খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ ২০২৩ ক ক্ৰীড়াৰ প্ৰৱেশদ্বাৰ হিচাপে প্ৰশংসা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 February 2024

খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ ২০২৩ ক ক্ৰীড়াৰ প্ৰৱেশদ্বাৰ হিচাপে প্ৰশংসা

  খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ ২০২৩ ক ক্ৰীড়াৰ প্ৰৱেশদ্বাৰ হিচাপে  প্ৰশংসা


কৰে কমনৱেলথ স্বৰ্ণ পদক বিজয়ী আৰু অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়াই



সমাগত খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ ২০২৩ । খেল’ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছক ৰাজ্যত আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । ইয়াৰ মাজতে অৰ্জুন বঁটা প্ৰাপক আৰু কমনৱেলথ স্বৰ্ণ পদক বিজয়ী গোলাঘাট জিলাৰ সৰুপথাৰৰ বাসিন্দা নয়নমণি শইকীয়াই এই ক্ৰীড়া প্ৰতিযোগিতাখনৰ প্ৰতি উৎসাহ আৰু সমৰ্থন আগবঢ়়াই তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰে ।  ভাৰোত্তোলন আৰু লন্ ব’লৰ দৰে  ক্ৰীডাত জয়লাভ কৰি  আমাৰ যুৱপ্ৰজন্মক ভৱিষ্যতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছৰ দৰে প্লেটফৰ্মে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । 

নয়নমণিয়ে লগতে কয়, "খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছে প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমী যুৱক-যুৱতীক তেওঁলোকৰ ক্ৰীড়া যাত্ৰাত সমৃদ্ধি আৰু অগ্ৰগতিৰ বাবে এক অভূতপূৰ্ব মঞ্চ প্ৰদান কৰে । এনে ধৰণৰ পদক্ষেপৰ বাবে এগৰাকী খেলুৱৈ হিচাপে, মই সকলো অংশগ্ৰহণকাৰীক প্ৰতিযোগিতাৰ বাবে শুভকামনা জনাইছো।"

অসমৰ গৌৰৱান্বিত ক্ৰীড়া ঐতিহ্য আৰু ৰাজ্যত আয়োজন কৰা ক্ৰীড়়া প্ৰতিযোগিতাৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি শইকীয়াই মন্তব্য কৰে, "অসমত আয়োজিত এই ক্ৰীড়া প্ৰতিযোগিতাই মোক অভিভূত কৰিছে । মই গৌৰৱ অনুভৱ কৰিছো । ক্ৰীড়া ক্ষেত্ৰত আমাৰ ৰাজ্যৰ এই বৰ্ধিত গুৰুত্বই আমাৰ প্ৰতিভাশালী খেলুৱৈসকলৰ বাবে ৰাষ্ট্ৰীয় মঞ্চত সুনাম  অৰ্জন কৰিবলৈ সুযোগ প্ৰদান কৰিব ।"


কমনৱেলথ গেমছ ২০২২ ত নয়নমণি শইকীয়াই সকলো বাধা নেওচি তেওঁ কষ্ট আৰু অধ্যাবসায়েৰে স্বৰ্ণ অৰ্জন কৰি নিজৰ ৰাজ্যখনৰ লগতে ৰাজ্যৰ ক্ৰীডাবিদসকলৰ বাবে এক আদৰ্শ বহিচাপে পৰিগণিত হৈছিল ।  তেওঁ অভজ্ঞতাৰ কথা সুঁৱৰি কয় , "২০০৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ আগলৈকে অসমত লন ব’লৰ বিশেষ গুৰুত্ব  নাছিল, ই আমাৰ ৰাজ্যখনক দেশৰ স্বীকৃতি লাভ কৰাৰ বাবে ক্ৰীড়াৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছিল।"

শইকীয়াই তেওঁক SAI য়ে দিয়া সমৰ্থনৰ কথা উল্লেখ কৰি কয়, "এগৰাকী প্ৰাক্তন ভাৰোত্তোলন খেলুৱৈ হিচাপে মই অসমত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (এছ.এ.আই) নিৰ্দেশনাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো । ২০০৭ চনত পিঠিত মই আঘাত পোৱাৰ স্বত্বেও, মই মোৰ লক্ষ্যত অটল আছিলো ।  লন্ ব’লত ক্ৰীড়াত মোৰ যাত্ৰা আৰম্ভ কৰিবলৈ ২০০৮ চনলৈ মই অপেক্ষা কৰিছিলো। এছ.এ.আই.-য়ে সমৰ্থনত মই মোৰ শৰীৰৰ আঘাতৰ লগতে সকলো বাধা অতিক্ৰম কৰি ক্ৰীড়াত মোৰ অংশগ্ৰহণৰ বাবে নিষ্ঠাৰে প্ৰস্তুত হ'বলৈ সক্ষম হৈছিলো।"


খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছৰ দৰে ক্ৰীড়া প্ৰতিযোগিতাৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত শইকীয়াই গুৰুত্ব আৰোপ কৰি কয়, "অসমৰ সু-সন্তান লাভলিনা বৰগোহাঁইনৰ দৰে দক্ষ খেলুৱৈৰ অংশগ্ৰহণে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত ৰাজ্যৰ গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । এনে ধৰণৰ প্ৰতিযোগিতাই প্ৰতিভাৰ বিকাশ আৰু লক্ষ্যপ্ৰাপ্তিৰ বাবে এক বৃহৎ মঞ্চ প্ৰদান কৰে।"

অসমত ক্ৰীড়াৰ অংশগ্ৰহণ আৰু সফলতাৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰি, শইকীয়াই কয়, "খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছৰ দৰে পদক্ষেপে কেৱল প্ৰতিভাৰ প্ৰতিপালনই লগতে ৰাজ্যখনলৈ স্বীকৃতিও কঢ়়িয়াই আনিছে । 


খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছৰ চতুৰ্থ সংস্কৰণৰ বাবে, শইকীয়াই খেলুৱৈসকলক, বিশেষকৈ অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক তেওঁৰ সমৰ্থন আৰু অভিবাদন জনাইছে ।  তেওঁ কয়, "মই অধীৰ আগ্ৰহেৰে অসমৰ খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আৰু তেওঁলোকৰ সৈতে পৰৱৰ্তী প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাক অনুপ্ৰাণিত কৰিবলৈ অপেক্ষা কৰি আছো।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here