বাজাজ অটো লিমিটেডে সম্পূৰ্ণ-নতুন পালছাৰ এন ২৫০ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 April 2024

বাজাজ অটো লিমিটেডে সম্পূৰ্ণ-নতুন পালছাৰ এন ২৫০ মুকলি

 

 W7s news গুৱাহাটী:  বিশ্বৰ আটাইতকৈ মূল্যৱান দুচকীয়া আৰু তিনিচকীয়া বাহন কোম্পানী বাজাজ অট'ৱে এন শৃংখলাৰ সম্পূৰ্ণ নতুন ফ্লেগশ্বিপ – পালছাৰ এন ২৫০ বৃহস্পতিবাৰে গুৱাহাটীৰ আদা


মুকলি কৰে। পালছাৰ লাইনআপৰ আটাইতকৈ ডাঙৰ ইঞ্জিনটো বহন কৰাৰ লগতে নেকেড ষ্ট্ৰীটফাইটাৰখন গ্ৰাহকৰ বাবে উন্নত আৰু প্ৰেচিশ্বন (নিখুঁত) ৰাইডিং অভিজ্ঞতা প্ৰদান কৰিবলৈ উন্নত বৈশিষ্ট্যৰে ভৰপূৰ। ২০২২ চনৰ জুলাই মাহত  এন ১৬০ আৰু  চনৰ ছেপ্টেম্বৰ মাহত  এন ১৬০ মুকলি কৰাৰ জৰিয়তে, পালছাৰ এন  ছিৰিজে বাজাজৰ পৰা এক শক্তিশালী লাইন আপক গৌৰৱান্বিত কৰে , যি দুয়োখনেই ১৫০-১৬০  চিচি শাখাত ঈৰ্ষণীয় স্থান দখল কৰিছে। নতুন এবিএছ ৰাইড ম'ড পালছাৰ এন ২৫০ তিনিটা এবিএছ ৰাইড ম'ডৰ সৈতে সজ্জিত: ৰ'ড, ৰেইন, আৰু অফ-ৰ'ড (পথ, বৰষুণ আৰু পথৰ পৰা নামি যোৱা) যাতে প্ৰেচিশ্বন (নিখুঁত) ৰাইডিঙক পৰৱৰ্তী স্তৰলৈ লৈ যায় । সৰ্বাধিক ৰাইডাৰ (চালক) নিয়ন্ত্ৰণ প্ৰদান কৰিবলৈ প্ৰতিটো ৰাইড ম'ডত এবিএছৰ বলপূৰ্বক প্ৰৱেশ সৰ্বোত্তমভাৱে অপ্টিমাইজ (অনুকূলন) কৰা হয়।ৰ'ড (পথ) ম'ড ষ্টেণ্ডাৰ্ড (মানক) হিচাপে নিৰ্ধাৰণ কৰা হৈছে আৰু নিয়মীয়া ৰাইডিঙৰ বাবে সৰ্বোত্তম, সেয়া চহৰতেই হওক অথবা ঘাইপথতেই হওক।ৰেইন (বৰষুণ) ম'ড ভিজা পথৰ বাবে উপযোগী আৰু পিছল পৃষ্ঠত অধিক আত্মবিশ্বাস আৰু সুস্থিৰ ব্ৰেকিং নিশ্চিত কৰে। 

অফ-ৰোড (পথৰ পৰা নামি যোৱা) ম’ড ওখোৰা-মোখোৰা ভুখণ্ড তথা পথৰ অৱস্থাৰ বাবে উপযোগী আৰু ই সামগ্ৰিক হেণ্ডলিং (চম্ভালিব পৰাৰ) অভিজ্ঞতাক উন্নত নিয়ন্ত্ৰণ দিয়ে ।চুইচেবল (সলনি কৰিব পৰা) ট্ৰেকশ্বন নিয়ন্ত্ৰণ পালছাৰ এন ২৫০ৰ  চুইচেবল (সলনি কৰিব পৰা) ট্ৰেকশ্বন নিয়ন্ত্ৰণে পিছফালৰ চকাটোক পিছল পৃষ্ঠত বা জোৰেৰে কৰা ত্বৰণৰ সময়ত নিয়ন্ত্ৰণৰ বাহিৰত ঘূৰাত বাধা দিয়ে। ইয়াৰ ফলত বাইকখনে ৰাইডাৰক(চালকক) নিয়ন্ত্ৰণত ৰাখি, দৃঢ় গ্ৰিপ ( পথত খামুচি ধৰা গুণ) বজাই ৰখাত সহায় হয় আৰু চুঁচৰি যোৱা আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ বিপদাশংকা হ্ৰাস কৰে।আপছাইড- ডাউন (ওপৰফালটো তলমুৱা) ফৰ্ক ছাপেন্সন পালছাৰ এন ২৫০ত ৩৭ মিলিমিটাৰ ইউএছডি (আপছাইড- ডাউন) ফৰ্ক  ছাস্পেনশ্বন ব্যৱহাৰ কৰা হৈছে ,যিয়ে বাইকৰ ক্ষিপ্ৰ গুণ আৰু শ্বক শোষণ কৰিব পৰা  ক্ষমতা উন্নত কৰে। চালকক উচ্চতম মাত্ৰাৰ নিয়ন্ত্ৰণ আৰু নিখুঁততাৰ নিশ্চয়তা দিব পাৰি। ইউএছডি ফৰ্কসমূহে পাৰ্ল মেটালিক হোৱাইট(বগা) আৰু গ্লছি ৰেচিং ৰেড (ৰঙা) ভেৰিয়েণ্টৰ ক্ষেত্ৰত এক প্ৰিমিয়াম চেম্পেইন সোণালী ৰং আৰু ব্ৰুকলিন ব্লেক(ক'লা ) ভেৰিয়েণ্টৰ ক্ষেত্ৰত এটা শিহৰণকাৰী সম্পূৰ্ণ ক'লা ৰূপ প্ৰদৰ্শন কৰে।

ব্লুটুথ সংযোগৰ সৈতে বৈপ্লৱিক ডিজিটেল কনছ'ল

এন ২৫০ ত লগতে এটা সম্পূৰ্ণ ডিজিটেল, ব্লুটুথ-সক্ষম, ৰিভাৰ্ছ মনোক্ৰমেটিক এলচিডি কনছ'ল আছে । ব্লুটুথ একত্ৰীকৰণৰ দ্বাৰা চালকে ম'বাইল জাননী লাভ কৰিব পাৰে আৰু কনছ’লত কল গ্ৰহণ বা প্ৰত্যাখ্যান কৰিব পৰাৰ লগতে ইন্ধন গেজৰ (জোখ-মাখৰ) সূচনা আৰু সেৱা সম্পৰ্কীয় জাননীও পাব পাৰে। নতুনকৈ প্ৰস্তুত কৰা বাজাজ ৰাইড কানেক্ট এপটোৱে ৰাইডাৰৰ (চালকৰ) ম'বাইল ফ’ন আৰু বাইকৰ মাজত নিৰৱচ্ছিন্ন সংযোগৰ সুবিধা প্ৰদান কৰে ।.পালছাৰ এন১৫০ আৰু এন ১৬০ৰ ২০২৪ চনৰ সংস্কৰণত এই বছৰৰ আৰম্ভণিতে কনছ'ল আপগ্ৰে'ড কৰা হৈছিল,   টিবিটি ( টাৰ্ণ-বাই-টাৰ্ণ) নেভিগেশ্বন সুবিধাৰ সৈতে এন ২৫০ য়ে পৰৱৰ্তী স্তৰলৈ সীমা উন্নীত কৰিছে , যিটো পালছাৰ এন পৰিয়ালৰ মটৰ চাইকেলৰ ক্ষেত্ৰত প্ৰথম। ৰিয়েল- টাইম সংযোগৰ সৈতে সংযুক্ত হৈ টিবিটি নেভিগেশ্বনে ম'বাইল ফ’ন ব্যৱহাৰ কৰাৰ ফলত হোৱা ব্যাঘাত বিক্ষিপ্ততা কম কৰি ৰাইডাৰৰ মনোযোগ বৃদ্ধি কৰে, যাৰ ফলত ৰাইডিং অভিজ্ঞতা আৰু অধিক উন্নত হৈ পৰে।নতুন গ্ৰাফিক্স পালছাৰ এন ২৫০ ত নতুন গ্রাফিক্স ছেটৰ সৈতে সতেজ ষ্টাইলিং আছে আৰু ই ব্ৰুকলিন ব্লেক(ক'লা), পাৰ্ল মেটালিক হোৱাইট(বগা), আৰু গ্ল'চি ৰেচিং ৰেড(ৰঙা) ৰঙৰ আঁচনিত উপলব্ধ। ক'লা ক্ৰ'ম ব্ৰেণ্ডিং, ব্লেক-আউট কৰা এলয়, ইউএছডি ফৰ্ক, এক্সহষ্ট, আৰু ইঞ্জিনৰ কেছিং পালছাৰ এন ২৫০ৰ শিহৰণকাৰী ৰ’ড প্ৰেজেন্স অধিক বৃদ্ধি কৰিবলৈ ডিজাইন কৰা হৈছে। বহল টায়াৰ পালছাৰ এন ২৫০ এতিয়া উন্নত গ্ৰিপ ( পথত খামুচি ধৰা গুণ)  আৰু স্থিৰতাৰ বাবে বহল টায়াৰ (সন্মুখৰ ১১০/৭০-১৭, পিছৰ ১৪০/৭০-১৭)ৰ সৈতে সজ্জিত কৰা হৈছে। এই ডাঙৰ সংযোগ পেচ্ছে বিশেষকৈ কৰ্ণাৰিঙৰ (চুকলৈ যোৱাৰ) সময়ত অথবা ত্বৰান্বিত কৰাৰ সময়ত উন্নত গ্ৰিপ আৰু ট্ৰেকশ্বন প্ৰদান কৰে। ইয়াৰ ফলত, বিশেষকৈ ভিজা বা অসমান পৃষ্ঠৰ দৰে প্ৰত্যাহ্বানমূলক পথত ৰাইডাৰে নিজৰ বাইকৰ হেণ্ডলিঙৰ ওপৰত অধিক আত্মবিশ্বাস অনুভৱ কৰিব পাৰে। বহল টায়াৰে পালছাৰ এন ২৫০ক পেশীবহুল আৰু আক্ৰমণাত্মক ৰূপ দি ৰ’ড প্ৰেজেন্সো বৃদ্ধি কৰে। আটাইতকৈ ডাঙৰ ইঞ্জিন পালছাৰ এন ২৫০ক ২৪৯,০৭ চিচি, অইল-কুলড ইঞ্জিন ২৪.৫ পিএছ আৰু ২১.৫ নিউটন মিটাৰ টৰ্ক প্ৰদান কৰিবলৈ টিউন কৰা হৈছে আৰু ইয়াত স্লিপ-এণ্ড-এছিষ্ট ক্লাট্‌ছ আছে। প্ৰতিদ্বন্দ্বীসকলৰ মাজত আটাইতকৈ ডাঙৰ ইঞ্জিনৰ সৈতে পালছাৰ এন ২৫০ য়ে অতি প্ৰতিযোগিতামূলক মূল্যত এক মনোমোহা প্ৰদৰ্শনৰ লগতে এক পৰিশোধিত ৰাইডিং অভিজ্ঞতা প্ৰদান কৰে, যাৰ ফলত আন প্ৰতিদ্বন্দ্বীসকল বহু পিছ পৰি ৰৈছে। এই উন্নত বৈশিষ্ট্যসমূহৰ সৈতে ইউএছডি ফৰ্কৰ কৌশলগততাই বাইকৰ ৰাইডৰ মান আৰু কৰ্ণাৰিং ক্ষমতাক যথেষ্ট উন্নত কৰে।পালছাৰ এন ২৫০ৰ বিষয়ে কোৱাৰ সময়ত বাজাজ অট’ৰ মটৰ চাইকেল শাখাৰ অধক্ষ্য সাৰংগ কানাডেই কয় যে, “এন ছিৰিজ হৈছে পালছাৰ পৰ্টফলিঅ’ৰ ভিতৰত এক অতি সফল ৰেঞ্জ যিয়ে দৈনিক ৰাইড অভিজ্ঞতাৰ ক’ড পুনৰ সংজ্ঞায়িত কৰিছে। পালছাৰ এন ১৫০  আৰু এন ১৬০ৰ সৈতে আমি ইতিমধ্যে এই ছেগমেণ্টত এটা বেঞ্চমাৰ্ক স্থাপন কৰিছিলোঁ। উন্নত বৈশিষ্ট্য আৰু প্ৰযুক্তিৰ সৈতে পালছাৰ এন ২৫০ , ১৫০ৰ পৰা ১৬০ চিচিলৈ আপগ্ৰে’ড কৰিব বিছৰা লোকসকলৰ বাবে ১.৫১ লাখ মূল্যৰ এক অতি আকৰ্ষণীয় প্ৰ’ডাক্ট। ভাৰতৰ #১ স্প’ৰ্টছ মটৰ চাইকেল হিচাপে পালছাৰৰ নেতৃত্ব শক্তিশালী কৰি ই আপোনাক এক নিখুঁত, সংযুক্ত, আৰু প্ৰদৰ্শন-কেন্দ্ৰিক ৰাইডৰ লগতে পালছাৰৰ সমাৰ্থক ৰাইডিঙৰ ৰোমাঞ্চ দিয়ে।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here