শিশু কল্যাণ ন্যাস আৰোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত হয়. ড৹ ভৱেন্দ্ৰনাথ শইকীয়া নাট সমাৰোহ। যোৱা ২০, ২১ আৰু ২২ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই নাট সমাৰোহ অনুষ্ঠিত হয়। এই সমাৰোহত বহু চৰ্চিত 'ত্ৰাহি দেৱ দামোদৰ' আৰু 'পাপেট্ছ ফ্ৰম এনাডাৰ প্লে' নাট দুখনৰ লগতে ড৹ ভৱেন্দ্ৰনাথ শইকীয়াৰ দুখন জনপ্ৰিয় নাটক 'ভোজ' আৰু 'পুতলা নাচ' মঞ্চস্থ কৰা হয়। 'পুতলা নাচ' আৰু 'পাপেট্ছ ফ্ৰম এনাডাৰ প্লে' নাট দুখনত অভিনয়ৰ লগতে আন কাৰিকৰী দক্ষতাৰে উজলিল জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ শিক্ষাৰ্থী সকল। দুয়োখন নাটৰ পৰিচালনা কৰিছে বিশিষ্ট অভিনেতা, পৰিচালক, নাট্যকৰ্মী তথা জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ মূৰব্বী অধ্যাপক সঞ্জীৱ বুঢ়াগোহাঁয়ে। 'পুতলা নাচ'ত অভিনয় কৰিছে জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ সহকাৰী অধ্যাপক বিজিত কুমাৰ দাস, দেৱজিত ডেকা, পৰমানন্দ শুকাই আৰু তেজস্বিতা দাসে। সংগীত ব্যৱস্থাপনা অৰিন্দম বৰাৰ। ৰূপসজ্জা ভনীতা ব্ৰহ্মৰ। পোহৰ ব্যৱস্থাপনা আছিল ডিম্পল সঞ্জীৱন কাশ্যপৰ। নাটখনৰ সহকাৰী পৰিচালক আছিল প্ৰত্যুষ ডেকা আৰু হিমাক্ষী চাৰিঙীয়া। 'পাপেট্ছ ফ্ৰম এনাডাৰ প্লে'ত অভিনয় কৰিছে এলিনা বড়ো, গৌৰৱ দাস, বিশ্বজিত শইকীয়া, ডিম্পল সঞ্জীৱন কাশ্যপ, প্ৰাতঃ পৰাশৰ, লুনা শইকীয়া, মৃণ্ময় বৰা আৰু দেৱিকা শইকীয়াই। মঞ্চসজ্জা আৰু পোহৰ ব্যৱস্থাপনা আৰিফউদ্দিন আহমেদৰ। ৰূপসজ্জা প্ৰত্যুষ ডেকাৰ। এই অনুষ্ঠানতে বিশিষ্ট কবি, গীতিকাৰ তথা অনুবাদক দিগন্ত শইকীয়াক ২০২৩ বৰ্ষৰ ড৹ ভৱেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হয়।
Post Top Ad
Responsive Ads Here
Monday, 26 February 2024
ড৹ ভৱেন্দ্ৰনাথ শইকীয়া নাট সমাৰোহত জিলিকিল জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগ*
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment