আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট নাৰীলৈ জিএনআৰচি হাস্পতালৰ সম্বৰ্ধনা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 8 March 2024

demo-image

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট নাৰীলৈ জিএনআৰচি হাস্পতালৰ সম্বৰ্ধনা

Responsive Ads Here

 

IMG-20240308-WA0022


W7s news গুৱাহাটী ঃ আন্তঃৰাষ্ট্ৰীয় নাৰী দিবস উপলক্ষে শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত এক বিশেষ সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অসমৰ তিনিগৰাকী বিভিন্ন ক্ষেত্ৰৰ সফল নাৰীক সম্বর্ধনা জনোৱাৰ লগতে হাস্পতালখনৰ বিকাশত বিশেষ অৰিহণা যোগোৱা মহিলা কর্মচাৰীসকলকো সম্মান জনোৱা হয়।


উত্তৰ-পূব ভাৰতৰ উন্নত মানদণ্ডৰ চিকিৎসা সেৱাৰ ধ্বজা বহনকাৰী জিএনআৰচি হাস্পতালে সদায়ে ৰোগীৰ স্বাৰ্থৰ হকে কাম কৰি আহিছে। যোবা ৩৭ বছৰ ধৰি নিৰৱচ্ছিন্নভাবে ৰাইজৰ সেৱাত অহর্নিশে ব্যস্ত থকা হাস্পতালখন আজি সমগ্র অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বাবে জৰুৰীকালীন আৰু গুৰুতৰ ৰোগসমূহৰ ব্যয়সাধ্য চিকিৎসাৰ বাবে এক নিৰ্ভৰযোগ্য প্রতিষ্ঠানত পৰিণত হৈছে।


এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় দিবসৰ মূল বিষয়বস্তু 'অন্তর্ভুক্তিৰ বাবে অনুপ্ৰেৰণা'ক সাৰোগত কৰি জিএনআৰচি হাস্পতালত আজি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা অর্জন কৰা তিনিগৰাকী বিশিষ্ট নাৰীক সম্বর্ধনা জনোৱা হয়। ইন্দ্রাণী ৰায়মেধি: বিশিষ্ট সাংবাদিক আৰু লেখিকা

 স্মিতাক্ষী বৰুৱা গোস্বামী: সঞ্চালক, প্রতিদিন গোষ্ঠী  অভিশ্রুতি বেজবৰুৱা: জনপ্রিয় ফ'ক ফিউজন কণ্ঠশিল্পী


ইয়াৰ উপৰিও এই অনুষ্ঠানৰ চিকিৎসক, নাৰ্ছ, আৰু সহায়ক কর্মচাৰীকে ধৰি ৩৯গৰাকী নিষ্ঠাৱান মহিলাক সম্মান জনোৱা হয়, যিসকলে ২৫ বছৰতকৈও অধিক কাল অক্লান্তভাবে জিএনআৰচিৰ জৰিয়তে সমাজখনক সেৱা

আগবঢ়াই আহিছে।

জিএনআৰচি দিছপুৰৰ কোৱালিটি মেনেজাৰ ডাঃ সৰোজ সিঙে উক্ত অনুষ্ঠানটিত উপস্থিত সকলোকে উষ্ম আদৰণি জনোৱাৰ লগতে মুখ্য কার্যবাহী বিষয়া ডাঃ আশীষ মালাকাৰে মুখ্য ভাষণ প্রদান কৰে।জিএনআৰচি হাস্পতালৰ সঞ্চালক  প্রিয়ংকা বৰাই এই অনুষ্ঠানৰ তাৎপর্যৰ ওপৰত আলোকপাত কৰি কয়, "আজি কেরল এক স্বীকৃতিৰ দিন নহয়; ই আমাৰ বাবে উন্নয়নৰ যাত্রা, আমি কৰা অগ্রগতি আৰু লিংগ সমতা আৰু সবলীকৰণৰ দিশত আগবাঢ়ি যোবা যাত্রা আৰু পথৰ ওপৰত চিন্তা কৰাৰ এক বিশেষ মুহূর্ত।" বৰাই আৰু কয় "জিএনআৰচিত আমি প্রতিগৰাকী মহিলাৰ লগত সংযুক্ত থকা অপৰিসীম সম্ভাবনাক বুজি পাওঁ আৰু আৰু স্বীকৃতি দিওঁ। জিএনআৰচিৰ ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ স্বাস্থ্যমিত্র আঁচনিৰ অধীনত ৬০ শতাংশ কর্মচাৰী আৰু সামগ্রিকভাবে জিএনআৰচি গোটৰ কর্মশক্তিৰ ৫২ শতাংশ কর্মচাৰী নিষ্ঠাবান আৰু প্রতিভাবান মহিলাৰ দ্বাৰা গঠিত। তেওঁলোকৰ স্থিতিস্থাপকতা, আবেগ আৰু অটল সমর্পণে আমাক সকলোকে অনুপ্রাণিত কৰে আৰু স্বাস্থ্যসেবা খণ্ডৰ মহিলাসকলৰ পৰিৱর্তনশীল শক্তিৰ এক উজ্জ্বল উদাহবণ হিচাপে প্রতিফলন কৰে।"

সামৰণিত জ্যেষ্ঠ মানব সম্পদ প্রবন্ধক  কর্মী শর্মাই বিশিষ্ট ব্যক্তি, সংবাদ মাধ্যমৰ প্রতিনিধি আৰু জিএনআৰচি কর্মচাৰীসকলক তেওঁলোকৰ প্রেৰণামূলক উপস্থিতি আৰু সমর্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জিএনআৰচি হাস্পতালে সকলো ক্ষেত্রতে মহিলাৰ অধিকাৰ আৰু আকাংক্ষাক সমর্থন কৰাৰ প্রতিশ্রুতি পুনৰ দৃঢ় কবি এক উজ্জ্বল আক অধিক অন্তর্ভুক্ত ভবিষ্যতৰ পথ প্রশস্ত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *