আয়ুষ্মান খুৰানাই মুকলি কৰিলে চিজি ফুডছৰ সুস্বাদু ৱাই ৱাই নুডলছৰ ফ্লেভাৰ: ছিজনড মছলা নুডলছ আৰু দুগুণ স্পাইচী ডাইনামাইট ৰেঞ্জ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 March 2024

আয়ুষ্মান খুৰানাই মুকলি কৰিলে চিজি ফুডছৰ সুস্বাদু ৱাই ৱাই নুডলছৰ ফ্লেভাৰ: ছিজনড মছলা নুডলছ আৰু দুগুণ স্পাইচী ডাইনামাইট ৰেঞ্জ



W7s news,,,,১৯ মাৰ্চ, ২০২৪, দিল্লী: ডলাৰমূল্যৰ হিচাপত নেপালৰ একমাত্ৰ কোটিপতি ব্যক্তি ড০ বিনোদ চৌধাৰীৰ মালিকানাধীন চিজি ফুডছে ভাৰতৰ ১.৮৮ বিলিয়ন ডলাৰ বিনিয়োগেৰে ইনষ্টেণ্ট নুডলৰ বজাৰত প্ৰৱেশ কৰি নতুন মাত্ৰা প্ৰদান কৰিবলৈ সাজু হৈছে। বৈচিত্ৰ্যময় সামগ্ৰীৰ সেৱা প্ৰদান কৰা বহুজাতিক সংঘবদ্ধ প্ৰতিষ্ঠান চৌধুৰী গ্ৰুপে (চিজি) দুটা উদ্ভাৱনীমূলক নুডল ভেৰিয়েণ্ট এছএমএন (ছিজনড মছলা নুডলছ) আৰু ডাইনামাইট (কোৰিয়ান ছুপাৰ স্পাইচি ৰেঞ্জ) মুকলিৰ কথা সগৌৰৱে ঘোষণা কৰিছে।


এছএমএনৰ বল্ড ফ্লেভাৰ্ছৰ চেম্পিয়ন আয়ুষ্মান খুৰানা(ছিজনড মচলা নুডলছ)

বলীউডৰ জনপ্ৰিয় তাৰকা আৰু কোটি কোটি অনুৰাগীৰ হাৰ্টথ্ৰব আয়ুষ্মান খুৰানাই ক্লাছিক ৰেডী-টু-ইট (আৰ টি ই) ব্ৰাউন নুডলছৰ অভিনৱ ৰূপ "মছালে পে মছলা" ছিজনড মছলা নুডলছৰ সমৰ্থন কৰিছে। এছএমএন ৰেঞ্জ হৈছে আবতৰীয়া আৰু অতিৰিক্ত ডিহাইড্ৰেটেড পাচলি পেক কৰি এক প্ৰকৃত মূল্যৰ বিনিময়ত আগবঢ়োৱা এক আকৰ্ষণীয় আৰু সোৱাদযুক্ত নুডলছ। এই নুডলছ ১৫ টকা, ২০ টকা আৰু ৯০ টকীয়া ছিক্স-ইন-ৱান পেকেটৰ ৩টা সুলভ মূল্যত উপলব্ধ, যিয়ে সামান্য স্পাইচী সোৱাদ বিচৰা গ্ৰাহকসকলৰ বাবে বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰিব। 


ডাইনামাইট: কোৰিয়ান সোৱাদেৰে ভৰা স্পাইচী ফ্লেভাৰ

“ডাইনামাইট” শৃংখলাক “স্পাইচ ব্লিটজ নুডলছ” নামেৰেও জনা যায়, এই নুডলছে সুস্বাদু কোৰিয়ান খাদ্যক স্বদেশী টুইষ্ট প্ৰদান কৰি নতুন মাত্ৰা প্ৰদান কৰিব। নিৰামিষ বিকল্পত ছিচুয়ান পেপাৰ আৰু কোৰিয়ান চিলিৰ সুখদায়ক মিশ্ৰণ থকাৰ বিপৰীতে আমিষভোজী বিকল্পত থাকিব এক্সট্ৰা স্পাইচী চিকেন আৰু দ্য হিমালয়ান হট চিকেন ইন।প্ৰথমাৱস্থাত দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকৰ সোৱাদ পূৰণ কৰিবলৈ ইয়াত বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া বিশ্ববিখ্যাত ঘোষ্ট পেপাৰ বা ভোট জলকীয়া অন্তৰ্ভুক্ত কৰি এক নতুন ৰূপ দিয়া হৈছে। বিবিধ সামগ্ৰীৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা ডাইনামাইট ৰেঞ্জত ক্ৰমাৎ চাহিদা বৃদ্ধি পোৱা চিজি ফুডছৰ উদ্ভাৱনীমূলক মছলাযুক্ত সোৱাদ আৰু কোৰিয়ান খাদ্যৰ বৰ্ধিত জনপ্ৰিয়তাক মিহলি কৰি গ্ৰাহকৰ বাবে আগবঢ়াই দিয়া হৈছে।  ভাৰত আৰু অন্যান্য প্ৰান্তত ৱাই ৱাইৰ সমৃদ্ধিৰ বাবে শক্তি প্ৰদান কৰা চিজি ফুডছৰ পৰিচালন সঞ্চালক বৰুণ চৌধুৰীয়ে প্ৰডাক্টৰ বিভিন্ন ৰেঞ্জ মুকলি কৰাক লৈ আত্মবিশ্বাসেৰে কয় যে, “শেহতীয়া নুডলছৰ প্ৰকাৰ: ছিজনড মাছালা নুডলছ (এছএমএন) আৰু ডাইনামাইট ৰেঞ্জ মুকলি কৰিবলৈ পাই আমি যথেষ্ট উৎসাহিত হৈছো। আমি আমাৰ নিয়মীয়া গ্ৰাহকসকলক অনন্য ৰন্ধনৰ আনন্দ আগবঢ়োৱাক লৈ দৃঢ় বিশ্বাসী৷ অভিনেতা আয়ুষ্মান খুৰানাই সমৰ্থন জনোৱা এই নতুন সোৱাদে আজিৰ প্ৰজন্মৰ লগতে পূৰ্বৰ প্ৰজন্মৰো স্পন্দনশীল গ্ৰাহকৰ সোৱাদ পূৰণ কৰিব  বুলি আমি আশাবাদী। আমাৰ শেহতীয়া অফাৰসমূহে ৱাই ৱাইক এক উদ্ভাৱনীমূলক আৰু গ্ৰাহককেন্দ্ৰিক ব্ৰেণ্ড হিচাপে নতুন ৰূপত প্ৰতিষ্ঠা কৰিব। আমাৰ সৈতে জড়িত বিভিন্ন বয়সৰ গ্ৰাহকৰ ৰুচি আৰু জীৱনশৈলীৰ সৈতে ইয়াক নিখুঁতভাৱে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে।"আয়ুষ্মান খুৰানাই নতুন পদক্ষেপৰ বিষয়ে নিজৰ উত্সাহ ভাগ-বতৰা কৰি কয় যে, "মই ৱাই ৱাইৰ সৈতে অংশীদাৰিত্ব ত্বৰান্বিত কৰি অতিশয় আনন্দিত, যি হৈছে নিজৰ গতিশীল আৰু বিচিত্ৰ সামগ্ৰীৰ পৰ্টফলিঅ'ৰ পৰা সম্পূৰ্ণ পৃথক এক ব্ৰেণ্ড। ৱাই ৱাইৰ নুডলছৰ ব্যতিক্ৰমী পৰিসৰসমূহ বিভিন্ন সোৱাদ, পছন্দ আৰু আঞ্চলিক সোৱাদসমূহ পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে, যিয়ে গ্ৰাহকসকলৰ সৈতে এক ডাঙৰ সম্পৰ্ক স্থাপন কৰিছে। ৱাই ৱাই এনে এটা ব্ৰেণ্ড যিয়ে এনে এক জীৱন্ত আৰু বৈচিত্ৰ্যপূৰ্ণ বিকল্প আগবঢ়াই নিৰন্তৰভাৱে নিজৰ খ্যাতি বজাই ৰাখিছে।"গ্ল’বেল চিজি ফুডছৰ চিইঅ’ মানৱেন্দ্ৰ অম্বৰ শুক্লাই ব্ৰেণ্ডৰ উত্তৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “ৱাই ৱাই কেৱল এটা ব্ৰেণ্ডেই নহয়; ৱাই ৱাই হৈছে আমাৰ প্ৰতিজন গ্ৰাহকৰ সৈতে এয়া এক স্মৰণীয় যাত্ৰা৷ আমাৰ সমৃদ্ধিৰ আঁৰত আছে উদ্ভাৱন, পৰম্পৰাক সমসাময়িক আদৰ্শ আৰু স্পন্দনৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংমিশ্ৰিত কৰা এক সোপান। আমাৰ শেহতীয়া সৃষ্টিৰাজী আৰু বিভিন্ন ৰেঞ্জক আয়ুষ্মান খুৰানাই সমৰ্থন জনাই সোৱাদযুক্ত এছএমএন পেকক অনন্য মাত্ৰা প্ৰদান কৰিলে, যিৰ গ্ৰাহকৰ বিকশিত যাত্ৰাক আৰু এঢাপ আনন্দিত কৰি আমাৰ অভিযানক সমৃদ্ধ কৰা এক নতুন অধ্যায় সূচনা কৰিলে। ভাৰতত কোৰিয়ান নুডলছ ছেগমেণ্টত সূৰ্যোদয়ৰ দৰে আলোকিত হৈ ২০২১ চনত মাত্ৰ ২ কোটি টকাৰ পৰা আৰম্ভ কৰি ২০২৩ চনত আকৰ্ষণীয় ৬৫ কোটি টকালৈ নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ আৰু এয়া কেৱল ‘ডাইনামাইট’ৰ জৰিয়তে নিজৰ টুইষ্ট টেবুল সম্প্ৰসাৰিত কৰিবলৈ অনুপ্ৰাণিত হৈছোঁ। এই উদ্যোগে কোৰিয়ান সোৱাদবিশিষ্ট নিৰামিষ আৰু আমিষভোজী উভয়ৰ বাবে বিকল্প আৰু বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ প্ৰদান কৰি আমাৰ নতুন পথ সম্প্ৰসাৰিত কৰিছে। আমি নুডলছৰ বজাৰখনক মছলাযুক্ত কৰিবলৈ আগ্ৰহী আৰু ন-পুৰণি গ্ৰাহকসকলক নতুন সোৱাদ প্ৰদান কৰিবলৈ যথেষ্ট উৎসাহী।”সমগ্ৰ এছিয়া মহাদেশৰ লগতে ইউৰোপ আৰু আফ্ৰিকাৰ ৪৬খনৰো অধিক দেশত ৱাই ৱাই নুডলছৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতৰ ৭০ বিলিয়ন ডলাৰৰ খাদ্য উদ্যোগৰ অগ্ৰণী আৰু চিজি কৰ্প গ্ল’বেলৰ অংশ হৈছে চিজি ফুডছ। এই চিজি ফুডছে ভাৰতৰ ৭টা উৎপাদন ইউনিটৰ জৰিয়তে উদ্ভাৱন আৰু গুণগত মানৰ প্ৰতি নিজৰ দায়বদ্ধতাক শক্তিশালী কৰি নেপাল, ছাৰ্বিয়া, বাংলাদেশ, কাজাখাস্তান আৰু ইজিপ্তলৈও নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here