চণ্ডীগড় বিশ্ববিদ্যালয় শ্ৰেষ্ঠ দল.
প্ৰত্যাশা ৰয় শ্ৰেষ্ঠা মহিলা, জেভিয়াৰ মাইকেল ডিছুজা শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ
গুৱাহাটী, ২৯ ফেব্ৰুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি সফল সামৰণি পৰিছে৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ মুকলি মঞ্চত আয়োজিত সামৰণি অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ সংগীত পৰিবেশন তথা আলোকৰ মায়াজালৰ ৰঙীন সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গৰ্লোছা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু৷
আনহাতে, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জমিল হিলালী, ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব প্ৰেম কুমাৰ ঝা আৰু ভাৰতীয় বিশ্ববিদ্যালয়ৰ এছ’চিয়েশ্যনৰ যুটীয়া সচিব বলজিৎ সিং ছেখনো অনুষ্ঠানত উপস্থিত থাকে৷
সামৰণি অনুষ্ঠানত ভাষণ দি ক্ৰীড়ামন্ত্ৰী নন্দিতা গৰ্লোছাই কয়, ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ সফল আয়োজনৰে অসমে আন এক সফলতা লাভ কৰিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ক্ৰীড়াৰ জৰিয়তে যুৱ সৱলীকৰণৰ দৃষ্টিভংগীৰ আধাৰত গঢ়ি উঠা খেলো ইণ্ডিয়াৰ পদক্ষেপ এতিয়া বাৰ্ষিক প্ৰধান অনুষ্ঠানত পৰিণত হৈছে আৰু বিশ্ববিদ্যালয় গেমছৰ চতুৰ্থ সংস্কৰণ সফলতাৰে আয়োজন কৰি অসমে গৌৰৱ অনুভৱ কৰিছে৷’
উল্লেখ্য যে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ চতুৰ্থ সংস্কৰণত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত ২০টা শাখাত ১৬৩খনতকৈও অধিক বিশ্ববিদ্যালয়ৰ ৫০০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷
‘ৰাষ্ট্ৰীয় গেমছ, দক্ষিণ এছিয়ান গেমছ আৰু খেলো ইণ্ডিয়া ইউথ গেমছৰ দৰে বৃহৎ ইভেণ্টসমূহ সফলতাৰে আয়োজন কৰি অসমে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে যদিও শেহতীয়াকৈ অসমত তৃণমূল পৰ্যায়ৰ ক্ৰীড়া ইভেণ্ট খেল মহাৰণ আয়োজন কৰিছে, য’ত ২৭ হেজাৰতকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে আৰু কাইলৈৰ পৰা অসমৰ ছয়খন জিলাত এই খেল মহৰাণৰ ফাইনেল অনুষ্ঠিত হ’ব৷¸ আমাৰ নৱ প্ৰজন্মই ক্ৰীড়াৰ প্ৰতি বহুত বেছি আগ্ৰহী আৰু আমি ভৱিষ্যতৰ বাবে তেওঁলোকক আগুৱাই দিবলৈ সক্ষম হ’ম৷’ শ্ৰীমতী গৰ্লোছাই লগতে কয়৷
অনুষ্ঠানত ভাষণ প্ৰসংগত হিলালীয়ে কয়, ‘মই প্ৰতিযোগিতাৰ আয়োজনত জড়িত অসমৰ সকলোকে আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণক প্ৰশংসা কৰিছো৷ কঠোৰ পৰিশ্ৰমৰ বাবেই আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলোখিনি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলো আৰু খেলসমূহৰ বাবে মানসম্পন্ন আন্তঃগাঁথনি সৃষ্টি কৰিবলৈ সক্ষম হৈছিলো৷’
উল্লেখ্য যে এইবাৰ প্ৰতিযোগিতাত চণ্ডীগড় বিশ্ববিদ্যালয়ে পদক তালিকাৰ শীৰ্ষস্থানত থাকি চেম্পিয়ন ট্ৰফী দখল কৰে৷ অন্তিমদিনা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বক্সাৰে পাঁচটা সোণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰি শীৰ্ষ স্থান নিশ্চিত কৰে৷ বিশ্ববিদ্যায়খনে ৩২ টা সোণ, ১৮ টা ৰূপ আৰু ২১ টা ব্ৰঞ্জসহ মুঠ ৭১ টা পদক লাভ কৰে৷
ইফালে, লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়ে ২০টা সোণ, ১৪টা ৰূপ আৰু জ্জ্বটা ব্ৰঞ্জসহ দ্বিতীয় স্থানত থকাৰ বিপৰীতে গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে ১২ টা সোণ, ২০ টা ৰূপ আৰু ১৯ টা ব্ৰঞ্জৰ সৈতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷
ইফালে, উৎকল বিশ্ববিদ্যালয়ৰ সাঁতোৰবিদ প্ৰত্যাশা ৰয়ে চাৰিটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি গেমছৰ শ্ৰেষ্ঠা মহিলা খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে জৈন বিশ্ববিদ্যালয়ৰ জেভিয়াৰ মাইকেল ডিছুজাই৷ তেওঁ চাৰিটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷
ইফালে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ এথলেটিকছত পাঁচটা নতুন অভিলেখ স্থাপন হয়৷ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বিকাশে পুৰুষৰ ১৫০০ মিটাৰ আৰু জেভেলিন থ্ৰ’ৱাৰ জ্যোতিয়ে [চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়], প’ল ভল্টৰ এম গৌথামে আৰু লং জাম্পাৰ বিষ্ণু [মাদ্ৰাজ বিশ্ববিদ্যালয়] আৰু ৮০০ মিটাৰ দৌৰবিদ অমনদীপ কৌৰে নতুন অভিলেখ গঢ়ে৷
No comments:
Post a Comment