জিএনআৰচি ছয়মাইলৰ ১৭ সংখ্যক প্রতিষ্ঠা দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 February 2024

জিএনআৰচি ছয়মাইলৰ ১৭ সংখ্যক প্রতিষ্ঠা দিৱস পালন

 "সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি" বিবিঙোৱাৰ লক্ষ্যৰে জিএনআৰচিৰ জয়যাত্ৰা অব্যাহত


২০০৮ চনৰ পৰা এতিয়ালৈকে জিএনআৰচি ছয়মাইল শাখাত ৫.৭০.৪৪৭ জন বোধী বহিঃবিভাগত, ৭৩,০২০ জন ৰোগী অন্তঃবিভাগত, ৩০,০০০ ৰোগীৰ অস্ত্রোপচার, ৫,৫০০ ৰোগীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা লাভ কৰাৰ লগতে ৫৮.৪২৪। জৰুৰীকালীন তথা আঘাতপ্রাপ্ত ৰোগীৰ ভিতৰত ৩১.২৩৭জন ৰোগীয়ে বিনামূলীয়া ২৪ ঘন্টীয়া চিকিৎসা সেবা লাভ কৰিছে।


 সমূহ ৰাইজলৈ নিবচ্ছিন্নভাৱে চিকিৎসা সেবা আগবঢ়াই অহা ছুপাৰ স্পেডিয়েলিটী চিকিৎসা প্রতিষ্ঠান জিএনআৰচিৰ ছয়মাইল


 W7s গুৱাহাটী :  উত্তৰ-পূবা ভূলৰ চুপাৰ স্পেচিয়েলিটি চিএনঙ্গানটি হাস্পতালে অসম তথা উত্তৰ পূর্বাঞ্চলৰ শাখাই আজি সফলতাৰে ১৭তম বর্ষত ভৰি দিলে। সেয়েছে ১৭ সংখ্যক প্রতিষ্ঠা দিবস উপলক্ষে আছি নেডফি কনভেনছন চেন্টাৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্রতিষ্ঠা দিৱস অনুষ্ঠানত অসমৰ সমাজ জীবনলৈ উল্লেখনীয় অৱদান আগবঢ়াই অহা তিনিগৰাকী অগ্রণী ব্যক্তিক জিএনআৰচি পৰিয়ালৰ তৰফৰ পৰা সম্মান জনোবা হয়। এই তিনিগৰাকী অতিথি ক্রমে- এ এম টেলিভিছন এণ্ড প্রাইভেট লিমিটেডৰ অধ্যক্ষ সঞ্জীৱ নাৰায়ণ, ইণ্ডিয়া টুডে আলোচনীৰ কার্যবাহী সম্পাদক তথা ইণ্ডিয়া টুডে নর্থ-ইষ্টৰ সম্পাদক কৌশিক ডেকা আৰু প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। অনুষ্ঠানটিত উপস্থিত থাকি ব্যয়সাধ্য স্বাস্থ্য অচিনি আৰু জিএনআৰচি গ্রুপ অব হাস্পতালৰ প্রতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাই কয় যে 'সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিয়োবাৰ জিএনআৰচি যি উদ্দেশ্য, সেই উদ্দেশ্য সাফল্যমণ্ডিত কৰি তোলাত ৰাইজৰ লগতে মোৰ সহকর্মী আৰু সংবাদ মাধ্যমৰ অৱদানৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আমি জিএনআৰচি হাস্পতালত প্রতিগৰাকী ৰোগীয়ে গুণগত মানসম্পন্ন চিকিৎসা সেরা লাভ কৰাত সদায় বিশেষ গুৰুত্ব দি আহিছো। বিগত ১৬ বছৰে জিএনআৰচি হাস্পতালৰ পৰা চিকিৎসা সেৱা লাভ কৰা ৰোগীসকল, ৰাইজ, চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তি আৰু চৰকাৰৰ পৰাও আমি প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছো। সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ জিএনআৰচি হাস্পতালে অহৰহ অত্যাধুনিক কাৰিকৰী পদ্ধতিসমূহ অবলম্বন কৰাৰ লগতে কর্মচাৰীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে নিয়মিত প্রশিক্ষণ দি আহিছো। সেয়েহে জিএনআৰচিয়ে সকলোৰে বাবে স্বাস্থ্য সকলোরে মুখত হাঁহি বিবিতোবার উদেশ্য সফল কৰিবলৈ আজিৰ এই প্রতিষ্ঠা দিৱসত প্রতিশ্রুতিবদ্ধ হৈছো।জিএনআৰচি হাস্পতাল ছয়মাইল শাখাই সদায় সততা আৰু ৰোগীৰ ক্ষেত্রত স্বচ্ছ আৰু নিকা তথ্যৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা সেবা প্রদানত গুৰুত্ব দি আহিছে। চিকিৎসাৰ গুণগত মান বজাই ৰখাৰ লগতে নিয়মীয়াকৈ সকলো বিভাগৰে কার্যকলাপ নিৰীক্ষণ কৰা আৰু ৰোগীৰ স্বাস্থ্যৰ ফলাফলৰ বাবে ৰাষ্ট্রীয় চিকিৎসা আৰু স্বাস্থ্য সেবা প্রদানকাৰী ব'র্ডে (এনএ বি এইছ) আগবঢ়োরা নিয়মসমূহ নিয়মিত মানি চলা হয়। ২০১৪ চনতে শুভাৰম্ভ কৰা জৰুৰীকালীন তথা আঘাতপ্রাপ্ত আঁচনিৰ যোগেদি এতিয়ালৈকে ৩১ হাজাৰতকৈও অধিক ৰোগীক বিনামূলীয়া চিকিৎসা সেবা প্রদান কৰা হৈছে। ২০০৮ চনৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈ ৬৫,০১৬ জন ৰোগীৰ এম আৰ আই, ১,০৪,৮৩৭ জন ৰোগীৰ চিটাস্কেন, ৩০,০০০ ৰোগীৰ অস্ত্রোপচাৰ কৰা হৈছে। ২০১১ৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা জিএনআৰচি ছয়মাইলৰ মৃগীৰোগ সর্বসেৱা কেন্দ্রৰ যোগেদি ২২,০৭৬জন ৰোগীক চিকিৎসা প্রদান কৰা হৈছে। অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ যোগেদি এতিয়ালৈকে ৫,৫০০জন যোগীক জিএনআৰচি হাস্পতাল ছামাইলত চিকিৎসা প্রদান কৰা হৈছে।

প্রতিষ্ঠা দিৱস অনুষ্ঠানত জিএনআৰচি হাস্পতাল ছয়মাইল শাখাৰ মুখ্য কার্যকৰী বিষয়া ডাঃ মইনুলৰ ৰহমানে উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া আদৰণি ভাষণত জিএনআৰচি হাস্পতালৰ দ্বাৰা আগবঢ়োৱা বিনামূলীয়া আৰু ব্যয়সাধ্য স্বাস্থ্য আঁচনি আৰু চৰকাৰৰে আগবঢ়োৱা আয়ুষ্মান ভাৰত আঁচনিৰ দ্বাৰা ৰোগীক উন্নতমানৰ চিকিৎসা সেৱা প্রদান কৰিবলৈ সক্ষম হোৱাৰ


বাবে অত্যন্ত সুখী বুলি ব্যক্ত কৰে। জিএনআৰচি ছয়মাইল শাখাৰ জ্যেষ্ঠ স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ প্রসেনজিৎ ডেকাই শলাগৰ শৰাইৰ চমু ভাষণত কয় যে 'আজি আমি এই অনুষ্ঠানত উপস্থিত অগ্রণী ব্যক্তিসকলক সম্মান জনাবলৈ সুযোগ পোৱা বাবে কৃতার্থ অনুভব কৰিছো আৰু আমাৰ সমাজখনৰ প্রতি তেওঁলোকৰ অতুলনীয় অৱদানৰ বাবে ধন্যবাদ যাচিছো। আজিৰ আমাৰ এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে মই মোৰ সহকর্মী, সংবাদ মাধ্যম আৰু সমাজৰ প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। জিএনআৰচি পৰিয়ালৰ সকলো সদস্যলৈ তেওঁলোকৰ নিৰৱচ্ছিন্ন সেৱা আৰু সমর্পণৰ মনোভাবৰ বাবে ধন্যবাদ জনাইছো।'সভাৰ আৰম্ভণিতে অংগৰিকা আয়ুসী বৰাই এটি বৰগীত পৰিবেশন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here