ধূমপানৰ আশংকা ৰোধ কৰিবলৈ হঠকাৰিতা নহয়, বিজ্ঞান অনুসৰণ কৰক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 February 2024

ধূমপানৰ আশংকা ৰোধ কৰিবলৈ হঠকাৰিতা নহয়, বিজ্ঞান অনুসৰণ কৰক

 

W7s news,,,নতুন দিল্লী, ফেব্ৰুৱাৰী, ২০২৪: ৱাশ্বিংটন ডি.চি. ভিত্তিক থিংক টেংক প্ৰগ্ৰেছিভ পলিচি ইনষ্টিটিউট (পিপিআই)ৰ কাৰ্যবাহী সঞ্চালক লিণ্ডচে মাৰ্ক লুইছে শেহতীয়াকৈ এটা প্ৰবন্ধত ধঁপাত সেৱনে সমাজত কেনেদৰে বিৰূপ প্ৰভাৱ পেলাই আছে তাৰ এক ৰূপৰেখা দাঙি ধৰিছে৷ তেওঁ সমগ্ৰ বিশ্বৰ উদাহৰণ দাঙি ধৰিছে য’ত সফল ধঁপাত নিয়ন্ত্ৰণ নীতি বিজ্ঞানৰ দ্বাৰা সমৰ্থিত আৰু এটা ব্যৱহাৰিক দৃষ্টিকোণৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যিয়ে যথাৰ্থবাদী সমাধানৰ বিষয়ে বিচাৰ-বিবেচনা কৰে৷ ইয়াত তেওঁৰ লেখাৰ এটা উদ্ধৃতি আগবঢ়োৱা হৈছে৷আজি ধঁপাতৰ আসক্তি বিশ্বত এক মহামাৰী হৈয়েই আছে, যাৰ প্ৰভাৱ বিশেষভাৱে এছিয়াত তীব্ৰ হৈয়ে আছে৷ ইয়াক সলনি কৰিবলৈ চৰকাৰী বিষয়াসকলক বিজ্ঞানক হঠকাৰিতাৰ পৰা পৃথক কৰিবলৈ সক্ষম হ’বলৈ প্ৰয়োজনীয়তা হ’ব৷ তেওঁলোকে বুজিব লাগিব যে ধূমপানৰ স্বাস্থ্যজনিত প্ৰভাৱ কম কৰিবলৈ  কিহে কাম কৰে আৰু কিহে নকৰে৷গতিকে, সু-উদ্দেশ্যপূৰ্ণ নীতি নিৰ্ধাৰকসকলে প্ৰজ্ঞা আৰু মূৰ্খামিৰ মাজত  পাৰ্থক্য কেনেকৈ কৰিব পাৰে? সৌভাগ্যক্ৰমে, বিশ্বৰ দেশসমূহে দশক দশক ধৰি ধূমপায়ীসকলক (আৰু ধূমপায়ী হ’বলগীয়া) চিগাৰেটৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি আহিছে – আৰু সেই অভিযানসমূহে বহুত  পৃথক প্ৰভাৱ পেলাইছে৷ কিছুমান অভিযান উল্লেখযোগ্যভাৱে ফলপ্ৰসূ হৈছেঃ ইউকে, আমেৰিকা, নিউজিলেণ্ড, কানাডা আৰু জাপানত ইমানেই হ্ৰাস পাইছে যে হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু  এম্ফিচেমাৰ ক্ষেত্ৰত প্ৰায় অলৌকিকভাৱে হ্ৰাস হোৱা দেখা গৈছে৷ কিন্তু একে সময়তে এছিয়াৰ কেইবাখনো দেশে এই জোৱাৰ ৰোধ কৰিবলৈ সংগ্ৰাম কৰি আহিছে৷ ২০১৯ চনত এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ৪৭ লাখ লোকৰ মৃত্যুৰ বাবে ধঁপাত দায়ী আছিল৷ থাইলেণ্ডত এতিয়াও এক কোটি ধূমপায়ী, ভাৰতত ১০ কোটি ধূমপায়ী আৰু চীনত তাতোকৈ বেছি ধূমপায়ী৷ গতিকে, এই ক্ষেত্ৰসমূহত সফল হোৱা সেই দেশসমূহক ব্যৰ্থতা নিমজ্জিত দেশসমূহৰ পৰা কিহে পৃথক? বিজ্ঞানে আমাক কি শিকাব পাৰে?এইটোতো স্পষ্ট ঃ ৰাষ্ট্ৰীয় পৰিণামৰ পাৰ্থক্যটো নিশ্চিতভাৱে উচ্ছ মানক পালন কৰাত এছিয়াৰ ব্যৰ্থতাৰ পৰা জন্ম হোৱা নাই৷ বৰঞ্চ যিবোৰ দেশৰ আটাইতকৈ বেয়া ফলাফল আহিছে, তাৰ ভিতৰত কেইখনমান হ’ল– থাইলেণ্ড আৰু ভাৰত – উদাহৰণস্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাৰ ‘ফ্ৰেমৱৰ্ক কনভেন্সন অন টোবাকো কণ্ট্ৰ’ল’ বা এফচিটিচিৰ নীতিসমূহ মানি চলিছে৷ কিন্তু ২০ বছৰৰ প্ৰচেষ্টাত থাইলেণ্ডত মাত্ৰ ৰ শতাংশ হ্ৰাস পাইছে আনহাতে আমেৰিকা যি এফ চি টি চিৰ স্বাক্ষৰকাৰীও নহয়  বহুত বেছি সফলতা লাভ কৰিছে৷ নীতি নিৰ্ধাৰকসকলে এইটো বুজিব লাগিব যে এইটো কিয় হৈছে?ওচৰৰ পৰা চালে দেখা যায় যে নীতিৰ সফলতা আৰু বিফলতাক পৃথক কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক সেই স্পষ্টতা যাৰ সৈতে চৰকাৰসমূহে বুজি পায় যে চিগাৰেট খোৱাটোৱেই সমস্যাৰ মূল – এনে এক আচৰণ যাক ধঁপাত সেৱনৰ অন্যান্য ৰূপৰ পৰা পৃথক কৰিব লাগিব৷ এইটো আদৰ্শ হ’ব যদিহে নীতি নিৰ্ধাৰকসকলে ধূমপায়ীসকলক ধঁপাত আৰু নিকোটিন সেৱন সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিবলৈ পতিয়ন নিয়াব পাৰে৷ কিন্তু যিমানদূৰ কিছুমান মানুহে ধঁপাতত থকা নিকোটিন সেৱনৰ অভ্যাসক এৰিবলৈ অসমৰ্থ, ধূমপায়ীসকলক ই-চিগাৰেট বা অন্যান্য অদহনীয় বিকল্পলৈ সলনি কৰিবলৈ উৎসাহিত কৰাৰ এতিয়াও ব্যাপক স্বাস্থ্যজনিত লাভ আছে৷ আৰু সেইটোৱেই এফচিটিচিৰ সমস্যা৷ ই দেশসমূহক চিগাৰেটৰ বিকল্প নিষিদ্ধ কৰিবলৈ উৎসাহিত কৰাৰ কাম কৰে৷ দৰাচলতে বিশ্ব স্বাস্থ্য সংস্থাই এনে এক নীতি গ্ৰহণ কৰিছে যিয়ে দেশসমূহক হাওফাওৰ কৰ্কট আৰু  এম্ফিচেমাৰ মহামাৰীক বিফল কৰিবলৈ উপলব্ধ আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলাটো নিষিদ্ধ কৰিবলৈ উৎসাহিত কৰিছে, যিটো লক্ষিত, কিন্তু বিশ্বব্যাপী সংকট হৈয়েই আছে৷পাৰ্থক্য বিবেচনা কৰক৷  ইউকেই শেহতীয়াকৈ ‘শ্বোৱাপ টু ষ্টপ’’ নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে, যাক স্পষ্টভাৱে নিকোটিন আসক্তসকলক চিগাৰেটৰ পৰা দূৰ কৰিবলৈ  ডিজাইন কৰিছে – আৰু এই কাৰ্যসূচীয়ে চিগাৰেট সেৱন হ্ৰাস কৰাত ব্ৰিটেইনৰ সফলতাত অৰিহণা যোগাইছে৷ ইয়াৰ বিপৰীতে থাইলেণ্ড আৰু ভাৰতে ই-চিগাৰেট নিষিদ্ধ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বৰ হঠকাৰি উপদেশক আকোঁৱালি লৈছে আৰু তথাপিও দুয়োখন দেশতে ধূমপান এক বদ্ধিৰ্ত সমস্যা হৈয়ে আছে৷ সহঃসম্বন্ধ কাৰ্যকাৰক নহ’বও পাৰে, যিদৰে বহু গৱেষকে জনসাধাৰণক সঘনাই সোঁৱৰাই দিয়ে৷ কিন্তু, এই ক্ষেত্ৰত বিজ্ঞানে এটা সন্মোহক ব্যাখ্যা আগবঢ়াইছে৷ নীতি নিৰ্ধাৰকসকলক লোকচান কম কৰাৰ পূৰ্বে হঠকাৰিতা গ্ৰহণ কৰিবলৈ প্ৰৰোচিত কৰা হৈছে৷ এই সপোনত অটল থকাতকৈ যে চকুৰ আঁতৰ হ’লেই নিকোটিন ত্যাগ কৰি পেলাব তাতকৈ উত্তম হ’ব লাখ লাখ লোকে এনে সামগ্ৰীৰ সেৱন কৰক, যিবোৰৰ পৰা মৃত্যুৰ সম্ভাৱনা বহুত কম হয়৷আজি বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল সকলোৱে এই কথাৰ চিন্তা-চৰ্চা কৰি আছে যে এই সমস্যাক কেনেদৰে নিষ্পাদন কৰিব পাৰি৷ তেওঁলোকে ইংলেণ্ড আৰু অন্যান্য ঠাইত প্ৰদৰ্শিত সফল মডেলসমূহ অনুসৰণ কৰিবনে – বা বেলেগ পথ অনুসৰণ কৰিবলৈ পতিয়ন যাবনে? এই ক্ষেত্ৰত ভাল খবৰটো হ’ল আমাৰ হাতত লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰাত সক্ষম সঁজুলি উপলব্ধ৷ কিন্তু সেইবোৰ ব্যৱহাৰ কৰিবলৈ – ২০৩৫ চনৰ ভিতৰত দহনীয় চিগাৰেটৰ ব্যৱহাৰ বন্ধ কৰাৰ সম্পূৰ্ণ প্ৰাপ্য লক্ষ্য পূৰণ কৰিবলৈ – চৰকাৰসমূহে জ্ঞানক ভাষণৰ পৰা পৃথক কৰিব লাগিব৷ আধুনিক উদ্ভাৱনৰ অলৌকিকতাৰ দ্বাৰা ধূমপায়ীসকলে চিগাৰেট, চিগাৰ, পাইপতকৈ ৯৫শতাংশ কম ক্ষতিকাৰক সামগ্ৰীৰে নিজৰ নিকোটিনৰ আসক্তি সমাধান কৰিব পাৰে৷ বিশ্বৰ নীতি নিৰ্ধাৰকসকলে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰাটো প্ৰায় নিশ্চিত পথ অনুসৰণ কৰাৰ সাহস দেখওৱাটো প্ৰয়োজন৷সমগ্ৰ দক্ষিণ এছিয়াৰ স্বাস্থ্য নীতিৰ নেতাসকলে বিজ্ঞানক আকোঁৱালি ল’ব লাগে আৰু প্ৰস্তাৱিত হঠকাৰিতা নিষেধাজ্ঞাৰ বিৰুদ্ধে দহনীয় চিগাৰেটৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে বিশ্বব্যাপী মিত্ৰতাত যোগদান কৰা উচিত৷ যদি ডব্লিউ এইচ অ’ই সঁচাকৈয়ে ধূমপানৰ সংকটৰ অন্ত পেলাব বিচাৰে তেন্তে  ধূম্ৰপায়ীসকলক চিগাৰেটৰ পৰা আঁতৰাই আনিবলৈ উদ্ভাৱনীমূলক নতুন সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব৷ মালদ্বীপ দ্বীপপুঞ্জ, ভূটান, শ্ৰীলংকা আৰু বাংলাদেশৰ নেতাসকলে এই অঞ্চলটোক ব্ৰিটেইন, আমেৰিকা আৰু জাপানৰ সৈতে যোগ দি ধূমপায়ীসকলক বৈজ্ঞানিকভাৱে কম ক্ষতিকাৰক নিকোটিন যন্ত্ৰলৈ সলনি কৰাত সহায় কৰিব পাৰে৷ থাইলেণ্ড আৰু ভাৰতত ধঁপাত নিয়ন্ত্ৰণৰ বিফলতাৰ বাবে এই সামগ্ৰীসমূহ নিষিদ্ধ কৰা হৈছে৷ আপোনাৰ অঞ্চলৰ প্ৰাপ্তবয়স্ক ধূমপায়ীসকলে ইয়াতকৈ ভাল পোৱাৰ যোগ্য৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here