নেডফিৰ সহযোগত জুবলী ফাউণ্ডেচনৰ 'প্রজেক্ট বৰদান' সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 2 April 2024

নেডফিৰ সহযোগত জুবলী ফাউণ্ডেচনৰ 'প্রজেক্ট বৰদান' সম্পন্ন


 

W7s news,,,গুৱাহাটী,: নেডফিৰ সহযোগত জুবলী ফাউণ্ডেচনে আৰম্ভ কৰা 'প্রজেক্ট বৰদান' প্রকল্প সফলতাৰে সম্পন্ন হৈছে। বৰদান শব্দটোৰ অৰ্থই হৈছে জীৱনৰ উপহাৰ। এই প্রকল্পই উক্ত নামৰ সৈতে সামঞ্জস্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সম্প্রদায়ৰ মাজত মৃত ব্যক্তিৰ অংগদান সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। এমাহৰ ভিতৰত জুবলী ফাউণ্ডেচনৰ এটা সমর্পিত দলে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন বাজ্য ভ্রমণ কৰি ৩৩ খন কর্মশালা অনুষ্ঠিত কৰে। এই কর্মশালাসমূহত মৃতকৰ অংগদান সন্দৰ্ভত শিক্ষাদান কৰাৰ লগতে সজাগতাও গঢ়ি তোলা হয়। এই কর্মশালাৰ মূল উদ্দেশ্য আছিল বিষয়টোৰ সৈতে জড়িত হৈ থকা ভ্রান্ত ধাৰণা আৰু অন্ধবিশ্বাস দূৰ কৰা। 'বৰদান' শব্দটোৱে এই প্রকল্পৰ অন্তৰালত নিহিত হৈ থকা অর্থক প্রতিফলিত কৰিছে আৰু ইয়াৰ জৰিয়তে অংগদানৰ ফলত কিদৰে জীৱন ৰক্ষা কৰিব পাৰি আৰু আৰ্তজনৰ মনত আশাৰ সঞ্চাৰ ঘটাব পাৰি, সেই বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে। কথোপকথন, তথ্যমূলক ছেমিনাৰ, নাগৰিকৰ অংশগ্রহণ কাৰ্যসূচী আদিব মাধ্যমত 'প্রজেক্ট বৰদান'-এ যথেষ্টসংখ্যক লোকক সামৰি লয় আৰু তেওঁলোকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। জুবলী ফাউণ্ডেচনৰ চি ই অ' প্রিয়ংকা বৰাই 'প্রজেক্ট বৰদান' সফল কৰি তোলাত প্ৰতিগৰাকী অংশীদাৰীক ধন্যবাদ জ্ঞাপন কৰে। এইক্ষেত্ৰত দলীয় সদস্যসকলৰ লগতে স্থানীয় প্রশাসন আৰু নাগৰিক সমাজৰ পৰা লাভ কৰা সমর্থনৰ কথাও তেওঁ স্বীকাৰ কৰে। উত্তৰ-পূৰ্বাঞ্চলত মৃত ব্যক্তিৰ অংগ দানৰ ক্ষেত্ৰত সজাগতা গঢ়ি তোলাৰ এই অভিযানত ৩৩ খনকৈ কর্মশালা সফলতাৰে সম্পন্ন হোৱা বিষয়টোবে বিশেষ তাৎপর্য বহন কৰিছে। 'প্রজেক্ট বৰদান' সমাপ্ত হ'লেও এই পদক্ষেপে অংগ দানৰ জৰিয়তে জীৱন দানৰ ধাৰণাক আগুৱাই নিয়াৰ ক্ষেত্ৰত পথ প্রদর্শক হিচাপে কাম কৰি যাব। এনে পদক্ষেপে সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিকো অনুপ্রাণিত কৰিব বুলি আশা কৰা হৈছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত অনুষ্ঠিত সামৰণী কর্মশালাত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য ছুপাৰিনটেন্ডেন্ট অধ্যাপক (ডাঃ) কৰুণা হাজৰিকাই এই উদ্দেশ্য সন্দর্ভত আশা প্রকাশ কৰাৰ লগতে এনে এক পদক্ষেপ গ্ৰহণ কৰাৰ বাবেজুবলী ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে। এই পদক্ষেপৰ ফলত মানুহৰ জীৱনত যোগাত্মক প্রভাব পৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে। নেডফিৰ ডেপুটী জেনেৰেল মেনেজাৰ অসীম দাসে এই অনুষ্ঠানত গুরুত্বপূর্ণ বক্তব্য প্রদান কৰাৰ লগতে এনে এক মহান উদ্দেশ্যৰ প্ৰথমবাৰলৈ অংশীদাৰী হ'বলৈ পাই সংস্থাটো যথেষ্ট আনন্দিত বুলিও উল্লেখ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here