হোলী উপলক্ষে ৰেডিচন ব্লু গুৱাহাটীত বিশেষ ডিনাৰ মেনু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 March 2024

হোলী উপলক্ষে ৰেডিচন ব্লু গুৱাহাটীত বিশেষ ডিনাৰ মেনু


 

খাদ্যৰ জৰিয়তে ৰঙৰ উৎসৱ উদযাপন

 

W7s news,,,গুৱাহাটী, ২২ মাৰ্চ, ২০২৪: এই হোলীত ৰেডিচন ব্লু গুৱাহাটীত আয়োজন কৰা হৈছে এক দৰ্শনীয় হোলী বিশেষ নৈশ ভোজৰ, য’ত প্ৰাণৱন্ত ৰং আৰু অনন্য ৰন্ধনৰ আনন্দৰে ভৰা এক সন্ধিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।২৫ মাৰ্চত সন্ধিয়া ৭ বজাৰ পৰা নিশা ১১:৩০ বজালৈ ৰেডিছন ব্লু গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বিশেষ বুফে ডিনাৰৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, যাৰ দ্বাৰা হোলীৰ জীপাল ৰং আৰু উৎসৱমুখৰ উদযাপনৰ মাজত সুস্বাদু খাদ্যৰ শৃংখলেৰে অতিথিসকলক আগবঢ়োৱা হ’ব এক অবিস্মৰণীয় অভিজ্ঞতাৰে ভৰা এক সন্ধিয়া। “হোলীৰ আনন্দময় মনোভাৱৰ মাজত, আমাৰ সৈতে এক সুস্বাদু সোৱাদৰ যাত্ৰা উপভোগ কৰক। আমাৰ ৰন্ধন বিশেষজ্ঞসকলে অতি সতৰ্কতাৰে প্ৰস্তুত কৰা মনোৰম ব্যঞ্জনৰ এক আড়ম্বৰপূৰ্ণ ডিনাৰ বুফে আপোনাৰ বাবে অপেক্ষা কৰি আছে,” ৰেডিচন ব্লুৰ এক বিবৃতিত কোৱা হৈছে।হোটেলখনে অতিথিসকলৰ মনোৰঞ্জনৰ বাবে পৰম্পৰাগত হোলীৰ ৰং আৰু সুৰেৰে সন্ধিয়াটো উজ্জ্বল কৰিব। অতিথিসকলে আনন্দৰে ভৰা পৰিৱেশত তেওঁলোকৰ প্ৰিয়জনৰ সৈতে উৎসৱ উদযাপন কৰিব পাৰিব।এক বিবৃতিত হোটেলখনৰ মুখপাত্ৰই কয়, “আমি আমাৰ হোলী বিশেষ ডিনাৰ উপস্থাপন কৰি ৰোমাঞ্চিত হৈছো, ইয়াৰ জৰিয়তে আমি আমাৰ অতিথিসকলক এই উৎসৱমুখৰ অনুষ্ঠানটো আড়ম্বৰেৰে উদযাপন কৰাৰ এক অনন্য সুযোগ আগবঢ়াইছো। ৰেডিচন ব্লু গুৱাহাটীত আমি ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, আৰু এই অনুষ্ঠানটো অসাধাৰণতকৈ কম নহ’ব।”

 

সবিশেষ:

তাৰিখ: ২৫ মাৰ্চ, ২০২৪ 

সময়: সন্ধিয়া ৭:০০ বজাৰ পৰা নিশা ১১:৩০ বজালৈ 

স্থান: ৰেডিচন ব্লু গুৱাহাটী 

ডিনাৰৰ মূল্য: প্ৰতি ব্যক্তিৰ ১৮৯৯ টকা + টেক্স (পানীয় বাদ দি)

 

ৰিজাৰ্ভেচন আৰু সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰে: 8811099397

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here