খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ - অষ্টলক্ষ্মী 2023 আয়োজন কৰিবলৈ সাজু হৈছে গুৱাহাটী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 7 February 2024

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ - অষ্টলক্ষ্মী 2023 আয়োজন কৰিবলৈ সাজু হৈছে গুৱাহাটী

 

W7S News:


মহানগৰত ভাৰতৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতা । খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ- অষ্টলক্ষ্মী ২০২৩ৰ বাবে সাজু হৈছে ৰাজ্যবাসী। অহা ৮ ফেব্ৰুৱাৰী, ২০২৪ ত‌ খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ- অষ্টলক্ষ্মী ২০২৩  ৰ  ল'গ', প্ৰতীকী, থীম ছং আৰু জাৰ্চীসমূহ  ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী নিশিথ প্ৰমানিকে উদ্বোধন কৰিব।

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী :  মহানগৰত চলিত বৰ্ষৰ ১৯ ৰ পৰা ২৯ ফেব্ৰুৱাৰীত ১০ দিনীয়া কাৰ্যসূচীৰে খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ -অষ্টলক্ষ্মী ২০২৩ৰ চতুৰ্থ সংস্কৰণ আয়োজন কৰা হৈছে ।  এই ক্ৰীড়া প্ৰতিযোগিতাখনে সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়ৰ খেলুৱৈসকলক এক মঞ্চ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ খেলুৱৈসকলক উত্তৰ -পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হʼবলৈ সুযোগ প্ৰদান কৰিব৷ এই  প্ৰতিযোগিতাত সমগ্ৰ দেশৰ ১৬৩ খন বিশ্ববিদ্যালয়ৰ ৫০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব । অহা ৮ ফেব্ৰুৱাৰীত গুৱাহাটীত আয়োজন কৰা এই ক্ৰীড়া প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী শ্ৰী নিশিথ প্ৰমানিকে লʼগʼ, থীম ছং, প্ৰতীকী আৰু জাৰ্চী মুকলি কৰিব ৷ 


খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ - অষ্টলক্ষ্মী 2023 ত ক্ৰীড়া প্ৰতিযোগিতাত, ৰাগবী, বাস্কেটবল, ভলীবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেঞ্চিং, কাবাডী, ফুটবল, টেনিছ, মাল্লাখাম্ব, জুডো, টেবুল টেনিছ, বক্সিং, শ্বুটিং, ভাৰোত্তোলন, আৰ্চাৰী, কুস্তি, আৰু যোগসনকে ধৰি বিভিন্ন ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ৷ এই ক্ৰীড়া প্ৰতিযোগিতাই সমন্বয়ৰ একতা আনিব বুলি আশা কৰা হৈছে ৷ 


খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ:

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ হৈছে ভাৰতৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত ক্ৰীড়া আৰু ফিটনেছৰ প্ৰচাৰৰ লক্ষ্যৰে আয়োজন কৰা এক ক্ৰীড়া অনুষ্ঠান । ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আশা কৰে যে, এই ক্ৰীড়া প্ৰতিযোগিতাই যুৱ খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবৰ বাবে এক মঞ্চ প্ৰদান কৰিব ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here