অভিজ্ঞানম নাট্যক্ষেত্ৰত পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱৰ আৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 1 March 2024

অভিজ্ঞানম নাট্যক্ষেত্ৰত পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱৰ আৰম্ভণি


 

তিনিদিনীয়া পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ অভিজ্ঞানম নাট্যক্ষেত্ৰ আৰু আইটিএ মাছখোৱা উভয় স্থানত অনুষ্ঠিত হ'ব 


W7s news,,,,গুৱাহাটী, ১ মাৰ্চ, ২০২৪ : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত অহা ৩ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ আজি আনুষ্ঠানিকভাৱে আৰম্ভণি ঘটে। এইবাৰ গুৱাহাটীৰ দুটা স্থানত আয়োজন কৰা হ’ব এই নাট্য উৎসৱ। অহা ১ আৰু ২ মাৰ্চত গুৱাহাটীৰ মালিগাঁওস্থিত শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰৰ অভিজ্ঞানম নাট্যক্ষেত্ৰত মুকলি আকাশৰ তলত অনুষ্ঠানৰ আয়োজন কৰা হ'ব। আনহাতে, ৩ মাৰ্চৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হ'ব। উল্লেখ্য যে, গুৱাহাটীৰ মালিগাঁওস্থিত অভিজ্ঞানম নাট্যক্ষেত্ৰত আয়োজন কৰা হৈছিল উৎসৱৰ প্ৰথম ৪টা সংস্কৰণ।  প্ৰখ্যাত অভিনেতা প্ৰাঞ্জল শইকীয়াই মুখ্য অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণি উপলক্ষে জিলমিল হাজৰিকা, সাৰদা চৌধুৰী, দুৰ্গা খটিৱড়ী, অনুপ হাজৰিকা, অভিক ভট্টাচাৰ্যকে ধৰি আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। প্ৰাৰম্ভিক দিনটোত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ওজাপালি উপস্থাপনৰ সমান্তৰালকৈ দুখন কৰ্মশালাও অনুষ্ঠিত কৰা হয়।  

এই উপলক্ষে মন্তব্য প্ৰকাশ কৰি প্ৰাঞ্জল শইকীয়াই কয়, “এই অনুষ্ঠানৰ আৰম্ভণিৰপৰা মই ইয়াৰ সৈতে জড়িত হৈ আছো। নাট আৰু প্ৰকৃতি সংৰক্ষণ উভয়ৰে প্ৰচাৰৰ বাবে আয়োজকসকলে এক মহৎ কাম কৰিছে। অভিজ্ঞানমৰ হৈ এই উৎসৱৰ তিনিওটা দিনলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ।”

উল্লেখ্য যে, জাগীৰোড মহাবিদ্যালয়ৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়েও স্বেচ্ছাসেৱক হিচাপে এই অনুষ্ঠানত অংশ লৈছে। তেওঁলোকে সম্পূৰ্ণ তিনিদিন সভাস্থলীত উপস্থিত থাকি এই অনুষ্ঠানৰ প্ৰতি সহযোগিতা আগবঢ়াব। 

এই উপলক্ষে ভাষ্য প্ৰদান কৰি উৎসৱৰ দায়িত্ববাহী ৰণহাং চৌধুৰীয়ে কয়, “আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ ৫ম সংস্কৰণৰ মুকলিৰ কথা ঘোষণা কৰি আমি আনন্দিত হৈছো। উৎসৱলৈ অহা প্ৰতিজন ব্যক্তিয়ে যাতে নিজৰ সৈতে কিছু মনোৰম স্মৃতি লৈ উভতি যাব পাৰে, সেই উদ্দেশ্যে যোৱা কেইদিনমানৰ পৰা আমি অক্লান্তভাৱে কাম কৰি আহিছোঁ। আমি প্ৰতিগৰাকী ব্যক্তিক অনুষ্ঠানলৈ আহি এই অনুষ্ঠানটো সফল কৰি তুলিবলৈ আমন্ত্ৰণ জনাইছোঁ।”

আদৰণি ভাষণৰ কিছু সময়ৰ পিছতে চলচ্চিত্ৰ নিৰ্মাণৰ কৰ্মশালাৰ জৰিয়তে অনুষ্ঠানৰ আৰম্ভণি হয়। সাংস্কৃতিক ক্ষেত্ৰৰ দুগৰাকী বিশিষ্ট ব্যক্তিক অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে আয়োজকসকলে সম্বৰ্ধনা জনায়। অভিজ্ঞানমৰ তৰফৰ পৰা প্ৰসিদ্ধ নাট্য সমালোচক অতুল মজুমদাৰলৈ প্ৰয়াত দেৱব্ৰত চৌধুৰীৰ সোঁৱৰণী নাট্য ব্যক্তিত্ব সন্মান ২০২৪ আগবঢ়োৱা হয় আৰু বৰবিহুৱা ৰণ্টু শইকীয়ালৈ প্ৰয়াত বৰ্ণালী চৌধুৰীৰ সোঁৱৰণীত প্ৰদান কৰা লোকশিল্প সাধনা সন্মান ২০২৪ আগবঢ়োৱা হয়।  দৰ্শকৰ মনোৰঞ্জনৰ উদ্দেশ্যে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঁইৰ মৎস্যগন্ধা উপন্যাসৰ আধাৰত ৰচিত ‘মেনকা’ উৎসৱৰ উদ্বোধনী নাটক হিচাপে প্ৰদৰ্শন কৰা হয়। 'বা' থিয়েটাৰৰ দ্বাৰা পৰিৱেশিত মেনকা নাটখনিৰ নাট্যৰূপ দিছে পাকিজা বেগম আৰু জিমনী চৌধুৰীয়ে আৰু পাকিজা বেগমে নিজেই নাটকখন পৰিচালনা কৰিছে। আজি সন্ধিয়া ৬ বজাত নাট মঞ্চস্থ হয়।অনুষ্ঠানটোৰ দ্বিতীয় দিনা দুখন নাটক পৰিৱেশন কৰা হ'ব। প্ৰথমখন নাট উইলিয়াম শ্বেক্সপীয়েৰৰ জনপ্ৰিয় হেমলেট আৰু উৰিপাডিজৰ মেডিয়া নাটকৰ ওপৰত আধাৰিত 'টু কিল অৰ নট টু কিল'। দিল্লীৰ অৰ্ণৱ আৰ্টৰ হৈ জিলমিল হাজৰিকাৰ অভিনয়েৰে মঞ্চস্থ হ'ব এই নাটখন আৰু এই নাটখন পৰিচালনা কৰিছে উজবেকিস্তানৰ ওভলিয়াকুলি খোদজাকুলিয়ে। ২ মাৰ্চ শনিবাৰে সন্ধিয়া ৫.৩০ বজাৰ পৰা আৰম্ভ হ'ব নাটখন। আনহাতে, দিনটোৰ দ্বিতীয়খন নাটক অভিজ্ঞানমে পৰিৱেশন কৰিব লগা 'গান্ধী বনাম গডছে'। ৰণহাং চৌধুৰীৰ ৰচনা আৰু পৰিচালনা প্ৰস্তুত কৰা নাটখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব।আনহাতে, ৩ মাৰ্চ, দেওবাৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোৰ তৃতীয় দিনা অভিজ্ঞানমে সন্ধিয়া ৬ বজাৰ পৰা 'তৃতীয়' শীৰ্ষক নাটকখন পৰিৱেশন কৰিব। আন আন নাট্য অভিনেতাৰ লগতে ইয়াত কমল লোচন আৰু অতনু মহন্তই অভিনয় কৰিব আৰু সংগীত ব্যৱস্থাপনা কৰিব অৰূপজ্যোতি বৰুৱাই। নাটকখনৰ ৰচনা, পৰিচালনা আৰু পৰিকল্পনা ৰণহাং চৌধুৰীৰ। 

উৎসৱটোৰ এই পঞ্চম পৰ্যায়ৰ সংস্কৰণত ৪খন নাটক পৰিৱেশনৰ উপৰি নাটক, চিনেমা, অভিনয় আৰু এই বিষয়ত সম্পৰ্কিত কলাৰ বিভিন্ন দিশৰ ওপৰত কৰ্মশালাৰ আয়োজন কৰা হ'ব। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে থিয়েটাৰ উৎসাহী বা অনুৰাগীসকলক মুকলি পৰিৱেশত মঞ্চকলাৰ বিষয়ে সজাগ কৰি তোলা আৰু এইক্ষেত্ৰত সম্ভাৱনাৰ দ্বাৰ মুকলি কৰি ক্ষেত্ৰখনৰে জড়িত অভিজ্ঞ ব্যক্তিৰ জৰিয়তে তেওঁলোকক দিহা-পৰামৰ্শ প্ৰদান কৰোৱা আৰু এই মাষ্টাৰক্লাছৰ দ্বাৰা বিভিন্ন দিশৰ অৱতাৰণা কৰা। জনপ্ৰিয় চলচ্চিত্ৰ সম্পাদক ঝুলন কৃষ্ণ মহন্তই সম্পাদনা বিষয়ত পাঠদান কৰিব। কলকাতাৰ অভিক ভট্টাচাৰ্যই বিশ্ব ৰংগমঞ্চ বিষয়ত পাঠদান কৰিব। আনহাতে, নয়ন প্ৰসাদে নাট্য ৰচনাৰ বিষয়ে শিক্ষাদান কৰিব আৰু জিলমিল হাজৰিকা, মহেন্দ্ৰ দাস, ধনঞ্জয় দেৱনাথ আৰু ৰূপজোতি মহন্তই অভিনয় বিষয়ত মাষ্টাৰক্লাছ প্ৰদান কৰিব। উৎসৱৰ আয়োজক ৰণহাং চৌধুৰীয়েও এই উৎসৱত নাট্য কলা বিষয়ত এটা সুকীয়া পাঠ প্ৰদান কৰিব।১ মাৰ্চ (শুকুৰবাৰ) আৰু ২ মাৰ্চ (শনিবাৰ) তাৰিখে প্ৰথম আৰু দ্বিতীয় দিনৰ অনুষ্ঠান অভিজ্ঞানম নাট্যক্ষেত্ৰত আয়োজন কৰাৰ বিপৰীতে ৩ মাৰ্চ (দেওবাৰ) তাৰিখে তৃতীয় দিনাৰ অনুষ্ঠান আই টি এ মাছখোৱাত আয়োজন কৰা হ’ব। অনুষ্ঠানৰ তিনিওটা দিনতেই সকলোৱে আহি নাটসমূহ উপভোগ কৰিব আৰু কৰ্মশালাত অংশগ্ৰহণ কৰি আদিগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ ৰ ৫ম সংস্কৰণক সফল কৰি তুলিব বুলি আয়োজক অভিজ্ঞানমৰ তৰফৰ পৰা আমি কামনা কৰিলোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here