W7s news গুৱাহাটী:বিগত এক দশকৰো অধিক কাল ধৰি গুৱাহাটীৰ আগৰনোৱা বেচৰকাৰী সংস্থা "বৰ অসমে" অসমৰ শিপিনী, থলুৱা শিল্পী, আত্মসহায়ক গোট সমূহে প্ৰস্ত্তত কৰা গামোচা , মেখেলা চাদৰ, ঢোল, পেপা, গগণা,কপৌ ফুল, পিঠা-পনা , কোমল চাউল, দৈ- ক্ৰীম আদিৰ বিক্ৰীৰ বাবে "বৰ অসম ৰঙালী মেলা"ত এখন বিশাল ক্ষেত্ৰ গুৱাহাটীত দিবলৈ সক্ষম হৈছে। প্ৰত্যেক বছৰৰ দৰে এইবছৰো ৰঙালী বিহুৰ প্ৰাকক্ষনত বৃহস্পতিবাৰৰ পৰা ১৩ এপ্ৰিললৈ গুৱাহাটী জিলা পুথিভৰালৰ সমীপত থকা সিদ্ধিনাথ শৰ্মাভৱনত "বৰ অসম ৰঙালী মেলা"খন আয়োজন কৰিছে। এই মেলাখন উদ্বোধন কৰি বিশিষ্ট শিল্পী গায়ত্ৰী মহন্তই মেলাখনৰ সফলতা কামনা কৰে। তেওঁ লগতে গগণা বজাই বিহুনৃত্য পৰিবেশন কৰে। উল্লেখ্য, এই মেলা খন পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থকিব। মেলখনত ৰাইজৰ উপস্হিতি শ্ৰদ্ধাৰে কামনা কৰিছে 'বৰ অসম'ৰ সভাপতি বিনীতা দত্ত চৌধুৰীয়ে।
No comments:
Post a Comment