W7s news,,,গুৱাহাটী: বিহাৰৰ পাটনাস্থিত কংকৰবাগৰ চৱেৰা হাস্পতাল কেম্পাছৰ পঞ্চম মহলাত অৱস্থিত " অনুপ ইনষ্টিটিউট অৱ অৰ্থপেডিকছ এণ্ড ৰিহেবিলিটেচন এক্সটেনচন ইউনিট"ত উপলব্ধ উন্নততম ৰবটিক প্ৰযুক্তি ব্যৱহাৰ কৰি লণ্ডনৰ এগৰাকী ব্ৰিটিছ ৰোগীৰ দুয়োটা আঁঠু একেলগে প্ৰতিস্থাপন কৰা হয়। প্ৰতিষ্ঠাৰ মাত্ৰ ৩ বছৰৰ ভিতৰতে ১০০০ৰো অধিক জয়েন্ট ট্ৰান্সপ্লাণ্টেৰে বিশ্বব্যাপী খ্যাতি লাভ কৰাৰ পাছত এই অস্ত্ৰোপচাৰে সফল ৰবটিক জয়েন্ট ট্ৰান্সপ্লাণ্টৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা বুলি নিঃসন্দেহে ক’ব পাৰি। এইটো সঁচাকৈয়ে বিহাৰৰ বাবে গৌৰৱৰ বিষয় কিয়নো এই সফলতাই সমগ্ৰ ঠাইখনক এখন চিকিৎসা পৰ্যটনৰ স্থানলৈ পৰিৱৰ্তিত কৰি তুলিছে।অনুপ ইনষ্টিটিউট অৱ অৰ্থপেডিকছ এণ্ড ৰিহেবিলিটেচনৰ এক্সটেনচন ইউনিটৰ মেডিকেল সঞ্চালক ডাঃ আশীষ সিঙে আঁঠু আৰু নিতম্ব সলনি কৰাৰ ক্ষেত্ৰত ৰবটিক অস্ত্ৰোপচাৰৰ বিষয়ে বিতং তথ্য আগবঢ়ায়। ৰোগীক তেওঁৰ অভিজ্ঞতাৰ বিষয়ে সোধাত ৰোগীয়ে ইয়াক তেওঁৰ “শ্ৰেষ্ঠ সিদ্ধান্ত” বুলি অভিহিত কৰে আৰু ব্ৰিটেইন আৰু আমেৰিকাত লাভ কৰা পূৰ্বৰ সকলো অভিজ্ঞতাতকৈ অধিক সন্তুষ্টিদায়ক বুলি কয়। সু-পৰিকল্পিত আতিথ্যৰ সৈতে ৰোগীসকলক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হোৱাত সহায় কৰাৰ ক্ষেত্ৰত থকা নিজৰ দৃষ্টিভংগীৰ বাবে অনুষ্ঠানটোৱে ইংলেণ্ড, পাকিস্তান, ভূটান, নেপাল, বাংলাদেশ আৰু আফগানিস্তান আদি দেশৰ পৰা অহা ৰোগীক শুশ্ৰূষা কৰাৰ সুযোগ লাভ কৰিছে।চহৰ নগৰৰ প্ৰান্তে প্ৰান্তে কৰা মানুহৰ অন্তহীন অপেক্ষা, ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চহৰবোৰত অত্যাধিক মূল্য বহন কৰাৰ পাছতো লাভ কৰা চিকিৎসকৰ অৱহেলা আদি সমস্যাবোৰ দূৰ কৰাৰ বাবে গুৱাহাটী, ডিব্ৰুগড়, আগৰতলা, মহাৰাষ্ট্ৰ, মুম্বাই, দিল্লী, বাংগালুৰু, নাগপুৰ আৰু ৰায়পুৰকে ধৰি বহুসংখ্যক ভাৰতীয় ৰাজ্য আৰু চহৰত এই অনুষ্ঠানটোৱে নিজৰ প্ৰসাৰতা বৃদ্ধি কৰিছে। ৰবটিক ব্যৱস্থাই আঁঠু সলনি কৰা অস্ত্ৰোপচাৰৰ ৩-৪ ঘণ্টীয়া সময় মাত্ৰ ৪০ৰ পৰা ৫০ মিনিটলৈ হ্ৰাস কৰিছে, আৰু এই প্ৰক্ৰিয়াৰ পিছত ৪ৰ পৰা ৫ ঘণ্টাৰ ভিতৰত ৰোগীয়ে ভৰিৰ ওপৰত থিয় হোৱাটো নিশ্চিত কৰিছে।
Post Top Ad
Responsive Ads Here
Tuesday, 23 April 2024
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment