মেপেল বিয়াৰ কানাডাৰ প্ৰিস্কুলৰ ৫ম বাৰ্ষিক দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 10 March 2024

মেপেল বিয়াৰ কানাডাৰ প্ৰিস্কুলৰ ৫ম বাৰ্ষিক দিৱস উদযাপন


 


W7s news,,গুৱাহাটী,  ৯ মাৰ্চঃ  : গুৱাহাটীৰ এবিচিত অৱস্থিত মেপল বিয়েৰ কানাডিয়ান প্রি-স্কুলে শনিবাৰে মাচখোৱাত প্ৰাগজ্যোতি আইটিএ সাংস্কৃতিক কেন্দ্ৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে। বিশিষ্ট সমাজকৰ্মী কমলা গৈয়ল, প্ৰবীণ গৈয়ল, শিক্ষানুষ্ঠান খনৰ গৰাকী নিধী প্রবীণ গৈয়লৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বন্তি প্রজ্বলনেৰে অনুষ্ঠানটো উদ্বোধন কৰে। নিধি প্রবীণ গৈয়ল কয় যে কণ কন শিশু সকলৰ বাবে থিম আছিল ‘কৃতজ্ঞতা’। ইমান সৰু ল’ৰা-ছোৱালীয়ে যাতে সকলোৰে প্ৰতি আৰম্ভণিৰে পৰাই ধন্যবাদ আৰু প্ৰেমৰ বীজ সিঁচিব পাৰে। তেওঁ লগতে কয় যে এনে অনুষ্ঠান আয়োজনৰ মূল উদ্দেশ্য হৈছে যাতে যুৱচামে তেওঁলোকৰ প্ৰতিভা, অভিজ্ঞতাসমূহ এখন মঞ্চৰ জৰিয়তে দাঙি ধৰিব পাৰে। দুই বছৰৰ পৰা ছবছৰৰ ভিতৰৰ শিশুসকলে অনুষ্ঠানটোত পৰিবেশন কৰে। এই অনুষ্ঠানত ডাঃ পূজা জয়ছৱালে শিশু পুষ্টিৰ ওপৰত অভিভাৱকত্ব অধিবেশনও অনুষ্ঠিত কৰে।অনুষ্ঠানটোত কণ কণ শিশু সকলে পৰিবেশ কৰা নৃত্যই অসমৰ নায়ক বীৰ লাচিত বৰফুকনলৈ সকলোৰে দৃষ্টি আকর্ষণ কৰে। চিনিয়ৰ কিণ্ডাৰ গার্টেনৰ শিক্ষর্থী সকলৰ এক অনুষ্ঠানৰ জৰিয়তে সামৰণি পৰা অনুষ্ঠানত অভিভাৱক তথা শিক্ষকসকলক আৱেগিক হৈ পৰে। মেপল বিয়েৰ হৈছে আন্তর্জাতিক পৰ্যায়ৰ প্রাক-বিদ্যালয় যি কানাডিয়ান পদ্ধতিৰ ওপৰত আধাৰিত আৰু ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতি 2020-ৰ সৈতে সম্পূৰ্ণ ৰূপে সামঞ্জস্য থকা। গৈয়লে এই বার্ষিক অনুষ্ঠানটো সফল কৰাৰ বাবে শিশু, অভিভাৱক আৰু শিক্ষকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here