কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 March 2024

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন

 

W7s news,,,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন ৫ মাৰ্চ, ২০২৪ ৰ পুৱা ১১ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য  গোলাপ চান্দ কাটাৰিয়াই শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰিব। হাৰিয়ানাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰ-উপাচাৰ্য (Pro-Vice Chancellor) অধ্যাপক সুষমা যাদৱে মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকিব।এই সমাৱৰ্তনত মুঠ ১০,৮৮০ জন শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত ১৩ জনক ডক্তৰেট ডিগ্ৰী, ১৩ জনক এম ফিল ডিগ্ৰী, ৫,৪৬৪ জনক স্নাতক ডিগ্ৰী, ৫,৩২২ জনক স্নাতকোত্তৰ, ৬৮ জনক স্নাতকোত্তৰ ডিপ্ল’মা প্ৰদান কৰা হ’ব। উক্ত সমাৱৰ্তনত মুঠ শিক্ষাৰ্থীৰ ভিতৰত ৪৩৫ জন উপস্থিত থাকিব। উল্লেখ্য যে, মুঠ ডিগ্ৰী প্ৰাপক শিক্ষাৰ্থীৰ ভিতৰত ৫,২৮৮ গৰাকী মহিলা শিক্ষাৰ্থী আছে।লক্ষ্যণীয় যে, এই সমাৱৰ্তনত মুঠ ২৮ জনকৈ শিক্ষাৰ্থীক স্বৰ্ণ পদকেৰে সন্মানিত কৰা হ’ব। দুগৰাকীকৈ জ্যেষ্ঠতম শিক্ষাৰ্থীক এই অনুষ্ঠানত ডিগ্ৰী প্ৰদান কৰা হ’ব। ইয়াৰে এগৰাকী ৭৫ বছৰীয়া  মহিলা শিক্ষাৰ্থীলৈ স্নাতক আৰু এগৰাকী ৭২ বছৰীয়া পুৰুষ শিক্ষাৰ্থীলৈ স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হ’ব।। উল্লেখযোগ্য যে ৭ জনকৈ কাৰাবাসীয়েও ডিগ্ৰী লাভ কৰিব। ইয়াৰে গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ২ জন কাৰাবাসীয়ে সমাবৰ্তনত ডিগ্ৰী গ্ৰহণ কৰিব।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে সমগ্ৰ অসমৰ বিভিন্ন প্ৰাদেশিকৃত মহাবিদ্যালয়ে মুঠ ২৯০ টা অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে শৈক্ষিক সেৱা প্ৰদান কৰি আহিছে। বিশ্ববিদ্যালয়খনে জীৱনজোৰা শিক্ষণৰ লক্ষ্য ৰাখি ৰাজ্যখনৰ সকলো শ্ৰেণীৰ ব্যক্তিলৈকে জ্ঞানৰ দুৱাৰ মুকলি কৰিছে। তদুপৰি দিব্যাঙ্গসকল আৰু কাৰাবাসীসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছে। লগতে শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে স্ব-শিক্ষণ সামগ্ৰী, অফলাইন আৰু অনলাইন কাউন্সেলিং, ডিজিটেল দৃশ্য-শ্ৰাব্য মাধ্যমেৰে পাঠদান ইত্যাদিৰ সেৱাৰ ব্যৱস্থাও বিশ্ববিদ্যালয়খনে আগবঢ়াই আহিছে। ইয়াৰ জৰিয়তে বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ ব্যক্তিক ‘বাধাৰ প্ৰাচীৰ নেওচি শিক্ষা’ – এই মূলমন্ত্ৰেৰে মুক্ত আৰু দূৰবৰ্তী শিক্ষা পদ্ধতিৰ জৰিয়তে ডিগ্ৰী আৰু ডিপ্ল’মা গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰি আহিছে। উল্লেখনীয় যে উক্ত সমাৱৰ্তনত ডিগ্ৰী প্ৰদান কাৰ্যসূচী লাইভ ষ্ট্ৰিমিঙৰ যোগেদি প্ৰদৰ্শন কৰা হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here