অভিনেতা যতীন বৰাই উত্তৰ-পূব ভাৰতৰ প্ৰিমিয়াৰ আৰ্কিটেকচাৰ আৰু ডিজাইনৰ মহামেল– বিএআইচি প্ৰদৰ্শনীৰ ঘোষণা কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 9 February 2024

অভিনেতা যতীন বৰাই উত্তৰ-পূব ভাৰতৰ প্ৰিমিয়াৰ আৰ্কিটেকচাৰ আৰু ডিজাইনৰ মহামেল– বিএআইচি প্ৰদৰ্শনীৰ ঘোষণা কৰে

 


ভৱন, স্থাপত্য, আভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ শ্ৰেষ্ঠতম নিদৰ্শনসমূহ প্ৰদৰ্শনৰ বাবে সাজু হৈছে বিএআইচি প্ৰদৰ্শনী


W7s news গুৱাহাটী: অভিনেতা আৰু সমন্বয়ক যতীন বৰা, ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতি, স্থপতিবিদ ৰাণা মহন্ত আৰু নিৰ্মাণ তথা হোটেল ব্যৱসায়ী মৃগাংক হাজৰিকাই ৯ ফেব্ৰুৱাৰীত গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ স্থাপত্য, নিৰ্মাণ সামগ্ৰী, ডিজাইন আৰু কনষ্ট্ৰাকশ্যন- বিএআইচি প্ৰদৰ্শনী মুকলি কৰাৰ কথা ঘোষণা কৰে। 


চলিত বৰ্ষৰ ৯, ১০ আৰু ১১ আগষ্টত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'বলগীয়া এই বিশাল প্ৰদৰ্শনীখনে ভাৰতৰ শীৰ্ষ স্থপতিবিদ, নিৰ্মাণ সামগ্ৰীৰ কোম্পানী আৰু ডিলাৰ, ডিজাইনাৰ, নিৰ্মাতা, পৰামৰ্শদাতা, অভিযন্তা, প্ৰকল্প প্ৰৱন্ধক আৰু চৰকাৰী বিষয়াসকলক একত্ৰিত কৰিব।


প্ৰদৰ্শনীখনৰ বিষয়ে উৎসাহ প্ৰকাশ কৰি বিএআইচিৰ প্ৰতিষ্ঠাপক নেহা মালহোত্ৰাই কয়: "দুটা দশক ধৰি প্ৰদৰ্শনী উদ্যোগত কাম কৰাৰ পিছত, সবাতোকৈ উন্নত সহযোগিতাৰ বাবে সৰ্বশ্ৰেষ্ঠসকলক একত্ৰিত কৰাই মোৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। মই বিশ্বাস কৰোঁ যে এই প্ৰদৰ্শনীখনে এনে ধৰণৰ উল্লেখনীয় কাহিনীবোৰ উন্মোচিত হোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব।"


বিএআইচি -ৰ অৰ্থ হৈছে ভৱন, স্থাপত্য, আভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণ। এই অনুষ্ঠানটোত শীৰ্ষ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্মাতা তথা আন্তঃগাঁথনি উদ্যোগৰ প্ৰতিনিধিসকল একত্ৰিত হ'ব আৰু সকলোৱে সহযোগিতামূলকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশত অৰিহণা যোগাব। এই অনুষ্ঠানে নেটৱৰ্কিং, জ্ঞান-বিনিময়, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ পৰিৱেশত বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা অত্যাধুনিক প্ৰযুক্তিৰ সন্ধানৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব। 


উপস্থিত লোকসকলে বিএআইচিত অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা চক্ৰ, ব্যৱহাৰিক কৰ্মশালা আৰু উদ্যোগটোৰ বিশেষজ্ঞ তথা অভিজ্ঞ নেতৃবৃন্দক লৈ আকৰ্ষণীয় পেনেল আলোচনা ইত্যাদি বিভিন্ন উল্লেখনীয় কাৰ্য্যসূচীৰ সাক্ষী হ’ব পাৰিব। তদুপৰি বিএআইচিয়ে নিৰ্দিষ্ট কৰি দিয়া এটা প্ৰদৰ্শনী এলেকাত আগশাৰীৰ নিৰ্মাতা আৰু সেৱা প্ৰদানকাৰীসকলে তেওঁলোকৰ অত্যাধুনিক সামগ্ৰী তথা সেৱাসমূহ প্ৰদৰ্শন কৰাৰ সুযোগ পাব। এই প্ৰদৰ্শনীস্থানে উদ্যোগৰ পেছাদাৰীসকলৰ বাবে নতুন সমাধান আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত এখন বজাৰ হিচাপে কাম কৰাৰ উপৰি ব্যৱসায়িক অংশীদাৰিত্ব আৰু সহযোগিতাৰ সুবিধাও প্ৰদান কৰিব।


বিএআইচি -ৰ প্ৰতিষ্ঠাপক মালক্ষ্মী সিনহা (মিলি)ই গুৰুত্ব আৰোপ কৰি কয়: “উত্তৰ-পূৰ্বাঞ্চলে দীৰ্ঘদিন ধৰি একেখন মঞ্চৰ অধীনত বহুমুখী সমাধান বিচাৰি আহিছে আৰু এই সামূহিক প্ৰচেষ্টাই নিঃসন্দেহে ইয়াৰ সৈতে জড়িত সকলোৰে বাবে অপৰিসীম সুবিধা কঢ়িয়াই আনিব।”  তেওঁ লগতে কয় যে উত্তৰ-পূব ভাৰতৰ সকলো নিৰ্মাণ সামগ্ৰী নিৰ্মাতা আৰু ডিলাৰ, স্থপতিবিদ, আভ্যন্তৰীণ ডিজাইনাৰ, ঠিকাদাৰ আৰু পৰামৰ্শদাতা, যোগানকৰ্তা, প্ৰকল্প অভিযন্তাৰ লগতে যিসকলে নিৰ্মাণ আৰু আভ্যন্তৰীণ ডিজাইনিঙৰ শেহতীয়া শৈলী অনুসৰি নিজকে উন্নীত কৰিব বিচাৰে তেওঁলোকৰ বাবে এই অনুষ্ঠানটো অতি আৱশ্যকীয়। তদুপৰি, ই প্ৰতিজন  ব্যক্তিক সপোনৰ ঘৰ বনোৱাৰ প্ৰক্ৰিয়াত এক উৎকৃষ্ট সুযোগ প্ৰদান কৰে।


যি এই বিশাল অনুষ্ঠানটোৰ সমন্বয়ক, জনপ্ৰিয় অভিনেতা যতীন বৰাই আগ্ৰহ প্ৰকাশ কৰি এইদৰে কয়: "স্থাপত্য, নিৰ্মাণ সামগ্ৰী আৰু ডিজাইনৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠসকলক একত্ৰিত কৰা এক অনুষ্ঠানৰ অংশ হ'বলৈ পাই মই অতি আনন্দিত হৈছোঁ। এই প্ৰদৰ্শনীখন কেৱল এক প্ৰদৰ্শনী নহয়, বৰং এয়া সৃষ্টিশীল বিনিময় আৰু উদ্ভাৱনৰ বাবে প্ৰস্তুত কৰা এখন মঞ্চ। মই বিশ্বাস কৰোঁ যে এয়া অংশগ্ৰহণকাৰী আৰু দৰ্শনাৰ্থী উভয়ৰে বাবে এক অনন্য অভিজ্ঞতা হ'ব, সহযোগিতা বৃদ্ধি কৰিব আৰু উদ্যোগটোত সৃজনশীলতাই সকলো সীমা অতিক্ৰম কৰি আকাশ চুব।"


প্ৰদৰ্শনীত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত স্নান আৰু অনাময় ব্যৱস্থাৰ পৰা আৰম্ভ কৰি টাইল আৰু চিৰামিক; শোভাবৰ্ধক আৰু স্থাপত্যমূলক আলোকসজ্জা; এয়াৰ কণ্ডিচনাৰ আৰু ফ্ৰীজ; ৰং, কোট আৰু দেৱাল আৱৰণ; ঘৰ আৰু কাৰ্যালয়ৰ অটোমেচন; সুৰক্ষা, নিৰাপত্তা আৰু অগ্নিনিৰ্বাপন; পাকঘৰৰ প্ৰযুক্তি; বৈদ্যুতিক, তাঁৰ আৰু কেবল; আন্তঃৰাষ্ট্ৰীয় আচবাব; হাৰ্ডৱেৰ আৰু ফিটিংছ; চুইচ আৰু চুইচগিয়াৰ; কাঠ, মূল্যৱান আৱৰণ আৰু মজিয়া; লেণ্ডস্কেপ; প্লাম্বিং, পাইপ আৰু ফিটিংছ; ষ্টীল আৰু কংক্ৰিট; প্ৰাকৃতিক আৰু অভিযান্ত্ৰিক কৌশলপূৰ্ণ মাৰ্বল আৰু শিল; গ্লাছ গ্লেজিং আৰু মুখাৱয়ব; আৰু অন্যান্য বহুতো ক্ষেত্ৰৰ বিকল্প লাভ কৰিব।


"এয়া সকলোৰে বাবে আয়োজিত এক অনুষ্ঠান – শিকিবলৈ আগ্ৰহী লোকসকলৰ বাবে, আভ্যন্তৰীণ ডিজাইনৰ প্ৰতি উৎসাহী, পৰামৰ্শদাতা, নিৰ্মাণ, যোগানকৰ্তা, ব্যৱসায়ী আৰু অন্যান্য বহুতৰে বাবে এয়া এক উল্লেখনীয় অনুষ্ঠান। এই ধৰণৰ চিন্তাশীল পদক্ষেপ লোৱাৰ বাবে মই বিএআইচি -ৰ ওচৰত কৃতজ্ঞ। অনুষ্ঠানটোৰ সময়ত যথেষ্ঠ সহযোগিতা আৰু মূল্যৱান আলোচনাৰ সাক্ষ্য বহন কৰিবলৈ মই অতিকৈ উৎসাহী তথা আশাবাদী," প্ৰখ্যাত ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিয়ে এইদৰে কয়। লগতে, এই অনুষ্ঠানৰ জৰিয়তে উৎসাহী ৰাইজে সকলো শেহতীয়া ডিজাইনৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। 


স্থপতিবিদ ৰাণা মহন্তই প্ৰকাশ কৰে যে প্ৰদৰ্শনীখনে নিৰ্মাতা আৰু যোগানকৰ্তাসকলক সাম্ভাব্য ক্ৰেতাৰ সৈতে সংযোগ কৰাৰ বাবে এক বিশিষ্ট মাধ্যম হিচাপে কাম কৰাৰ লগতে সাধাৰণ ৰাইজক তেওঁলোকৰ সপোনৰ ঘৰসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দেখা দিয়া জটিলতাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব। "নিৰ্মাণ খণ্ডৰ বিভিন্ন অংশীদাৰসকলক একত্ৰিত কৰাৰ ক্ষেত্ৰত এই মঞ্চখন অতিকৈ গুৰুত্বপূৰ্ণ। গুৱাহাটীত উদ্বোধনী সংস্কৰণৰ বাবে মই বিএআইচিলৈ শুভেচ্ছা জনাইছোঁ," মহন্তই কয়।


বিএআইচি-য়ে পৃথিৱীৰ বিভিন্ন কোণৰ নেতৃস্থানীয় লোকসকলক একত্ৰিত কৰা হেতু, ই নিঃসন্দেহে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ আৰু আন্তঃগাঁথনিগত উন্নতিত অৰিহণা যোগাব। "এই অনন্য পদক্ষেপৰ অংশ হ'বলৈ পাই মই অত্যন্ত সুখী। উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উদ্যোগৰ সহযোগিতা, জ্ঞান বিনিময়, ব্যৱসায় আৰু সামগ্ৰিক বিকাশৰ বাবে বিএআইচি এখন ভাল তথা উন্নত মঞ্চ হ'ব," নিৰ্মাতা-হোটেল ব্যৱসায়ী মৃগাংক হাজৰিকাই এইদৰে  কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here