্যসূচীৰে এখনি প্রদর্শনীৰ আয়োজন কৰিছে। বিশিষ্ট কণ্ঠশিল্পী মালবিকা বড়া, সমাজকর্মী তথা পশুধন বিভাগৰ অধ্যক্ষ  মনোজ শইকীয়া আৰু কণ্ঠশিল্পী ৰিতু বিকাশ বড়াৰ উপস্থিতিত বৃহস্পতিবাৰে এইমেলাখন উদ্বোধন কৰা হয়। উপস্থিত বিশিষ্ট ব্যক্তিসকলে এই মেলাখনৰ সফলতা কামনা কৰিছে। ১৩ বছৰত ভৰি দিয়া ৰঙালী ৰং প্ৰদৰ্শনীত অসমৰ বিভিন্ন জিলাৰ থলুৱা উদ্যোগীসকল উপস্থিত থাকে। ঢকুৱাখানা, ধেমাজি, ডিব্ৰুগড়, চিলাপথাৰ, নগাঁও, যোৰহাট, শিৱসাগৰ, নলবাৰী, মঙ্গলদৈ, গুৱাহাটী, ভগলপুৰ, উৰিষ্যা, কলকতাকে আদি কৰি বিভিন্ন ঠাইৰ বিপনীসমূহ উপস্থিত থাকিব। তাৰোপৰি ৭ এপ্ৰিলত ৫ বছৰৰ পৰা ১২ বছৰ বয়সৰ ছোৱালীৰ মাজত চিৰ সেউজ সৰু বিহুৱতী প্রতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি চিৰ সেউজ কলা-কৃষ্টি কেন্দ্ৰৰ সভাপতি লীনা ৰাজকুমাৰী আৰু সম্পাদক অৰ্চনা তালুকদাৰে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here