বিহুৰ বতৰত প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ "হাই ঐ ২" মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 5 April 2024

বিহুৰ বতৰত প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ "হাই ঐ ২" মুকলি


 

W7s news,,গুৱাহাটী, ৫ মাৰ্চ: ৰঙালী বিহুৰ বতৰতে কালি প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই নিজৰ ইউটিউব চেনেলত "হায় ঐ ২" মুকলি  কৰে। পূৰ্বৰ "হায় ঐ ১"ৰ সফলতাৰ পিছতে "হাই ঐ ২"-এ মুকলিৰ লগে লগে বিহু অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰিছে।বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই  মোহনীয় কণ্ঠৰে শ্ৰোতা-দৰ্শকৰ হৃদয় জিনাই নহয়, সুৰকাৰ আৰু গীতিকাৰ হিচাপেও সংগীতৰ দক্ষতা প্ৰদৰ্শন কৰিছে। ভাৰতীয় সংগীতৰ ধাৰাটোক আঁকোৱালি লৈ তেওঁ সংগীতৰ ক্ষেত্ৰখনত সৃষ্টিশীলতাৰ উজ্জ্বল প্ৰতিভা হিচাপে থিয় দিছে। উল্লেখযোগ্য যে তেওঁ মুম্বাইৰ বিপুল সমাদৃত বেণ্ড 'পাৰ্প'ল হেজ'ৰ তিনিজন কণ্ঠশিল্পীৰ ভিতৰত অন্যতম হিচাপে ইতিমধ্যে খ্যাতি লাভ কৰিছে ।


 'হাই ঐ ২'ৰ গীতৰ কথা আৰু সুৰ ধৃতিৰাজ মোহনৰ, সংগীত ব্যৱস্থাপনা সুদৰ্শন বৰদলৈৰ, 

মিক্স এণ্ড মাষ্টাৰিং কৌস্তভ শইকীয়াৰ ৷

ঢোল বাদনত লাচিত বৰুৱা,

টকা, পেপা আৰু গগণাত প্ৰীতি বৰা, বাঁহীত কৈলাস ৰাভা, গীটাৰত ভাস্কৰ শইকীয়া, বেছ গীটাৰত বেদব্ৰত এম বৰুৱা আৰু

সংগীত তত্বাৱধান কৰিছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই ৷ 


ভিডিঅ’গ্ৰাফীত ধ্ৰুৱজ্যোতি বৰা, ভিডিঅ' সম্পাদনাত মানস কাশ্যপ আৰু পোষ্টাৰ ডিজাইন কৰিছে পাৰ্থজিৎ হীৰাই ৷ গীতটিৰ কাৰ্যবাহী প্ৰযোজনা প্ৰিয়ংকা বৰুৱাৰ ৷


গীতটি  ইউটিউবৰ লগতে সকলো ডিজিটেল প্লেটফৰ্মতে বিহুপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here