ডায়েবেটিচ প্ৰতিৰোধৰ ক্ষেত্ৰত মানুহৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ ৰাজ্যপালৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 March 2024

ডায়েবেটিচ প্ৰতিৰোধৰ ক্ষেত্ৰত মানুহৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ ৰাজ্যপালৰ


 

আৰ এছ এছ ডি আই অসম শাখাৰ উদ্যোগত আয়োজিত সন্মিলনৰ সফল সামৰণি


W7s news,,,,গুৱাহাটী ১৯ মাৰ্চঃ ডায়েবেটিচ অধ্যয়নৰ বাবে গৱেষণা সমিতি ভাৰত চমুকৈ আৰ এছ এছ ডি আইৰ অসম শাখাৰ উদ্যোগত যোৱা ১৬ আৰু ১৭ মাৰ্চত আজাৰাৰ নতুন বিমান বন্দৰ পথৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত দুদিনীয়াকৈ অনুষ্ঠিত হয় এক বিশেষ সন্মিলন। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই  ১৬ মাৰ্চত অনুষ্ঠানটো অনুষ্ঠানিক ভাবে উদ্বোধন কৰে। অসমৰ চিকিৎসা শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ বৰ্মন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ  চিএন চেন্টাৰৰ সঞ্চালক ড০ বসন্ত বৈশ্যই অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত আৰু বন্তি প্ৰজ্বলেনেৰে সন্মিলনৰ কায্যসূচিৰ শুভাৰম্ভ কৰা হয়৷আৰ এছ এছ ডি আই অসম শাখাৰ সম্পাদক  ড০ সঞ্জীব মেধিয়ে সন্মিলনৰ আদৰণি ভাষণ আগবঢ়ায়।সন্মিলনত ৰাজ্যপাল গৰাকীয়ে  ভাষণ প্ৰসংগত ডায়েবেটিচ প্ৰতিৰোধ ৰখাৰ বাবে মানুহৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম চিকিৎসা শিক্ষাৰ   সঞ্চালক ড০ অনুপ কুমাৰ বৰ্মন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিএন কেন্দ্ৰৰ সঞ্চালক ড০ বসন্ত বৈশ্যইও ডায়েবেটিচৰ বিভিন্ন কাৰকৰ ওপৰত আলোকপাত কৰে। 

 আৰ এছ এছ ডি আই অসম শাখাৰ অধ্যক্ষ ড০ দিনেশ আগৰৱালে সমবেত লোকসকলক আদৰণি জনাই আৰু লগতে সমাজত সজাগতা অনাৰ বাবে সংগঠনটোৱে কৰি অহা বিভিন্ন কাৰ্যকলাপৰ বিষয়ে দৰ্শকসকলক অৱগত কৰে।ৰাজ্যৰ সাধাৰণ জনতাৰ মাজত   ডায়েবেটিচ প্ৰতিৰোধৰ ওপৰত  সজাগতা অনাৰ লগতে নাৰ্ছ, ডায়েবেটিচ ইডুকেটৰ আৰু টেকনিচিয়ান সকলক বিভিন্ন দিশত  প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।সন্মিলনত

 সমগ্ৰ দেশৰ পৰা ফেকাল্টি, বিশেষজ্ঞ আৰু ডায়েবেটিচ ক্ষেত্ৰৰ সৈতে জড়িত ৩৫০ তকৈও অধিক প্ৰতিনিধি অংশগ্ৰহণ কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু মতামত দাঙি ধৰে।অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় 

 ড০ সন্তোষ অধিকাৰীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here