বিশেষভাৱে সক্ষম শিশুসকলৰ দ্বাৰা দৰ্শনীয় অনুষ্ঠান প্ৰদৰ্শন কৰি অমৃতচেম-এ উদযাপন কৰিছে বিহু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 13 April 2024

বিশেষভাৱে সক্ষম শিশুসকলৰ দ্বাৰা দৰ্শনীয় অনুষ্ঠান প্ৰদৰ্শন কৰি অমৃতচেম-এ উদযাপন কৰিছে বিহু





W7s news,,,গুৱাহাটী, ১১ এপ্ৰিল, ২০২৪ – উত্তৰ-পূৰ্বাঞ্চলৰ এটা আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড অমৃতচেম-এ স্থানীয় ৰাইজৰ বিশেষভাৱে সক্ষম শিশুসকলৰ অবিশ্বাস্য প্ৰতিভা দাঙি কৰা এটি বিহু অনুষ্ঠান উদযাপনৰ আয়োজন কৰি সন্মিলন আৰু বৈচিত্ৰ্যৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।

চান্দমাৰী স্থিত পূৱ গুৱাহাটী বিহু সন্মিলনত, আজি অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো আছিল সকলো মানুহক নিজকে প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ তীব্ৰ উছাহখিনি প্ৰদৰ্শন কৰিবৰ বাবে সুযোগ প্ৰদান কৰাৰ প্ৰতি থকা অমৃতচেম-ৰ প্ৰতিশ্ৰুতিৰ এক জীৱন্ত দলিল। অমৃতচেম-ৰ পৃষ্ঠপোষকতাত, অভিজ্ঞ নৃত্য-নিৰ্দেশকসকলৰ দ্বাৰা বিশেষভাৱে সাজু কৰি তোলা পাঁচটি বিশেষভাৱে সক্ষম শিশুৱে তেওঁলোকৰ মনোমোহা নৃত্য প্ৰদৰ্শনেৰে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।

এখন মানুহেৰে পৰিপূৰ্ণ খেলপথাৰৰ স্পটলাইটৰ তলত, শিশু নৃত্যশিল্পীসকলক মঞ্চলৈ আগবঢ়াই লৈ যোৱাৰ লগে লগে, তেওঁলোকে দৰ্শকসকলক মন্ত্ৰমুগ্ধ তথা গভীৰভাৱে আকৰ্ষিত কৰি তোলা এক অনুষ্ঠান প্ৰদৰ্শন কৰি মঞ্চত প্ৰবল আত্মবিশ্বাস আৰু অনুপম লয়লাস নিগৰাই তোলে। তেওঁলোকৰ বিস্ময়কৰ নৃত্যশিল্প, অভিব্যক্তিপূৰ্ণ সঞ্চালন আৰু অতি ব্যাপ্তিশীল শক্তিয়ে শাৰীৰিক সীমাবদ্ধতা অতিক্ৰম কৰি তথা বিশ্বজনীন আৱেগ-অনুভূতিসমূহ উদ্ভাসিত কৰি উপস্থিত সকলোৰে বুকুত এক তীব্ৰ অনুৰণন সৃষ্টি কৰে।

এই পদক্ষেপৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই অমৃত চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক, শ্ৰীযুত প্ৰদীপ বাগলাই শিশু শিল্পীসকলৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু কষ্টসহিষ্ণুতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকক লৈ অপৰিসীম গৌৰৱ প্ৰকাশ কৰে। তেখেতে কয়, "আজি ৰাতি তেওঁলোকে যি প্ৰদৰ্শন আগবঢ়ালে সেয়া কেৱল তেওঁলোকৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰে এক জীৱন্ত প্ৰমাণ নহয়, এয়া হৈছে বৈচিত্ৰ্যতাক আঁকোৱালি লোৱা আৰু প্ৰতিজন ব্যক্তিয়ে পৃথিৱীলৈ লগত লৈ অহা অনন্য উপহাৰসমূহ উদযাপন কৰাৰ এক স্মাৰক।"এই অনুভূতিখিনিৰ পুনৰাবৃত্তি কৰি অমৃত চিমেণ্টৰ সঞ্চালক  উমঙ্গ বাগলাই কয়, "আমি অমৃত চিমেণ্টে বিশ্বাস কৰোঁ যে বৈচিত্ৰ্যতাই হৈছে শক্তি আৰু সকলোৱে নিজকে প্ৰকাশ কৰাৰ লগতে নিজৰ তীব্ৰ উছাহখিনি প্ৰদৰ্শন কৰিবৰ বাবে সকলোৰে এটা সুযোগ লাভ কৰিবলৈ অধিকাৰ আছে।"অমৃতচেমৰ লক্ষ্য হৈছে এই প্ৰতিভাশালী শিশুসকলক উজলি উঠিবৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ উপৰিও শিল্পকলাৰ ক্ষেত্ৰখনত অন্তৰ্ভুক্তি, সমতা আৰু অভিগম্যতা প্ৰৱৰ্তন কৰা। শাৰীৰিক সীমাবদ্ধতা অতিক্ৰম কৰাৰ লগতে ইতিবাচক পৰিৱৰ্তনৰ পোষকতা কৰিবৰ বাবে নৃত্যৰ শক্তি প্ৰদৰ্শন কৰা, এই অনুষ্ঠানটোৱে এখন অধিক অন্তৰ্ভুক্তিমূলক সমাজক উৎসাহিত কৰিব বিচাৰে য'ত সকলোকে সন্মান কৰাৰ লগতে উদযাপন কৰিবলৈ দিয়া হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here