কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিশ্ব কবিতা দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 March 2024

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিশ্ব কবিতা দিৱস উদযাপন

 

W7s news,গুৱাহাটী-  বিশ্ব কবিতা দিৱস উপলক্ষে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মনৱিকী বিদ্যা অধ্যয়ন সত্ৰৰ অসমীয়া বিভাগৰ উদ্যোগত নগৰ চৌহদৰ প্ৰেক্ষাগৃহত এটি বিশেষ বক্তৃতা আৰু কবিতা পাঠৰ অনুষ্ঠান আয়োজন কৰা হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসে উন্মোচন কৰা অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্হিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ দীপক জ্যোতি বৰুৱাই কবিতাৰ প্ৰাসংগিকতাৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। কবিতাৰ সৈতে জীৱনৰ সম্পৰ্ক, কবিতাৰ নিৰ্যাস, সময় আৰু কবিতাৰ ভিন্ন দিশৰ ওপৰত আলোকপাত কৰি বিশ্ব কবিতা আৰু অসমীয়া কবিতাৰ বিশ্লেষণ দাঙি ধৰে। একে অনুষ্ঠানতে নিমন্ত্রিত বিশিষ্ট কবি হিচাপে উপস্থিত আছিল অসমীয়া তথা ভাৰতীয় কাব্য সাহিত্যৰ এক প্ৰতিভা অনুভৱ তুলসী। তেখেতে স্বনিৰ্বাচিত কবিতা পাঠ কৰে। পাঠ কৰা অসমীয়া, ইংৰাজীৰ লগতে হিন্দী কবিতাত জীৱন, জগতৰসৈতে ব্যক্তিমনৰ সম্পৰ্কৰ দিশ প্ৰতিভাত হৈছে। অনুষ্ঠানৰ শেষত বিশ্ববিদ্যালয়ৰ মনৱিকী বিদ্যা অধ্যয়ন সত্ৰৰ সঞ্চালক তথা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক প্ৰাণজিত বৰাই সুবোধ চৰকাৰৰ কবিতা পাঠেৰে কাব্য দিৱসক অধিক সজীৱ কৰি তোলে। অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ বিষয়া, কৰ্মচাৰী, শিক্ষক আৰু গৱেষক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here