১৬তম ৰিয়েল্‌টি+ এক্সিলেন্স এৱাৰ্ডছ, ইষ্টত বিশেষভাৱে সন্মানিত জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 March 2024

১৬তম ৰিয়েল্‌টি+ এক্সিলেন্স এৱাৰ্ডছ, ইষ্টত বিশেষভাৱে সন্মানিত জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰ


 

একেৰাহে চতুৰ্থ বছৰৰ বাবে অব্যাহত বিজয়ৰ ধাৰা


W7s news,,,গুৱাহাটী, ২২ মাৰ্চ, ২০২৪: পূৰ্বাঞ্চলৰ প্ৰত্যাশিত সন্মান ৰিয়েল্‌টি+ এক্সিলেন্স এৱাৰ্ডছ, ইষ্টত পুনৰবাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল ডিব্ৰুগড়স্থিত অগ্ৰণী ৰিয়েল ইষ্টেট ডেভেলপমেণ্ট কোম্পানী জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰ। সফলতাৰ ধাৰা অব্যাহত ৰাখি জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰে একেৰাহে চতুৰ্থ বছৰৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হয়।১৬তম ৰিয়েল্‌টি+ কনক্লেভ আৰু এক্সিলেন্স এৱাৰ্ডছত দুটা শাখাত জয়লাভ কৰি জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰে। তেওঁলোকৰ প্ৰকল্প, ডিব্ৰুগড়ৰ জে এছ বি মেগনাম চিগনেচাৰ আৰু জে এছ বি ক'ৰ্টয়াৰ্ডক ক্ৰমে "মিক্সড-ইউজ প্ৰজেক্ট অৱ দ্য ইয়েৰ" আৰু "ৰেছিডেন্সিয়েল প্ৰজেক্ট অৱ দ্য ইয়েৰ" হিচাপে সন্মানিত কৰা হয়।২০২৪ চনৰ ২০ মাৰ্চত কলকাতাৰ নভোটেল হোটেল এণ্ড ৰেচিডেন্সত অনুষ্ঠিত এক অনুষ্ঠানত কোম্পানীটোক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিক্ৰী আৰু বিপণন মুৰব্বী শ্ৰীযুত শুভেন্দু ভট্টাচাৰ্যই কোম্পানীটোৰ হৈ এই প্ৰত্যাশিত বঁটা গ্ৰহণ কৰে।উল্লেখ্য যে, পূব অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ৰিয়েল ইষ্টেট পৰিৱেশৰ ৰূপান্তৰত ক্ষেত্ৰত জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰে এক চালিকা শক্তি হিচাপে কাম কৰি আহিছে। উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিৰে কোম্পানীটোৱে এতিয়ালৈকে অঞ্চলটোত ১১টা উল্লেখযোগ্য প্ৰকল্প সফলতাৰে সম্পন্ন কৰিছে। বৰ্তমান জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰ উচ্চ প্ৰশংসিত জে এছ বি মেগনাম চিগনেচাৰ আৰু জে এছ বি ক’ৰ্টয়াৰ্ডকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত চলি থকা ৬টা প্ৰকল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। মন কৰিবলগীয়া যে, ২০২৩ চনত আৰম্ভ হোৱা জে এছ বি মেগনাম চিগনেচাৰ আৰু জে এছ বি ক’ৰ্টয়াৰ্ড দুয়োটা প্ৰকল্প ২০২৬-২৭ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। এই প্ৰকল্পসমূহে বিলাসীতা, আৰাম আৰু সুৰক্ষাৰ সংমিশ্ৰিত উচ্চমানৰ আবাসস্থল নিৰ্মাণৰ ক্ষেত্ৰত কোম্পানীটোৰ সমৰ্পণৰ সাৰ্থকতা দাঙি ধৰে।জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰিচালন সহযোগী নিকুঞ্জ হৰলালকাই আনন্দ প্ৰকাশ কৰি কয়, "আমাৰ প্ৰকল্প জে এছ বি মেগনাম চিগনেচাৰ আৰু জে এছ বি ক'ৰ্টয়াৰ্ডৰ বাবে এই সন্মানীয় বঁটাসমূহ লাভ কৰি আমি আনন্দিত হৈছোঁ। এই স্বীকৃতিয়ে ৰিয়েল ইষ্টেট খণ্ডৰ উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি আমাৰ অটল সমৰ্পণ প্ৰদৰ্শিত কৰিছে। এই স্বীকৃতিৰ বাবে আমি ৰিয়েল্‌টি+ ক আমাৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আমাৰ গ্ৰাহকসকলৰ বাবে অনন্য আবাসিক অভিজ্ঞতা সৃষ্টিৰ প্ৰতি থকা আমাৰ প্ৰতিশ্ৰুতি অধিক দৃঢ় কৰিছোঁ।"ব্যতিক্ৰমী আৱাসিক আৰু বাণিজ্যিক সম্পদৰ জৰিয়তে সপোন গঢ়ি তোলা আৰু জীৱন সমৃদ্ধ কৰাৰ অভিযানৰ প্ৰতি জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰ সদায় উৎসৰ্গিত হৈ আহিছে। অতুলনীয় গুণগত মান আৰু মূল্য প্ৰদানৰ ওপৰত গভীৰভাৱে মনোনিৱেশ কৰি কোম্পানীটোৱে ধাৰাবাহিকভাৱে ৰিয়েল ইষ্টেট খণ্ডত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। ২০১১ চনত প্ৰতিষ্ঠাৰ পিছৰে পৰা জে এছ বি ইনফ্ৰাষ্ট্ৰাকচাৰে অসংখ্য পৰিয়ালৰ আকাংক্ষাক বাস্তৱলৈ ৰূপান্তৰিত কৰিছে। জীৱনশৈলী সমাজ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী হিচাপে পৰিচিত কোম্পানীটোৱে নিজৰ উদ্ভাৱনীমূলক ডিজাইন, নিখুঁত পৰিকল্পনা, আৰু বিশ্বমানৰ উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতাৰ বাবে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here