W7s news,,,গুৱাহাটী: নেডফিৰ সহযোগত গুৱাহাটীৰ জুবলি ফাউণ্ডেচনে আৰম্ভ কৰিছে প্রজেক্ট বৰদান শীর্ষক এক প্ৰচাৰ অভিযানৰ।মৃত ব্যক্তিৰ অংগদানৰ ক্ষেত্ৰত সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে অসম, মেঘালয় আৰু মিজোৰামত এই অভিযান আৰম্ভ কৰা হৈছে। সেই উদ্দেশ্যে ২১ মার্চত যোৰহাটৰ প্রিন্স অব্ বেলছ ইনষ্টিটিউট অব্ ইঞ্জিনীয়াৰিং এণ্ড টেকন'লজিত এখন কর্মশালাৰ আয়োজন কৰা হয়। এই কর্মশালাত মৃত ব্যক্তিৰ অংগ দানৰ বিষয় সন্দর্ভত বিভিন্নজনে যোগাত্মক মনোভাব ব্যক্ত কৰে। জুবলি ফাউণ্ডেচনৰ চি ই অ' প্রিয়ংকা বৰাৰ নেতৃত্বত এনেধৰণৰ কৰ্মশালাসমূহৰ জৰিয়তে অংগ দানৰ বিষয়টোৰ সন্দৰ্ভত সমাজৰ বিভিন্ন স্তৰত সজাগতা গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব। এই উদ্দেশ্যে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু বৰপেটাৰ ফখরুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এনেধৰণৰ কৰ্মশালাত চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত পেছাদাৰী আৰু শিক্ষার্থীকে ধৰি দুই শতাধিক লোকে অংশগ্রহণ কৰে। ডাঃ বাবুল কুমাৰ বেজবৰুবা আৰু ডাঃ ৰমেন তালুকদাৰকে ধৰি ফখরুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ একাংশই অংগ দানৰ প্রতি আগ্রহ প্রকাশ কৰি এইক্ষেত্রত নিদর্শন দাঙি ধৰে। এনে পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ যথেষ্টসংখ্যক লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্রত সহায়ক হ'ব। ইতিমধ্যে টংলা, পলাশবাৰী, নলবাৰী চিকিৎসা মহাবিদ্যালয়, বৰপেটাৰ ফখরুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত কর্মশালাসমূহৰ জৰিয়তে এই প্রকল্পই আশাপ্রদ সঁহাৰি লাভ কৰিছে। অংগদানৰ ক্ষেত্ৰত এক যোগাত্মক পৰিবৰ্তন অনাৰ প্রয়াসেৰে অহা ৩১ মার্চপর্যন্ত অসমৰ বিভিন্ন প্রান্তত এনে কর্মশালাব আয়োজন অব্যাহত থাকিব।
Post Top Ad
Responsive Ads Here
Friday, 22 March 2024

উত্তৰ-পূব ভাৰতত অংগদানৰ ক্ষেত্ৰত সজাগতা গঢ়ি তোলাৰ প্ৰয়াস
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment