পহিলা মাৰ্চত অনুষ্ঠিত হ’ব চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 27 February 2024

পহিলা মাৰ্চত অনুষ্ঠিত হ’ব চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে

 



W7s news গুৱাহাটী: পহিলা মাৰ্চ গুৱাহাটীৰ আই টি এ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ ত্ৰয়োদশ সংস্কৰণৰ বহু প্ৰত্যাশিত গ্ৰেণ্ড ফিনালে। এই কথা ঘোষণা কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানটোৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে। 


উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ এই সৰ্ববৃহৎ ফেশ্বন প্ৰতিযোগিতাখনলৈ টাইটেল স্পনছৰ হিচাপে চেট ৱেট, ষ্টাইল সহযোগী হিচাপে কিলাৰ জিন্স, ফেশ্বন সহযোগী হিচাপে বাটাৰফ্লাই ক্লথিং এণ্ড এক্সেচৰিজ আৰু আতিথ্য সহযোগী হিচাপে হোটেল ডায়েস্কো অলে এলোৱে সহযোগিতা আগবঢ়াইছে। 


চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ ত্ৰয়োদশ সংস্কৰণৰ ঘোষণাত মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিংহাই উত্তৰ-পূৰ্বাঞ্চলৰ বহু প্ৰত্যাশিত অনুষ্ঠানটো পুনৰ অনুষ্ঠিত কৰাক লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ কয়, “উত্তৰ-পূবৰ এই বহু প্ৰত্যাশিত অনুষ্ঠানটো আমি পুনৰবাৰ অনুষ্ঠিত কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ছেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ আটাইতকৈ অনন্য দিশটো হ’ল ইয়াত এগৰাকী বিজয়ীৰ বিপৰীতে তিনিগৰাকী বিজয়ী থাকিব! পৰম্পৰাগত প্ৰতিযোগিতাৰ দৰে ৰানাৰ্ছ আপ নাথাকিব; ইয়াৰ পৰিৱৰ্তে আমি তিনিওগৰাকী বিজয়ীক সমানে সন্মানিত কৰিম আৰু একেধৰণৰ পুৰস্কাৰ প্ৰদান কৰিম। মেগা এণ্টাৰটেইনমেণ্টৰ লক্ষ্য হৈছে প্ৰতিগৰাকী যুৱকক ইতিবাচক পৰিৱৰ্তনৰ অনুঘটক আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ আইকন হিচাপে আত্মপ্ৰকাশ কৰাৰ সমান সুযোগ প্ৰদান কৰা।’’


সংবাদমেলৰ সময়ত অভিজিত সিংহাই এই কথাও প্ৰকাশ কৰে যে এই প্ৰতিযোগিতাৰ বিজয়ীসকলৰ ভিতৰত এগৰাকীক চলিত বৰ্ষৰ শেষৰ ফালে তুৰস্কত অনুষ্ঠিত হ’বলগীয়া সুপৰিচিত টপ মডেল অৱ দ্য ইউনিভাৰ্ছ অনুষ্ঠানলৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হ’ব। তেওঁ কয়, ''প্ৰতিযোগিতাখনৰ পূৰ্বৰ বিজয়ীসকলে গোলকীয় মঞ্চত ভাৰতক সফলতাৰে প্ৰতিনিধিত্ব কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাখনে মূলতঃ উত্তৰ-পূব ভাৰতৰ ব্যতিক্ৰমী প্ৰতিভাক প্ৰতিনিধিত্ব কৰিলেও আমাৰ লক্ষ্য হৈছে আমাৰ বিজয়ীসকলক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ আগবঢ়াই নিয়া আৰু তেওঁলোকৰ দক্ষতা আৰু সামৰ্থ্যক সমগ্ৰ বিশ্বৰ দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰা।’’


মেগা এণ্টাৰটেইনমেণ্টৰ সৈতে ব্ৰেণ্ড অংশীদাৰিত্বৰ বিষয়ে প্ৰকাশ কৰি, মাৰিকো লিমিটেডৰ মুখ্য বিপণন বিষয়া সোমাশ্ৰী বোস অৱস্থীয়ে কয়, "হেয়াৰ ষ্টাইলিং শিতানৰ এটি শীৰ্ষস্থানীয় নাম হিচাপে ছেট ৱেট ভাৰতৰ যুৱসমাজৰ মাজত ধাৰাবাহিকভাৱে হেয়াৰ ষ্টাইলিং সম্পৰ্কীয় কথা-বতৰাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। এক স্থায়ী প্ৰথম প্ৰভাৱ সৃষ্টি কৰা আৰু পলকতে সাজু হৈ উঠিব পৰা অনুভৱ সৃষ্টি কৰাৰ ক্ষেত্ৰত  হেয়াৰ ষ্টাইলিঙৰ ভূমিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চলি অহা ব্ৰেণ্ডটোৰ এই যাত্ৰাত ছেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০২৪ এক ৰোমাঞ্চকৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। আমাৰ বাৰ্তা #ApniHairStyleHiApniVibeHai'ক শিপামূল হিচাপে লৈ আৰম্ভ কৰা এই সহযোগিতাই কেৱল প্ৰতিযোগীসকলৰেই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ প্ৰিয় গ্ৰাহকসকলৰো সাজ-সজ্জাৰ অভিজ্ঞতা উন্নত কৰিবলৈ সাজু হৈছে। আজিৰ যুৱসমাজৰ ষ্টাইল উন্নত কৰাৰ উদ্দেশ্যে ছেট ৱেটৰ তৰফৰ পৰা হেয়াৰ ষ্টাইলিং জেল, ৱেক্স, স্প্ৰে, হেয়াৰ পাউডাৰ, আৰু পাৰফিউম আদিকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰীৰ এক সম্পূৰ্ণ পৰিসৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ দ্বাৰা, আমি আজিৰ প্ৰজন্মৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো আৰু আমি উত্তৰ-পূবৰ লগতে আন আন অঞ্চলতো হেয়াৰষ্টাইলিঙৰ এক নতুন যুগ গঢ়ি তুলিবলৈ আশাবাদী হৈ আছোঁ।" 


ফেশ্বন উদ্যোগী অভিজিত সিংহাৰ পৰিকল্পনাৰে অনুষ্ঠিত মেগা মিষ্টাৰ নৰ্থ- ইষ্টৰ প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেইনমেণ্টে আৰু অনুষ্ঠানটোৰ প্ৰচাৰ কৰিছে মেগা এক্টিভেচনে।


এই প্ৰতিযোগিতাখনিৰ তিনিগৰাকী বিজয়ীয়ে ৫০,০০০ হাজাৰ টকাৰ নগদ পুৰস্কাৰ লাভ কৰাৰ সমান্তৰালভাৱে ছেট ৱেটৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ সুযোগ লাভ কৰিব। তদুপৰি, বিজয়ীসকলে ভ্ৰমণৰ সুযোগ, মেগা এণ্টাৰটেইনমেণ্টৰ পৰা পেছাদাৰী প্ৰতিনিধিত্ব, বিভিন্ন ব্ৰেণ্ডৰ সৈতে যোগাযোগ, শ্বুট, যুৱ আৰু ফেশ্বন অনুষ্ঠানত উপস্থিতিৰ সুযোগৰ লগতে লাইফ্‌ছ পাৰ্পলৰ সৌজন্যত তেওঁলোকৰ বৰ্তমানৰ কাৰ্য্যকালত জনসংযোগ আৰু সুনাম ব্যৱস্থাপনা সেৱা লাভ কৰিব।


মূল বিজয়ীসকলৰ উপৰিও প্ৰতিযোগীসকলে চেট ৱেট মিষ্টাৰ ভাইব চেটাৰ, হোটেল ডায়েস্কো অলে এলো মিষ্টাৰ কংগনিয়ালিটি, কিলাৰ জিন্স মিষ্টাৰ ফেশ্বন আইকন আৰু বাটাৰফ্লাই মিষ্টাৰ ষ্টাইল আইকনকে ধৰি কেইবাটাও উপ-খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।


ইফালে, শীৰ্ষ ৫ গৰাকী প্ৰতিযোগীয়ে শ্বিলংস্থিত দ্ৰুতগতিত সম্প্ৰসাৰিত ব্ৰেণ্ড বাটাৰফ্লাই ক্লথিং এণ্ড এক্সেচৰিজৰ পোছাক প্ৰদৰ্শন কৰিব। উল্লেখ্য যে, ষ্ট্ৰেনিউছলেণ্ড মাৰ্ৱেইন আৰু ৰিশ্বন পাৰিয়াটে প্ৰতিষ্ঠা কৰা বাটাৰফ্লাই ক্লথিং এণ্ড এক্সেচৰিজে উদ্ভাৱনীমূলক ডিজাইন আৰু মানসম্পন্ন কাৰুকাৰ্য্যৰ বাবে একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।


অনুষ্ঠানটোৰ আনুষ্ঠানিক জনসংযোগ অংশীদাৰ হৈছে গুৱাহাটীস্থিত সুনাম ব্যৱস্থাপনা পৰামৰ্শদাতা লাইফ্‌ছ পাৰ্পল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here