বৈচিত্ৰ্যপূৰ্ণ খাদ্যসম্ভাৰৰ সৈতে ৰঙালীৰ ৰং বিলাবলৈ সাজু হৈছে ৰেডিছন ব্লু - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 10 April 2024

demo-image

বৈচিত্ৰ্যপূৰ্ণ খাদ্যসম্ভাৰৰ সৈতে ৰঙালীৰ ৰং বিলাবলৈ সাজু হৈছে ৰেডিছন ব্লু

Responsive Ads Here

 

W7s news,,,গুৱাহাটী, ১০ এপ্ৰিল: উছাহৰ উৎসৱ ৰঙালী বিহুক আদৰিবলৈ সমগ্ৰ ৰাজ্যখন সাজু হৈ উঠাৰ সময়তেই নিজৰ বিভিন্ন ৰেষ্টুৰেণ্টত সন্মানীয় অতিথিসকলৰ বাবে বৈচিত্ৰ্যপূৰ্ণ খাদ্যসম্ভাৰ আগবঢ়াবলৈ যো-জা কৰিছে ৰেডিছন ব্লু গুৱাহাটীয়ে। ৰঙালী বিহু ব্ৰাঞ্চ: ১৪ এপ্ৰিলত কেফে বি ইউয়ে পৰম্পৰাগত অসমীয়া সজ্জাৰে সজ্জিত হৈ অতিথিসকলক বিশেষভাৱে প্ৰস্তুত কৰা ৰঙালী বিহু ব্ৰাঞ্চ আগবঢ়াব। এই উপলক্ষে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে পৰম্পৰাগত অসমীয়া সাজ-পোছাক পৰিধান কৰি অতিথিসকলক ৰঙালী বিহুৰ প্ৰকৃত সত্ত্বাৰে আদৰণি জনাব। দুপৰীয়া ১২:৩০ৰ পৰা ৪ বজালৈ অতিথিসকলৰ বাবে এই বিশেষ ব্ৰাঞ্চ খোলা থাকিব আৰু ব্ৰাঞ্চৰ মূল্য হ’ব ২৩৯৯ টকা+কৰ। ফ্ৰাইডে ডিনাৰ ফিষ্ট: নিজৰ ৰাতিৰ আহাৰত মচলাযুক্ত স্বাদ যোগ দিবলৈ আগ্ৰহী অতিথিসকলৰ বাবে কেফে বি ইউয়ে সমগ্ৰ এপ্ৰিল মাহজুৰি ফ্ৰাইডে ডিনাৰ ফিষ্ট-দিল্লী চাটৰ কথা ঘোষণা কৰিছে। নিয়মীয়া বুফে ব্যৱস্থাত কিছু সতেজ মচলাযুক্ত স্বাদৰ সংমিশ্ৰণ ঘটাই কেফে বি ইউয়ে দিল্লীৰ সুস্বাদু খাদ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰি উলিওৱা অনন্য খাদ্যসম্ভাৰে অতিথিসকলৰ হৃদয় আৰু পেট প্ৰশান্ত কৰি তুলিব বুলি আশা কৰা হৈছে। দিল্লীৰ ষ্ট্ৰীট ফুড কাউণ্টাৰৰ দৰে লাইভ কাউণ্টাৰত প্ৰামাণিক চাটৰ অভিজ্ঞতাও অতিথিসকলে উপভোগ কৰিব পাৰিব। নিশা ৭ বজাৰ পৰা ১১:৩০ বজালৈ উপলব্ধ হ’বলগীয়া ফ্ৰাইডে ডিনাৰ ফিষ্টৰ মূল্য প্ৰতিগৰাকী ব্যক্তিৰ বাবে ১৯৯৯+কৰ ধাৰ্য্য কৰা হৈছে।স্নেচ মেচ ডিলছ এট্‌ ৰেইন: আই পি এলৰ সত্ত্বা উদযাপন কৰি ৰেডিছন ব্লু গুৱাহাটীৰ বিলাসী নৈশ আউটলেট ৰেইনে উপস্থাপন কৰিছে স্নেচ মেচ ডিলছ এট্‌ ৰেইন। মেচৰ সময়ত আগবঢ়োৱা অফাৰসমূহৰ হৈছে এনেধৰণৰ যে, চাৰিটা বিয়েৰ ক্ৰয় কৰিলে এটা পৰিপূৰক ষ্টাৰ্টাৰ, ৩৬০ মিলিলিটাৰ হুইস্কি, ভদকা, ৰাম বা জিন ক্ৰয় কৰিলে মদিৰাৰ ওপৰত ২০% ৰেহাই, আৰু প্ৰতিবাৰ “ছয়”কোবোৱাৰ লগে লগে বা প্ৰতিটো “উইকেট”লোৱাৰ লগে লগে মদিৰাৰ ওপৰত ২০% ৰেহাই। প্ৰতি শুকুৰবাৰ আৰু শনিবাৰে অতিথিসকলে লাইভ বেণ্ডৰ পৰিবেশনো উপভোগ কৰিব পাৰিব। এইবাৰ ৰঙালী বিহুৰ বতৰত ৰেডিচন ব্লু গুৱাহাটীয়ে আগবঢ়োৱা উদযাপন আৰু মনোমোহা খাদ্য অভিজ্ঞতাৰ সুযোগ নেহেৰুৱাব। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে অবিস্মৰণীয় স্মৃতিৰ সৃষ্টি কৰক আৰু ৰেডিচন ব্লু গুৱাহাটীত অসমীয়া সংস্কৃতিৰ সাৰমৰ্ম অনুভৱ কৰক। 


সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে  ৮৮১১০৯৯৩৯৭ নম্বৰত।যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *