ভিট্ৰেৰেটিনাল অস্ত্ৰোপচাৰত ডাঃ আহমেদৰ অসাধাৰণ অৱদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 9 March 2024

ভিট্ৰেৰেটিনাল অস্ত্ৰোপচাৰত ডাঃ আহমেদৰ অসাধাৰণ অৱদান


 


W7s news,,,,,প্ৰসিদ্ধ চকুৰোগ প্ৰতিষ্ঠান গুৱাহাটীৰ ৰেটিনা চেণ্টাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ১৪সংখ্যক ডাঃ এল চি দত্ত অৰেচনত ভাইট্ৰিঅ'ৰেটিনেল অস্ত্ৰোপচাৰত আগবঢ়োৱা নিজৰ অসামান্য অৱদানৰ বাবে ড০ এছ ইউ আহমেদক স্বীকৃতি প্ৰদান কৰিছে। এই স্বীকৃতিয়ে অপথামৱজী(নেত্ৰবিজ্ঞান)লৈ আগবঢ়োৱা অৱদান আৰু ভাইট্ৰিঅৰেটিনেল অস্ত্ৰোপচাৰৰ কৌশল উদ্ভাৱনৰ ভূমিকাৰ বাবে স্বীকৃতি প্ৰদান কৰিছে। প্ৰখ্যাত চকু ৰোগ বিশেষজ্ঞ ডাঃ এল চি দত্তৰ নামেৰে নামকৰণ কৰা ডাঃ এল চি দত্ত অৰেচনে নেত্ৰবিজ্ঞানৰ অভিজ্ঞ আৰু উদ্ভাৱকসকলৰ বাবে এখন মঞ্চ প্ৰদান কৰি আহিছে। ১৯২৪ চনত দেৰগাঁৱত জন্মগ্ৰহণ কৰা ডাঃ দত্তই ১৯৭৫ চনত অল ইণ্ডিয়া অফথালম’লজিকেল ছ’চায়িটী কনফাৰেন্সৰ উদ্বৃত্ত পুঁজি(ছাৰপ্লাছ ফাণ্ড)ৰে এই স্বীকৃতি প্ৰদানৰ শুভাৰম্ভ কৰিছিল। অসমত চকুৰ শিক্ষা আৰু গৱেষণাক প্ৰসাৰিত কৰাই হৈছে এই বঁটা প্ৰদানৰ প্ৰাথমিক উদ্দেশ্য।প্ৰতি বছৰে এই ট্ৰাষ্টে বাৰ্ষিক সন্মিলনত এজনকৈ অতিথিক আমন্ত্ৰণ জনায়। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত চকুৰ যত্ন আৰু সেৱা উন্নত কৰাৰ ক্ষেত্ৰত নিষ্ঠা আৰু উৎকৰ্ষতা আৰু জীৱনজোৰা বৰঙণিৰ বাবে ডাঃ আহমেদৰ প্ৰচেষ্টাৰ সকলোৱে শলাগ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here