নৰ্থ ইষ্ট আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয়: - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 February 2024

নৰ্থ ইষ্ট আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয়:

 


ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ অধীনত 'ৰয়েল গ্লৱেল ইউনিভাৰ্চিটি' ত অনুষ্ঠিত ৩৭ সংখ্যক উত্তৰ-পূৱ মাণ্ডলিক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ  বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰিছে । সৰ্বমুঠ ২৫ টা পুৰস্কাৰেৰে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱত স্বৰ্ণপদক বিজয়ীসকলক লৈ গঠিত হোৱা দলটি বিশ্ববিদ্যালয় খনৰ ছাত্ৰকল্যান সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু ড. দেৱশীষ শইকীয়া ৰ নেতৃত্বত যোৱা দলটিয়ে চাৰুকলা বিভাগৰ স্পট পেইন্টিং, কোলাজ, পোষ্টাৰ ,কাৰ্টুনিং ৰঙ্গলী,স্পট ফটোগ্ৰাফী ,ইনষ্টলেচন ,সাহিত্য বিভাগৰ কুইজ,

সংগীত বিভাগৰ শাস্ত্ৰীয় কণ্ঠ (একক), শাস্ত্ৰীয় বাদ্যযন্ত্ৰ (একক) ,নন পাৰ্কাচন, লঘু কণ্ঠ ভাৰতীয়, পশ্চিমীয়া কণ্ঠ (একক) , পশ্চিমীয়া সমবেত সংগীত ,ফক অৰ্কেষ্ট্ৰা, নৃত্য বিভাগৰ একক শাস্ত্ৰীয় নৃত্য, থিয়েটাৰ শাখাত একাংক নাট ,স্কিট, মাইম , মিমিক্ৰিৰ লগতে চাৰু কলা বিভাগ আৰু থিয়েটাৰ বিভাগৰ চেম্পিয়ন দল ,সাংস্কৃতিক শোভাযাত্ৰা - ২য় আৰু শ্ৰেষ্ঠ দল আৰু নৃত্য বিভাগত তৃতীয় শ্ৰেষ্ঠ দল  বিশ্ববিদ্যালয় খিতাপ অৰ্জন গৌৰৱ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে মাৰ্চ মাহত পাঞ্জাব কৃষি বিশ্ববিদ্যালয়ত হবলগীয়া সৰ্বভাৰতীয় পৰ্য্যায়ৰ যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজয়ী দলটোৱে অংগ্ৰহণ কৰিব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাফল্যত উপাচাৰ্য প্ৰতাপজ্যতি সন্দিকৈ , পঞ্জীয়ক হেমন্ত কুমাৰ নাথ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে বিশ্ববিদ্যালয়ৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা বাবে দলটোক শুভেচ্ছা তথা ধন্যবাদ জনায়।স্মৰ্তব্য যে শ্ৰেষ্ঠ বিশ্ববিদ্যালয় শাখাত কটন বিশ্ববিদ্যালয় দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় আৰু ডিব্ৰগড় বিশ্ববিদ্যালয়ে তৃতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় খিতাপ অৰ্জন কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here