পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱৰ সফলতাৰে দ্বিতীয়টো দিনত পদার্পণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 March 2024

পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱৰ সফলতাৰে দ্বিতীয়টো দিনত পদার্পণ


 

W7s news,,,গুৱাহাটী, ২ মার্চ, ২০২৪: যোৱাকালি আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ ৫ম সংস্কৰণত দৰ্শকৰ ব্যাপক সমাগম দেখা যায়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ সহযোগত অহা ৩ মার্চলৈ অনুষ্ঠিত হ'বলগীয়া পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ আয়োজনৰ বাবে গুৱাহাটী মহানগৰৰ দুটা স্থান বাছি লোৱা হৈছে। ১ আৰু ২ মাৰ্চৰ অনুষ্ঠানৰ বাবে মালিগাঁওস্থিত শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰৰ অভিজ্ঞানম নাট্যক্ষেত্ৰ আৰু ৩ মাৰ্চৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে। উল্লেখ্য যে, গুৱাহাটীৰ মালিগাঁওস্থিত অভিজ্ঞানম নাট্যক্ষেত্রত আয়োজন কৰা হৈছিল উৎসৱৰ প্ৰথম ৪টা সংস্কৰণ।

দ্বিতীয় দিনৰ অনুষ্ঠানৰ আৰম্ভণিতে নাট্য কলা আৰু প্ৰত্যক্ষ দর্শনীৰ লগতে কলাৰ ওপৰত গণমাধ্যমৰ গুৰুত্ব সম্পর্কে দুখন কর্মশালা অনুষ্ঠিত হয়। নয়ন প্রসাদ, মহেন্দ্র দাস, ধনঞ্জয় দেৱ নাথ, অভিক ভট্টাচার্য আৰু ড° কৰে প্ৰথম অধিবেশনটো সফলতাৰে সমাপন কৰাৰ পাছত দ্বিতীয় অধিবেশনৰ আগবঢ়াই নিয়ে আৰ জে হংসৰাজ নামেৰে জনপ্ৰিয় হংসৰাজ বৰপাত্র গোহাঁই আৰু ভাস্কৰ বৰুৱাই। ইয়াৰ পিছতে উইলিয়াম শ্বেক্সপীয়েৰৰ জনপ্রিয় হেমলেট আৰু উৰিপাডিজৰ মেডিয়া নাটকৰ ওপৰত আধাৰিত 'টু কিল অৰ নট টু কিল' মঞ্চস্থ কৰা হয়। দিল্লীৰ অৰ্ণৱ আৰ্টৰ হৈ জিলমিল হাজৰিকাৰ অভিনয়েৰে মঞ্চস্থ হোৱা এই নাটখন পৰিচালনা কৰিছে উজবেকিস্তানৰ ওভলিয়াকুলি খোদজাকুলিয়ে। দিনটোৰ দ্বিতীয়খন নাটক আছিল অভিজ্ঞানমৰ দ্বাৰা পৰিৱেশিত, ৰণহাং চৌধুৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'গান্ধী বনাম গডছে'।অনুষ্ঠানৰ মুকলি দিনটোত ৩০০ৰো অধিক উৎসাহী দর্শকে হোমেন বৰগোহাঁইৰ মৎস্যগন্ধাৰ আধাৰত নির্মিত মেনকা নামৰ প্ৰথমখন নাটক উপভোগ পৰম আগ্রহেৰে উপভোগ কৰে। প্ৰাঞ্জল শইকীয়া, জিলমিল হাজৰিকা, সাৰদা চৌধাৰী, দুর্গা খটিরড়ী, অনুপ হাজৰিকা, অভিক ভট্টাচার্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ সমান্তৰালকৈ অনুষ্ঠানত পৰিবেশ্য কলা ক্ষেত্ৰৰ প্ৰায় ২৫ গৰাকী ছাত্র-ছাত্রীয়েও অংশগ্রহণ কৰে। আয়োজক অভিজ্ঞানমৰ তৰফৰ পৰা প্ৰসিদ্ধ নাট্য সমালোচক অতুল মজুমদাৰলৈ প্ৰয়াত দেৱব্ৰত চৌধুৰীৰ সোঁৱৰণী নাট্য ব্যক্তিত্ব সন্মান ২০২৪ আৰু বৰবিহুৱা ৰন্টু শইকীয়ালৈ প্রয়াত বর্ণালী চৌধুৰীৰ সোঁৱৰণীত প্ৰদান কৰা লোকশিল্প সাধনা সন্মান ২০২৪ আগবঢ়োৱা হয়।৩ মার্চ, দেওবাৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোৰ তৃতীয় দিনা অভিজ্ঞানমে সন্ধিয়া ৬ বজাৰ পৰা 'তৃতীয়' শীর্ষক নাটকখন পৰিৱেশন কৰিব। আন আন নাট্য অভিনেতাৰ লগতে ইয়াত কমল লোচন আৰু অতনু মহন্তই অভিনয় কৰিব আৰু সংগীত ব্যৱস্থাপনা কৰিবঅৰূপজ্যোতি বৰৱাই। নাটকখনৰ ৰচনা, পৰিচালনা আৰ পৰিকল্পনা বণহাং চৌধুৰীৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here