সাহানী কাৱৰিয়া এনজিঅ'ৰ উদ্যোগত খুচী প্ৰডাকচনৰ সহযোগত প্ৰথম খবৰৰ 'ব’হাগৰ ৰং' অনুষ্ঠান সম্পন্ন* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 29 April 2024

সাহানী কাৱৰিয়া এনজিঅ'ৰ উদ্যোগত খুচী প্ৰডাকচনৰ সহযোগত প্ৰথম খবৰৰ 'ব’হাগৰ ৰং' অনুষ্ঠান সম্পন্ন*

 সাহানী কাৱৰিয়া এনজিঅ'ৰ উদ্যোগত খুচী প্ৰডাকচনৰ সহযোগত প্ৰথম খবৰৰ 'ব’হাগৰ ৰং' অনুষ্ঠান সম্পন্ন* 





সমাজলৈ অনবদ্য বৰঙণি আগবঢ়োৱা অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষলৈ প্ৰণাম Award 2024


গুৱাহাটী

এপ্ৰিল ২৯: জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত

সাহানী কাৱাৰিয়া এন জি অ’ৰ উদ্যোগত আৰু খুচী প্ৰডাকচনৰ সহযোগত ৮ বছৰীয়া যাত্ৰা কৰা ডিজিটেল সংবাদ মাধ্যম প্ৰথম খবৰৰ  'ব’হাগৰ ৰং ' শীৰ্ষক এক বাৰেৰহণীয়া অনুষ্ঠান অনুষ্ঠিত হয়৷

দিনৰ ৩বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত সমাজলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ভৰলুমুখ নাৰায়ণ নগৰৰ শিশু নিকেতন হায়াৰ চেকেণ্ডাৰী স্কুললৈ শ্ৰেষ্ঠ বিদ্যালয়,  নিপন ধলুৱা পৰিচালিত মুঝে স্কুল নেহি জানা হিন্দী বোলছবি খনলৈ শ্ৰেষ্ঠ বোলছবি,অজয় ফুকনলৈ বৰ্ষশ্ৰেষ্ঠ সংগীত পৰিচালক, দিপ্তী শৰ্মালৈ প্ৰতিভাবান কন্ঠশিল্পী,

অজিত দত্তলৈ কাব্যগুৰু

 বিপ্লৱ বৰদলৈক প্ৰতিভাশালী অভিনেতা, ৰাজমুকুট থিয়েটাৰ, 

হালিমা বেগমক বৰ্ষশ্ৰেষ্ঠ মহিলা সাংবাদিক, 

 দিগন্ত বৰুৱাক, সমাজ সেৱক, 

ৰিপাংকৰ শইকীয়া, অভিনেতা, 

চন্দ্ৰিমা চক্ৰৱৰ্তী, সংগীত প্ৰশিক্ষক, 

সুদক্ষিণা ভূঞা, বাস্তুশাস্ত্ৰ আৰু ফেংচুই বিশেষজ্ঞ, 

দীপিকা বে কাথাৰ নাথ, লেখিকা, 

পল্লৱী শইকীয়া, লেখিকা, আনো‍ৱাৰা বেগম, লেখিকা, 

মন্টুমণি শইকীয়া, কণ্ঠশিল্পী, 

লক্ষীৰাণী দেৱী, নৃত্যশিল্পী, 

আছিফ আহমেদ, নৃত্য প্ৰশিক্ষক, অংকুৰণ ডান্স ষ্টুডিঅ আদি

 অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষলৈ  

   এইবৰ্ষৰ প্ৰণাম এৱাৰ্ড ২০২৪ প্ৰদান কৰা হয় বুলি প্ৰথম খবৰৰ পৰিচালন সম্পাদক কমল কুমাৰে জানিব দিয়ে।              অনুষ্ঠানত লেখিকা-সাংবাদিক ডিম্পী ভৰালীৰ  গ্ৰন্থ 'সঠিক পথৰ সন্ধান' শুভ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই।গ্ৰন্থ উন্মোচনী অনুষ্ঠানত  বিশিষ্ট অতিথি হিচাপে দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকা, নেমকেয়াৰ হাস্পতালৰ সঞ্চালক চাজিদ ৰহমান, মাৰোৱাৰী হাস্পতালৰ অধীক্ষক ৰোহিত উপাধ্যায়, জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া, গুৱাহাটী প্ৰেছ ক্লাবৰ উপ সভাপতি অলকা বৰুৱা, আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালক ড° সীমা বৰা,উপস্থিত থাকে। সাহানী কাৱাৰীয়াৰ এন জি অ’ৰ উদ্যোগত, খুচী প্ৰডাকচনৰ সহযোগত আয়োজিত উক্ত অনুষ্ঠানৰ 

বন্তি প্ৰজ্বলন কৰে  শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ কুমাৰপাৰা মুখ্য সেৱক সনাতন দাস বাপে ।লেখক-সাংবাদিক কমল কুমাৰে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে সাংবাদিক-লেখিকা দৰ্শনা বৰুৱা, লেখিকা চুমী ৰহমান, সাংবাদিক মাইনা গোস্বামী, অভিনেতা চাজু আহমেদ, নৰ্থ ইষ্ট নিউজৰ মুখ্য সম্পাদক কুলেন্দ্ৰ ৰায়চৌধুৰী আদিকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷   

উক্ত অনুষ্ঠানত

আস্থাজিতা ডেকাৰ একক বিহু নৃত্য, 

ডলী ডেকাৰ নেতৃত্বত বাৰেৰহণীয়া নৃত্যৰ অনুষ্ঠান, 

দীপ্তি শৰ্মাৰ গীতৰ শৰাই, সংগীত নাটক অকাডেমীৰ বিচমিল্লাহ খাঁ যুৱ বঁটা প্ৰাপক নৃত্যশিল্পী জ্বলীমণি শইকীয়াৰ নেতৃত্বৰ তেখেতৰ শিক্ষাৰ্থীসকলৰ নৃত্য অনুষ্ঠান পৰিৱেশন, 

প্ৰতীক্ষা কাশ্যপৰ নৃত্য পৰিৱেশন, 

কাঁহিকুছি, আজাৰাৰ 'সৰোজকলি জেং বিহু দল'ৰ বিহু পৰিৱেশন, অংকুৰণ Dance Acadamyৰ  শিল্পীসকলৰ নৃত্যানুষ্ঠান, 

লক্ষীৰাণী দেৱীৰ নৃত্য পৰিবেশন, 

মিছ ৰিয়াৰ গীতৰ অনুষ্ঠানেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here