- W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 29 April 2024

demo-image
Responsive Ads Here

 *'সঠিক পথৰ সন্ধান' শুভ উন্মোচন হ'ল সাংবাদিক ডিম্পী ভৰালীৰ নৱতম গ্ৰন্থ*


গুৱাহাটী, ২৯ এপ্ৰিলঃ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা 'বহাগৰ ৰং' শীৰ্ষক অনুষ্ঠানত সাংবাদিক, লেখিকা ডিম্পী ভৰালীৰ নিবন্ধ সংকলন 'সঠিক পথৰ সন্ধান' শুভ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই। গ্ৰন্থখন উন্মোচন কৰি মণিকুন্তলা ভট্টাচাৰ্যই কয় যে, "ডিম্পী ভৰালীৰ গ্ৰন্থ 'সঠিক পথৰ সন্ধান'ৰ ভাৱাদৰ্শ, প্ৰকাশভংগী আৰু সৃজনীশীলতাই গ্ৰন্থখনক অন্য মাত্ৰা দিছে। সাম্প্ৰতিক সময়ৰ ঘটনাৰাজি, পৰিৱেশ পৰিস্থিতিৰ বিশ্লেষণ সন্নিৱিষ্ট এই গ্ৰন্থখন নৱপ্ৰজন্মৰ মাজত চৰ্চিত হ'ব।"


গ্ৰন্থ উন্মোচনী অনুষ্ঠানত  বিশিষ্ট অতিথি হিচাপে দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকা, নেমকেয়াৰ হাস্পতালৰ সঞ্চালক চাজিদ আহমেদ, মাৰোৱাৰী হাস্পতালৰ অধীক্ষক ৰোহিত উপাধ্যায়, জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া, সাংবাদিক, লেখক কমল কুমাৰ, গুৱাহাটী প্ৰেছ ক্লাবৰ উপ সভাপতি অলকা বৰুৱা, আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালক ড° সীমা বৰা, সমাজ সেৱক ৰাজু সাহানী উপস্থিত থাকে। 


শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ, কুমাৰপাৰাৰ মুখ্য সেৱক সনাতন দাস বাপে বন্তি প্ৰজ্বলন কৰা উক্ত অনুষ্ঠানত  আমন্ত্ৰিত অতিথি হিচাপে সাংবাদিক-লেখিকা দৰ্শনা বৰুৱা, লেখিকা চুমী ৰহমান, লেখিকা আইলুং লাহন বৰা, সাংবাদিক মাইনা গোস্বামী, অভিনেতা চাজু আহমেদ, নৰ্থ ইষ্ট নিউজৰ মুখ্য সম্পাদক কুলেন্দ্ৰ ৰায়চৌধুৰী, সংগীত পৰিচালক অজয় ফুকন, লেখিকা বৰষা কাশ্যপ আদিকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

IMG-20240429-WA0016

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *