ষ্টাৰ চিমেণ্টক ইণ্ডিয়ান ব্ৰেণ্ড এণ্ড লীডাৰশ্বিপ কনক্লেভ ২০২৪-ত "ইণ্ডিয়াজ ৰাইজিং ষ্টাৰ এণ্ড ছ'চিয়েল ইম্পেক্ট এৱাৰ্ড"ৰে সন্মানিত কৰা হৈছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 30 April 2024

ষ্টাৰ চিমেণ্টক ইণ্ডিয়ান ব্ৰেণ্ড এণ্ড লীডাৰশ্বিপ কনক্লেভ ২০২৪-ত "ইণ্ডিয়াজ ৰাইজিং ষ্টাৰ এণ্ড ছ'চিয়েল ইম্পেক্ট এৱাৰ্ড"ৰে সন্মানিত কৰা হৈছে




W7s news,,গুৱাহাটী, ২৬ এপ্ৰিল: ভাৰতীয় চিমেণ্ট উদ্যোগটোৰ এক শীৰ্ষস্থানীয় প্ৰতিষ্ঠান ষ্টাৰ চিমেণ্টক, এই খণ্ডটোত আগবঢ়োৱা ইয়াৰ ব্যতিক্ৰমী অৱদানৰ লগতে জনসাধাৰণৰ মাজত গ্ৰহণ কৰা ইয়াৰ প্ৰভাৱশালী পদক্ষেপসমূহৰ বাবে গোৱাৰ হায়াত চেণ্ট্ৰিক কেণ্ডোলিমত অনুষ্ঠিত ইণ্ডিয়ান ব্ৰেণ্ড এণ্ড লীডাৰশ্বিপ কনক্লেভ 2024-ত সন্মানীয় "ইণ্ডিয়াজ ৰাইজিং ষ্টাৰ এণ্ড ছ'চিয়েল ইমপেক্ট এৱাৰ্ড"ৰে সন্মানিত কৰা হৈছে। নিজৰ উদ্ভাৱন, নেতৃত্ব আৰু উৎকৃষ্টতা উদযাপনৰ বাবে বিখ্যাত ইণ্ডিয়ান ব্ৰেণ্ড এণ্ড লীডাৰশ্বিপ কনক্লেভ-এ ষ্টাৰ চিমেণ্টৰ উল্লেখযোগ্য সাফল্য আৰু সমাজখনৰ ভিতৰত থাকি এক অৰ্থপূৰ্ণ প্ৰভাৱ পেলোৱাৰ প্ৰতি থকা ইয়াৰ অঙ্গীকাৰবদ্ধতাক ইয়াৰ জৰিয়তে এক বিশেষ মান্যতা প্ৰদান কৰিলে। 

এই বঁটা বলীউডৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্ৰীযুত মধুৰ ভাণ্ডাৰকাৰ ডাঙৰীয়াৰ হাতেৰে প্ৰদান কৰা হয় আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ হৈ ব্ৰেণ্ডটোৰ মূৰব্বী শ্ৰীযুত দিব্যজ্যোতি গুহ ডাঙৰীয়াই বঁটাটি গ্ৰহণ কৰে। উক্ত সন্মিলনখনত অন্যান্য বিশিষ্ট অতিথিসকলৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সুৰেশ প্ৰভাকৰ প্ৰভু ডাঙৰীয়াও উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বহুখিনি বৃদ্ধি কৰে। 

বঁটাটি লাভ কৰাৰ পিছত কৃতজ্ঞতা জ্ঞাপন কৰি এই উপলক্ষ্যে মন্তব্য আগবঢ়াই ষ্টাৰ চিমেণ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত বিনীত কুমাৰ তিৱাৰীয়ে কয়, "ইণ্ডিয়ান ব্ৰেণ্ড এণ্ড লীডাৰশ্বিপ কনক্লেভ ২০২৪-ত 'ইণ্ডিয়াজ ৰাইজিং ষ্টাৰ এণ্ড ছ'চিয়েল ইমপেক্ট এৱাৰ্ড' পুৰস্কাৰটি লাভ কৰি আমি অত্যন্ত সন্মানিত বোধ কৰিছোঁ। এই স্বীকৃতিয়ে ইতিবাচক পৰিৱৰ্তন অব্যাহত ৰখা আৰু আমাৰ সংশ্লিষ্ট পক্ষসমূহৰ লগতে সমাজখন এই দুয়োটাৰ ওপৰতে গুৰুত্ব আৰোপ কৰাৰ প্ৰতি থকা আমাৰ নিষ্ঠাক পুনৰবাৰ দৃঢ়তাৰে সৈতে সুনিশ্চিত কৰে।" 

ষ্টাৰ চিমেণ্ট লিমিটেডৰ চিঅ'অ' শ্ৰীযুত প্ৰদীপ পুৰোহিত ডাঙৰীয়াই লগতে কয়, "ষ্টাৰ চিমেণ্টত, আমি যিসকল লোকৰ মাজত সেৱা আগবঢ়াওঁ তেওঁলোকৰ এক অৰ্থপূৰ্ণ পৰিৱৰ্তন সাধন কৰিবলৈ আমাৰ সম্পদ তথা দক্ষতাখিনি ব্যৱহাৰ কৰাৰ ওপৰত আমাৰ বিশ্বাস আছে। এই বঁটা হৈছে সামাজিক দায়বদ্ধতা তথা বহনক্ষমতাৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতিৰে এক জীৱন্ত দস্তাৱেজ।" 

এই সন্মানীয় স্বীকৃতিয়ে উদ্যোগটোত থকা ষ্টাৰ চিমেণ্টৰ নেতৃত্বসুলভ অৱস্থান আৰু ইতিবাচক পৰিৱৰ্তন অব্যাহত ৰখাৰ প্ৰতি থকা ইয়াৰ নিষ্ঠাৰ কথাকে সজোৰে প্ৰতিপন্ন কৰে। উৎকৃষ্ট সামগ্ৰী বিতৰণ কৰা, সংশ্লিষ্ট পক্ষসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰা আৰু ই সেৱা আগবঢ়োৱা জনসাধাৰণৰ ওপৰত এক দীৰ্ঘস্থায়ী প্ৰভাৱ পেলোৱাৰ লক্ষ্যত কোম্পানীটো সদায় অচল-অটল হৈ আছে। ভাৰতীয় নিৰ্মাণ উদ্যোগটোত শক্তিশালী খোপনি থকা ষ্টাৰ চিমেণ্ট লিমিটেড হৈছে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ চিমেণ্ট কোম্পানী আৰু পশ্চিম বংগ তথা বিহাৰত আটাইতকৈ দ্ৰুতগতিত বিকশিত হোৱা চিমেণ্ট ব্ৰেণ্ডবোৰৰ ভিতৰত অন্যতম। উন্নত-মানদণ্ডৰ চিমেণ্ট যোগান ধৰা আৰু সুলভ মূল্যত প্ৰদান কৰাৰ বাবে ষ্টাৰ চিমেণ্ট লিমিটেডে নিজকে অঞ্চলটোৰ অতি সৰ্বজনস্বীকৃত ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here