গুৱাহাটীৰ জ্যোতিকুচিত নিৰ্মাণ সামগ্ৰীৰ সৰ্ববৃহৎ শ্ব'ৰূম মুকলি গ্লোবেল চিৰামিকচ প্ৰাইভেট লিমিটেডৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 March 2024

গুৱাহাটীৰ জ্যোতিকুচিত নিৰ্মাণ সামগ্ৰীৰ সৰ্ববৃহৎ শ্ব'ৰূম মুকলি গ্লোবেল চিৰামিকচ প্ৰাইভেট লিমিটেডৰ

 



W7s news গুৱাহাটী : গৃহ নিৰ্মাণ আৰু নৱীকৰণৰ সমাধানৰ বাবে গ্লোবেল চিৰামিকছ প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ জ্যোতিকুচি সাওকুচিৰ লখৰা পথৰ কে আৰ মিলচ প্ৰাংগণত মুকলি কৰিছে বৃহৎ শ্ব'ৰূম। উদ্বোধনী অনুষ্ঠানত বেদ প্ৰকাশ গুপ্তা, নিৰজ গুপ্তা, সঞ্জয় গুপ্তা, ৰাহুল গুপ্তা ধৰি কোনজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি যুৱ ব্যৱসায়ী তথা গ্লোবেল চিৰামিকছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰাহুল গুপ্তাই কয় যে উত্তৰ-পূব অঞ্চলৰ এই সৰ্ববৃহৎ শ্ব'ৰূমটোত উন্নত মানদণ্ডৰ নিৰ্মাণ সামগ্ৰী উপলব্ধ হৈছে। গ্ৰাহকসকলে এটা স্থানতে  তেওঁলোকৰ সকলো প্ৰয়োজনীয় নিৰ্মাণ সামগ্ৰীৰ সমাধান লাভ কৰিব।উৎকৃষ্টতা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি সকলো সময়তে দায়বদ্ধ গ্লোবেল চিৰামিকচ প্ৰাইভেট লিমিটেড।এই সংস্থা টোৱে  নিৰ্মাতা, ঠিকাদাৰ, স্থপতিবিদ আৰু ঘৰৰ মালিকসকলক বজাৰৰ এক নতুন অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰয়াস কৰিছে। আমাৰ বিশাল ইনভেণ্টৰীত বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ হৈছে, যাৰ ভিতৰত আছে ৰুফিং সামগ্ৰী, ফ্লোৰিং অপচন, প্লাম্বিং ফিক্সাৰ, বৈদ্যুতিক সামগ্ৰী যোগানৰ লগতে আৰু বহুতো সামগ্ৰী। প্ৰতিটো প্ৰকল্পৰ বাবে  সৰ্বশ্ৰেষ্ঠ সামগ্ৰীৰ যোগান নিশ্চিত কৰিব এই শ্ব'ৰূমটোৱে। 

আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ নিৰ্মাণ সামগ্ৰীৰ বাবে নতুন শ্ব'ৰূমটো চিনাকি কৰাই দিবলৈ পাই আনন্দিত হৈছো বুলি উল্লেখ কৰি গ্লোবেল চিৰামিকছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক  ৰাহুল গুপ্তাই আৰু কয় যে নিৰ্মাতা আৰু গৃহৰ গৰাকীক উন্নত মানদণ্ড সামগ্ৰী যোগান ধৰি এক ব্যতিক্ৰমী সেৱা আগবঢ়োৱাই আমাৰ মূল লক্ষ্য।গ্লোবেল চিৰামিকছ প্ৰাইভেট লিমিটেডৰ এই শ্ব'ৰূমটো  উদ্বোধন কৰাৰ পিছত নিৰ্মাণ উদ্যোগ খণ্ডত  উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হব। আপোনাৰ সকলো নিৰ্মাণ সামগ্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু এই যাত্ৰাত সকলোকে অংশীদাৰ হবলৈ আহ্বান জনায়। শ্ব'ৰূমটোত শেহতীয়াকৈ উপলব্ধ হৈছে বিভিন্ন ব্ৰেণ্ড বিশেষকৈ কাজাৰিয়া, জাকুয়াৰ, এছিয়ান পেইণ্টছ, ডক্টৰ ফিক্সিট, এ আই এছ উইণ্ডোচ, জি চি. ৱেৰ, ষ্টাৰ চিমেণ্ট, জিন্দাল পেন্থাৰ টি এম টি বাৰ ইত্যাদি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here