৭ এপ্ৰিলত অনুষ্ঠিত হ’ব আই আই টি গুৱাহাটী টেক্‌নিশ্বৰ বাৰ্ষিক গুৱাহাটী হাফ মাৰাথন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 2 April 2024

৭ এপ্ৰিলত অনুষ্ঠিত হ’ব আই আই টি গুৱাহাটী টেক্‌নিশ্বৰ বাৰ্ষিক গুৱাহাটী হাফ মাৰাথন


 


W7s news,,,গুৱাহাটী, ২ এপ্ৰিল, ২০২৪:  উৎসাহ, আশা আৰু আনন্দৰ লহৰ তুলি চতুৰ্দশ সংস্কৰণৰ সৈতে পুনৰ উভতি আহিছে আই আই টি গুৱাহাটীৰ বাৰ্ষিক টেক্‌নো-মেনেজমেণ্ট ফেষ্ট, টেক্‌নিশ্ব্। প্ৰতিবছৰৰ দৰে এইবাৰো আই আই টি গুৱাহাটী, টেক্‌নিশ্বে বাৰ্ষিক উৎসৱটিৰ উদ্বোধনীমূলক কাৰ্যসূচী হিচাপে ৭ এপ্ৰিল তাৰিখে গুৱাহাটী হাফ মাৰাথন আয়োজন কৰিছে।আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই বছৰৰ গুৱাহাটী হাফ মাৰাথনৰ কথা ঘোষণা কৰি টেক্‌নিশ্ব্‌ ২০২৪ দলে হাফ মাৰাথনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে। এইবছৰৰ গুৱাহাটী হাফ মাৰাথনৰ বিষয়বস্তু হ'ব “ৰান ফৰ্‌ এ ক্লিনাৰ টুমৰো’’।গুৱাহাটীৰ সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামৰ পৰা পুৱা ৫:১৫ বজাত হাফ মাৰাথন আৰম্ভ হ'ব। এই বছৰৰ গুৱাহাটী হাফ মাৰাথনৰ বিষয়বস্তু "ৰান ফৰ এ ক্লিনাৰ টুমৰো"ৰ জৰিয়তে গুৱাহাটীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় সমস্যাৰ জৰুৰীকালীন সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিব বিচৰা হৈছে। অনুষ্ঠানটোৱে অংশগ্ৰহণকাৰীসকলক বিষয়বস্তুটো সমৰ্থন কৰিবলৈ আৰু নিজৰ সমাজখনত ইতিবাচক প্ৰভাৱ পেলাবলৈ এখন মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।অজস্ৰ অনুষ্ঠান, প্ৰতিযোগিতা, কৰ্মশালা আৰু কাৰ্যসূচীৰে ভৰপূৰ আই আই টি গুৱাহাটী টেক্‌নিশ্ব্‌ হৈছে শিক্ষাৰ্থীসকলৰ দলীয় প্ৰচেষ্টাৰ এক উৎকৃষ্ট আভাস।"টেক্‌নিশ্ব্‌ সদায়েই এই বিশেষ উৎসৱটিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত ইতিবাচক প্ৰভাৱ সৃষ্টি কৰাৰ এখন মঞ্চ হৈ আহিছে। গুৱাহাটী হাফ মাৰাথনো ইয়াৰ ব্যতিক্ৰম নহয়। এই অনুষ্ঠানটো হৈছে সুস্থতা, অধ্যৱসায় আৰু মানৱ সম্ভাৱনাৰ এক উৎসৱ; লগতে ই টেক্‌নিশ্বৰ অন্তৰ্নিহিত সত্ত্বাৰ এক প্ৰমাণ। "ৰান ফৰ এ ক্লিনাৰ টুমৰো" বিষয়টোৰ অন্তৰ্ভুক্তিৰে অনুষ্ঠানটোৱে এক সামাজিক মাত্ৰা গ্ৰহণ কৰি অংশগ্ৰহণকাৰীসকলৰ শাৰীৰিক সক্ষমতাক প্ৰত্যাহ্বান জনোৱাৰ উপৰি আমাৰ সমাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়টোৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈও উৎসাহিত কৰে।মেৰী কম আৰু মীৰাবাই চানুৰ দৰে কিংবদন্তী ক্ৰীড়াবিদৰ বাসস্থান উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া উৰ্বৰ মস্তিষ্কৰ ফচল টেক্‌নিশ্ব্‌ আমাৰ বাবে কেৱল এক সামাজিক দায়বদ্ধতাই নহয়, এয়া হৈছে গুৱাহাটীৰ সদা পৰিৱৰ্তনশীল সমাজখনলৈ সেৱা আগবঢ়োৱা আৰু অঞ্চলটোত ইতিবাচক পৰিৱৰ্তন আৰম্ভ কৰাৰ গৌৰৱ। এইবাৰ, আমি সামাজিক বিকাশৰ পৰিধি ঠেলি এক অধিক স্বচ্ছ ভৱিষ্যতৰ বাবে দৌৰিবলৈ ওলাইছোঁ। আমি সমগ্ৰ ভাৰতৰ পৰা গুৱাহাটীলৈ টেক্‌নিশ্ব্‌ আৰু গুৱাহাটী হাফ মাৰাথনৰ বাবে অহা অংশগ্ৰহণকাৰীসকলক স্বাগতম জনোৱাৰ লগতে চৌপাশে এক উৎসাহজনক পৰিৱেশ সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছোঁ।” টেক্‌নিশ্ব্‌ ২০২৪ৰ আহ্বায়ক সম্যক শৰ্মাই কয়।অহা ৭ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী হাফ মাৰাথন হৈছে টেক্‌নিশ্বৰ দ্বাৰা বিশ্বব্যাপী লাখ লাখ লোকৰ বাবে প্ৰাসংগিক বিষয়ৰ হকে যুঁজিবলৈ মানুহক একত্ৰিত কৰাৰ এক প্ৰয়াস। আমাৰ অংশগ্ৰহণকাৰী, পৃষ্ঠপোষক আৰু স্বেচ্ছাসেৱকসকলৰ সমৰ্থনত আমি এখন পৰিষ্কাৰ গুৱাহাটী সৃষ্টিৰ যুঁজত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰিম বুলি আশা কৰিছোঁ। এখন স্বাস্থ্যৱান, অধিক প্ৰাণৱন্ত সমাজ গঠনৰ হকে চলোৱা আমাৰ এই প্ৰচেষ্টাত এইবছৰ আমি সকলোকে আমাৰ সৈতে একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here