৮ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে দিল্লীত আয়োজন বিবিধতা কা অমৃত মহোৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 February 2024

৮ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে দিল্লীত আয়োজন বিবিধতা কা অমৃত মহোৎসৱ

 


W7s news,,,,নতুন দিল্লী চনৰ ৮ৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব উত্তৰ-পূব ভাৰতৰ সমৃদ্ধি উন্মোচন কৰা এক সাংস্কৃতিক উৎসৱ বিবিধতা কা অমৃত মহোৎসৱৰ প্ৰথম সংস্কৰণ। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰৱেশ সকলোৰে বাবে বিনামূলীয়া হ’ব বুলি জানিবলৈ দিয়ে মহোৎসৱ আয়োজকে।উদ্যান উৎসৱ, ২০২৪ৰ অংশৰূপে ৰাষ্ট্ৰপতি ভৱনৰ চৌহদৰ অমৃত উদ্যানত আয়োজন কৰা এই মহোৎসৱখনি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰণালয়ে ইয়াৰ চি পি এছ ই, উত্তৰ-পূব হস্ততাঁত আৰু বস্ত্ৰশিল্প উন্নয়ন নিগম লিমিটেড (এন ই এইচ এইচ ডি চি)ৰ মাধ্যমেৰে আয়োজন কৰিছে ।অহা ৮ ফেব্ৰুৱাৰীৰ পুৱা ১১.১৫ বজাত এই মহোৎসৱ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীয়ে। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব ড’নাৰ, সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী।বিবিধতা কা অমৃত মহোৎসৱৰ এই প্ৰথম সংস্কৰণৰ লক্ষ্য হৈছে পৰম্পৰাগত কলা, শিল্পকলা আৰু সংস্কৃতিৰ সংমিশ্ৰণেৰে উত্তৰ-পূব ভাৰতৰ চহকী বৈচিত্ৰ্যক একেখন মঞ্চৰ জৰিয়তে প্ৰদৰ্শন কৰা।মহোৎসৱৰ প্ৰধান আকৰ্ষণসমূহৰ ভিতৰত আছে-হস্তশিল্প, হস্ততাঁত আৰু কৃষি উদ্যানজাত সামগ্ৰী: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বাবে আবন্টিত ৮ খন বিপণীৰ জৰিয়তে ৩২০ম


গৰাকীৰো অধিক শিপিনী, শিল্পী, কৃষক আৰু উদ্যোগীয়ে এই মহোৎসৱত তেওঁলোকৰ উৎপাদিত থলুৱা সামগ্ৰী প্ৰদৰ্শন কৰিব।সাংস্কৃতিক অনুষ্ঠান: পৰম্পৰাগত নৃত্য, মন্ত্ৰমুগ্ধ পৰিবেশন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য উদযাপনৰ জৰিয়তে এক আকৰ্ষণীয় যাত্ৰাৰ নিশ্চয়তা প্ৰদান কৰিছে এই মহোৎসৱটিয়ে। আঠখন ৰাজ্যৰ ৩৫০ গৰাকীতকৈও অধিক শিল্পীয়ে তেওঁলোকৰ স্বকীয় প্ৰতিভাৰে মহোৎসৱৰ শোভা বৰ্ধন কৰিব। এই অনুষ্ঠানত মেঘালয়ৰ ৱাংগলা নৃত্য, নাগালেণ্ডৰ মুংগাবন্ত নৃত্য, মিজোৰামৰ বাঁহ নৃত্য আৰু অসমৰ বিহু নৃত্যকে ধৰি অসংখ্য পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হ’ব।খাদ্যৰ বিপণী: এই উৎসৱত উত্তৰ-পূব ভাৰতৰ বিবিধ থলুৱা খাদ্যৰ স্বাদ আৰু পৰম্পৰাও প্ৰতিফলিত হ’ব। খাদ্যপ্ৰেমীসকলে মহোৎসৱত খাদ্যৰ বিপণীসমূহলৈ আহি উত্তৰ-পূৰ্বাঞ্চলৰ চহকী খাদ্যৰ স্বাদ লোৱাৰ লগতে খাদ্য পৰম্পৰা হৃদয়ংগম কৰাৰ সুযোগ লাভ কৰিব।অন্যান্য কাৰ্য্যসূচী: কিডছ এক্টিভিটি জ’ন আৰু য়ুথ এংগেজমেণ্ট জ’নকে ধৰি অসংখ্য আকৰ্ষণীয় কাৰ্য্যসূচীয়ে এই মহোৎসৱত দেশৰ যুৱ মনৰ বাবে অভূতপূৰ্ব কাৰ্য্যসূচীত অংশগ্ৰহণৰ এক নতুন পথ প্ৰদান কৰিব। সমান্তৰালভাৱে এই কাৰ্য্যসূচীসমূহে উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ বিষয়ে জানিবলৈ তেওঁলোকক সুযোগ প্ৰদান কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here