এনই ফ'কাচৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে মহানগৰীৰ নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উত্তৰ পূব পৰ্যটন সমাৰোহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 12 February 2024

এনই ফ'কাচৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে মহানগৰীৰ নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উত্তৰ পূব পৰ্যটন সমাৰোহ

 এনই ফ'কাচৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে মহানগৰীৰ নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উত্তৰ পূব পৰ্যটন সমাৰোহ


।উত্তৰ পূবৰ পৰ্যটন ক্ষেত্রসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য ৰাখি অনুষ্ঠিত হোৱা সমাৰোহ খনত পৰ্যটন ক্ষেত্র আৰু পৰ্যটনৰ লগত সম্পৰ্কিত বিভিন্ন বিষয় আলোচনা হয়। এই সম্পর্কে নৰ্থ ইষ্ট কনক্লেভৰ আয়োজক সংগীতা শইকীয়াই কয় যে পৰ্যটনৰ বিষয়টো এটা বৃহৎ বিষয় বা পৰিসৰ। এই সমাৰোহ খনত পৰ্যটনেই নহয়, পৰ্যটনৰ লগত সম্পৰ্কিত বিষয় সমূহ আলোচনা হয়। 


কিদৰে প্ৰকৃতি সংৰক্ষণ কৰি আৰু সেউজ কৰি ৰাখি পৰ্যটনক প্ৰসাৰ কৰিব পাৰি, গাওবোৰৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত থলুৱা আহাৰ তথা পৰম্পৰাক প্ৰসাৰ কৰি পৰ্যটনস্থলী হিচাপে পৰ্যবসিত কৰিব সেই সম্পর্কে আলোচনা হয়। অৱশ্যে ইয়াৰ বাবে চৰকাৰৰ দীৰ্ঘ ম্যাদী আচনি  গ্ৰহণ কৰাৰ কথা পোষকতা কৰে। 


সমাৰোহ খনত সমল ব্যক্তি হিচাপে ভাৰত চৰকাৰৰ ক্ষেত্ৰীয় সঞ্চালক গুৱাহাটীৰ অনিল ওৰাও, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ মুখ্য বিষয়া উৎপল বৰুৱা, ইনস্টিটিউট অৱ হোটেল মেনেজমেন্টৰ অধ্যক্ষ অমিতাভ দে, হোটেল এন্ড ৰেষ্টুৰা এচচিয়েছনৰ পৰামৰ্শ দাতা ত্ৰিদিপ শৰ্মা, সোণাপুৰ কলেজৰ পৰ্যটন বিভাগৰ প্ৰবক্তা স্বপ্না মেধি, কয়লী  টেভেলচৰ স্বত্বাধিকাৰী অৰিজিত পুৰকায়স্থ, জ্যেষ্ঠ কৃষি বিজ্ঞানী শৰৎ শইকীয়া, এপাৰ্টৰ সমন্বয়ক সঞ্জয় শৰ্মা। তিনিখন পেনেল আলোচনা আঁত ধৰে স্বপ্ননীল বৰুৱা, ৰঞ্জিত দাস আৰু মৌচুম হাজৰিকা, সোণাপুৰ, প্ৰাগজ্যোতিষ কলেজ, কটন কলেজৰ পৰ্যটন বিভাগৰ প্ৰবক্তাৰ লগতে ২০০ৰো অধিক ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here