পল্টন বজাৰ মুকলি বিহু আৰু সাংস্কৃতিক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 14 April 2024

পল্টন বজাৰ মুকলি বিহু আৰু সাংস্কৃতিক অনুষ্ঠান


 


W7s news গুৱাহাটী: পল্টন বজাৰ নাগৰিক মঞ্চৰ উদ্যোগত দেওবাৰে দ্বিতীয়বাৰৰ বাবে গুৱাহাটীৰ পল্টন বজাৰস্থিত গুৱাহাটী সাহিত্য সভা প্রাংগণত  মুকলি বিহু আৰু সাংস্কৃতিক আয়োজন কৰা হয়। এই উপলক্ষে পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে বিশিষ্ট লেখিকা সবিতা দেৱীয়ে। তাৰপাছত

বিহু পতাকা উত্তোলন কৰে গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজাই। স্মৃতি তৰ্পন কৰে পল্টন বজাৰ মুকলি বিহু সমিতিৰ সভাপতি প্ৰাণতোষ ৰয়ে। তাৰপাছত শিশুসকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰে গুৱাহাটী সাহিত্য সভাৰ সভাপতি দীপক কুমাৰ গোস্বামীয়ে। ইয়াৰ পাছত কেইবাগৰাকী আমন্ত্ৰিত ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। মুকলি বিহু উপলক্ষে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুকলি বিহুৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত বিদ্যা সাগৰকে ধৰি কেইবাজনো ন-পুৰণি শিল্পীয়ে গীত,নৃত্য পৰিবেশন কৰাৰ লগতে কেইবাটাও বিহু হুঁচৰি দলে অনুষ্ঠান পৰিবেশন কৰে। এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ তথা সমিতিৰ মুখ্য পৃষ্ঠপোষক মৃগেন শৰণীয়া,৩১ নং ৱাৰ্ডৰ পাৰিষদ ৰত্না সিংৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here